‘ছিক্সাৰ সিদ্ধু’ অতীত, নতুন পৰিচয় হ’ব ‘কয়দী সিদ্ধু’

‘ছিক্সাৰ সিদ্ধু’ অতীত, নতুন পৰিচয় হ’ব ‘কয়দী সিদ্ধু’

author-image
asomiyapratidin
New Update
‘ছিক্সাৰ সিদ্ধু’ অতীত, নতুন পৰিচয় হ’ব ‘কয়দী সিদ্ধু’

ডিজিটেল ডেস্ক:

Advertisment

''हर दिन के बाद यहाँ रात होती है,
हार जीत मेरे दोस्त साथ साथ होती है,
कोई कितने भी बनाले हवा में महल
मिलता वही है गुरु जो औकाद होती है.''

এইয়া নৱজ্যোত সিং সিদ্ধুৰ শ্বায়েৰী। সিদ্ধুৱে কোৱাৰ দৰেই লাভ কৰিলে পূৰ্বে কৰি থোৱা কু-কৰ্মৰ ফল। ক্ষমতা অথবা সামাজিক স্থিতি তেওঁৰ আজি যিয়েই নহওক কিয় পূৰ্বে কৰা ভুলৰ শাস্তি অৱশেষত তেওঁ পালে। উচ্চতম ন্যায়ালয়ে আজি পূ্ৰ্বৰ ভাৰতীয় ক্ৰিকেটাৰ নৱজ্যোত সিং সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰাৰ লগতে ১ হাজাৰ টকাৰ জৰিমণাও বিহিলে।

ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতে দ্যা কপিল শৰ্মা শ্ব'কে ধৰি বিভিন্ন টেলিভিচন ৰিয়েলিটি শ্ব'কে ধৰি অন্যান্য অনুষ্ঠানত নিয়মীয়াকৈ অংশগ্ৰহণ কৰি অহা সিদ্ধুৱে প্ৰথমে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিত যোগদান কৰাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগদান কৰি ভাৰতীয় ৰাজনীতিত নিজৰ আন এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এসময়ত ক্ৰিকেটাৰ হিচাপে তেওঁক মানুহে যিমানেই জানিছিল ঠিক একেদৰে আজি ৰাজনীতিবিদ হিচাপেও সিদ্ধুক মানুহে জানে।

