/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/afde1c9f-6031-4db1-b390-33e5e989f955/ferry_accident.jpg)
ডিজিটেল ডেস্ক : আজি এবছৰ সম্পূৰ্ণ হ'ল যোৰহাটৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ। নিমাতি ঘাটৰ দুৰ্ঘটনাত দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষত ডুব গৈছিল এখন ফেৰী। যাত্ৰীৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট মজুত নৰখাৰ বাবেই তিনিজন যাত্ৰীয়ে হেৰুৱাব লগীয়া হৈছিল প্ৰাণ। অধ্যাপিকা পাৰমিতা দাস, ডা: বিক্ৰমজিৎ বৰুৱা আৰু ইন্দ্ৰেশ্বৰ দাস নামৰ ব্যক্তি তিনিগৰাকীৰ মৃত্যুৰ পাছতো গা নলৰিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈয়ে আজিও চলি আছে শ শ ফেৰী। ইয়াৰেই পৰিণাম স্বৰূপে কালি নিমাতিঘাতৰ পৰাই কমলাবাৰীৰ গৈ থকা ফেৰীখনত হঠাৎ সোমাই আহে পানী। কথমপি প্ৰাণ ৰক্ষা পৰে ফেৰীখনত যাত্ৰা কৰা লোকসকলৰ।
এই সাম্ভাব্য দুৰ্ঘটনাৰ পৰাৰ পাছতো চৰকাৰৰ অহা নাই কোনো নিৰ্দেশনা। নিমাতীঘাটৰ প্ৰথমটো দুৰ্ঘটনাৰ পাছতেই কেৱল এটা ইঞ্জিন থকা ফেৰী সমূহ চৰকাৰে বন্ধ কৰিবলৈ দিছিল যদিও বৰ্তমানো বিভিন্ন ঠাইত পৰিলক্ষিত হয় এনে ফেৰীৰ।
উল্লেখ্য যে, এতিয়াও মাজুলী-যোৰহাট সংযোগী দলংখন সম্পূৰ্ণ হ'বলৈ বহু বাকী, তেনে স্থলত মাজুলী বাসীৰ যাতায়তৰ মূল সাধন ফেৰী অথবা নাওঁ আৰু আজিও প্ৰাণৰ সংশয়ৰ মাজতেই যাত্ৰা কৰি আছে শ শ লোকে।