আজিৰ এজন পৰাজিত সৈনিক নৱজ্যোত সিং সিদ্ধু কালিলৈকে আছিল পঞ্জাৱৰ এগৰাকী শক্তিশালী মন্ত্ৰী তথা ৰাজনৈতিক নেতা। ক্ষমতাৰেই হওক বা জনপ্ৰিয়তাৰেই হওক অথবা অৰ্থৰ ফালৰ পৰাই হওক সিদ্ধু অতি ক্ষমতাশালী। কালিলৈকে কোনেও ভাবিবই পৰা নাছিল এইগৰাকী নৱজ্যোত সিং সিদ্ধু জে'ললৈ যাব লাগিব। কিন্তু আজি সেইয়াই হ'ল।
৩৪ বছৰীয়া এক পুৰণি গোচৰৰ শুনানি গ্ৰহণ কৰি দেশৰ উচ্চতম ন্যায়ালয়ে আজি নৱজ্যোত সিং সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিলে। লগতে ১ হাজাৰ টকাৰ জৰিমণাও বিহিছে।
১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাটিয়ালাত গাড়ী পাৰ্কিংক কেন্দ্ৰ কৰি এক বিবাদৰ সূচনা হৈছিল। সেই বিবাদৰ সময়ত সিদ্ধু আছিল দেশৰ এগৰাকী তাৰকা ক্ৰিকেটাৰ। তেওঁৰ জনপ্ৰিয়তাও তেতিয়া কম নাছিল। নিৰ্দিষ্ট দিনটোত সিদ্ধুৰ যিগৰাকী ব্যক্তিৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল তেওঁ আন দুজনৰ সৈতে বেংকৰ পৰা টকা উলিয়াবলৈ গৈছিল। পাৰ্কিংৰ সময়ত সিদ্ধুক ভুক্তভোগী ব্যক্তিজনে জিপচীখন আঁতৰাবলৈ কৈছিল আৰু ইয়াকে লৈ দুয়ো পক্ষৰ মাজত বিবাদ আৰম্ভ হৈছিল।এই বিবাদে এসময়ত মাৰপিটৰ ৰূপ লৈছিল। ভুক্তভোগীক সিদ্ধুৱে বেয়াকৈ প্ৰহাৰ কৰিছিল।
২৫ বছৰীয়া সিদ্ধুৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হৈছিল ৬৫ বছৰীয়া গুৰনাম সিং নামৰ বৃদ্ধগৰাকী। ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল সিদ্ধু।ইফালে সিদ্ধুৰ প্ৰহাৰত আহত বৃদ্ধগৰাকীক পৰাৱৰ্তী সময়ত হাস্পতালত মৃত ঘোষণা কৰা হৈছিল। বৃদ্ধজনৰ মৃত্যুৰ কাৰণ আছিল মূৰত পোৱা আঘাত আৰু হৃদযন্ত্ৰৰ স্থিতি।
এই গোচৰত প্ৰথমে সিদ্ধুক দোষমুক্ত হৈছিল যদিও গোচৰীয়া পক্ষই নিম্ন আদালতৰ ৰায়ক হাই ক'ৰ্টত প্ৰত্যাহ্বান জনাইছিল। ফলস্বৰূপে ২০০৬ চনত হাই ক'ৰ্টে সিদ্ধুক ৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। সিদ্ধুৰ লগতে এই ঘটনাৰ লগত জড়িত আন এজন ব্যক্তিকো ন্যায়ালয়ে এই শাস্তি প্ৰদান কৰিছিল। নৰহত্যাৰ বাবে দুয়োকে দোষী সাব্যস্ত কৰা হৈছিল।
হাই ক'ৰ্টৰ এই ৰায়ক আকৌ সিদ্ধুৱে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। ন্যায়ালয়ে সিদ্ধুক ১ হাজাৰ টকাৰ জৰিমণা বিহি দোষী সাব্যস্ত কৰিছিল। গোচৰটোৰ ৰায়ত সন্তুষ্ট নহৈ ভূক্তভোগীৰ পৰিয়ালে গোচৰটো পুনৰীক্ষণৰ বাবে আৱেদন দাখিল কৰিছিল। সেই আৱেদনৰ ভিত্তিত এইবাৰ ন্যায়ালয়ে পূৰ্বৰ সিদ্ধান্ত সলনি কৰি তেওঁক কাৰাদণ্ডৰে দণ্ডিত কৰিছে।
বিতৰ্ক আৰু সিদ্ধু দুয়োটা যেন এটা আনটোৰ পৰিপূৰক। ৰাজনীতিলৈ অহাৰ পূৰ্বে 'ছিক্সাৰ সিদ্ধু' হিচাপে পৰিচিত নৱজ্যোত সিং সিদ্ধুৱে বহু বিতৰ্কৰ সৈতে নিজকে জড়িত কৰিছে। সামান্য এটা ৰসগোল্লাৰ বাবেই সিদ্ধুৱে এসময়ত সতীৰ্থ মনোজ প্ৰভাকৰক প্ৰহাৰ কৰিছিল। কমেণ্ট্ৰী বক্সতো সিদ্ধুৱে সৃষ্টি কৰি থৈছে বহু বিতৰ্ক।
ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত, সিদ্ধু ৰাজনীতিত সক্ৰিয় হৈ পৰিল। তেওঁ ২০০৪ চনত বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত জয়ী হৈছিল। ২০০৯ চনতো তেওঁ দিল্লীলৈ সাংসদ হৈ আহিছিল। ২০১৭ চনৰ জানুৱাৰীত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল এই গৰাকী সিদ্ধু। তেওঁৰ পত্নীও পঞ্জাৱৰ এগৰাকী শক্তিশালী মন্ত্ৰী আছিল।
ভাৰতৰ হৈ ৫১ খন টেষ্ট খেলা নৱজ্যোত সিং সিদ্ধুৱে ৯ টা শতক আৰু ১৫ টা অৰ্ধ শতকৰ সহায়ত ৩২০২ ৰাণ সংগ্ৰহ কৰিছিল। আনহাতে এদিনীয়া ক্ৰিকেটত ১৩৬ খন মেচ খেলি ৬ টা শতক আৰু ৩৩ টা অৰ্ধ শতক কৰি সিদ্ধুৱে মুঠ ৪৪১৩ ৰাণ সংগ্ৰহ কৰিছিল। এসময়ৰ 'ছিক্সাৰ সিদ্ধু' হিচাপে পৰিচিত নৱজ্যোত সিং সিদ্ধু যিদৰে 'দলাৰ বগৰী সিদ্ধু' হিচাপে পৰিচিত হৈ পৰিছিল সেই একেগৰাকী সিদ্ধু এতিয়া আকৌ 'কয়দী সিদ্ধু' হিচাপে পৰিচিত হ'ব। তেওঁ কোৱাৰ দৰেই এতিয়া সকলোৱে ক'বলৈ লৈছে- 'कोई कितने भी बनाले हवा में महल/ मिलता वही है गुरु जो औकाद होती है।'

supreme court novjot singh sidhu