/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-FOR-WEB-new-format-gorukhuti.jpg)
ডিজিটেল ডেস্ক: হঠাৎ চৰ্চালৈ আহিছিল গৰুখুটি। হাজাৰ হাজাৰ বিঘা মাটিত সন্দেহজনক লোকে অবৈধভাৱে দখল কৰি বাস কৰি অহা উক্ত গৰুখুটি অঞ্চলত চলিছিল উচ্ছেদ অভিযান।
সেই উচ্ছেদ ভূমিত ২০২১ বৰ্ষৰ ২১ জুলাইত শুভাৰম্ভ কৰা হৈছিল ৰাজ্যৰ সৰ্ববৃহৎ কৃষি প্ৰকল্প হিচাপে বিবেচিত হোৱা গৰুখুটি বহুমুখী কৃষি প্ৰকল্প।ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ অধ্যক্ষৰ দায়িত্ব দিছিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-21-at-2.10.30-PM-1024x768.jpeg)
ছিপাঝাৰৰ ঢলপুৰৰ গৰুখুটি অঞ্চলত প্ৰায় ৭৭ হাজাৰ ৪২০ বিঘা মাটি বিভিন্ন কৃষি কৰ্মৰ বাবে সাজু কৰিছিল। ট্ৰেক্টৰেৰে মাটি চহাই কৃষি কৰ্মৰ শুভাৰম্ভ কৰা হৈছিল উক্ত দিনটোতেই।
এবছৰ হ'ল গৰুখুটি প্ৰকল্পৰ। যোৱা এটা বছৰত গৰুখুটি প্ৰকল্পক লৈ বহু কথা আলোচনা হৈছে। সমালোচনা হৈছিল গৰুখুটি প্ৰকল্পৰ নামত চৰকাৰী ধনৰ অপব্যয় কৰা বুলি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-21-at-2.12.20-PM.jpeg)
মৎস, গো পালন, বস্ত্ৰ উৎপাদন, দুদ্ধ উৎপাদন আদি বহু আঁচনি লোৱা হৈছিল এই প্ৰকল্পত। গুজৰাটৰ পৰা অনা হৈছিল গীৰ গাই। ২১ জুলাই ২০২২ ত গৰুখুটি প্ৰকল্পৰ ১ টা বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা হয় প্ৰথম বাৰ্ষিকী।
পুৱা ৯ বজাত বন্তি প্ৰজলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানত বৃক্ষ ৰোপন, ভূমি পূজন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-21-at-2.10.29-PM-1-1024x438.jpeg)
গৰুখুটিৰ বহু মুখী কৃষি প্ৰকল্পৰ প্ৰথম বাৰ্ষিকী পালন আৰু ভূমি পূজনৰ অন্তত এক সংবাদমেল যোগে এই প্ৰকল্পৰ নামত কিমান ধন ব্যয় হ'ল সেয়া সদৰি কৰে প্ৰকল্পটোৰ দায়িত্বত থকা অধ্যক্ষ পদ্ম হাজৰিকাই।
এই প্ৰকল্পৰ নামত ৰাজ্য চৰকাৰে কৃষি বিভাগৰ জৰিয়তে মুঠ ৯,৫২,৯৩,৩৪৮ টকা আৱন্টন দিছিল। ইয়াৰে যোৱা এটা বছৰত ব্যয় হ'ল ৫,২৩,০৭,৬৮৩ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-21-at-3.41.50-PM-2.jpeg)
প্ৰকল্পৰ নামত এতিয়া জমা আছে ৪ কোটি ২৯ লাখ ৮৫ হাজাৰ ৬৬৫ টকা। ইফালে এই প্ৰকল্পস্থলীত বিভিন্ন শাক পাচলি, সৰিয়হ আদিৰ খেতি কৰা হৈছে। এনে কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ জৰিয়তে মুঠ আয় হৈছিল ৯৬ লাখ ৮১হাজাৰ ২৮৫ টকা।
এই শস্য সমূহৰ খেতি কৰোতে ব্যয় হৈছিল ৬৭ লাখ ৯০ হাজাৰ ০০৮ টকা। অৰ্থাৎ কৃষিজাত সামগ্ৰীৰ পৰা গৰুখুটি প্ৰকল্পই এটা বছৰত লাভ কৰিবলৈ সক্ষম হ'ল ২৮ লাখ ৯১ হাজাৰ ২৭৭ টকা।
গাখীৰ আৰু দৈ বিক্ৰীৰ জৰিয়তে গৰুখুটি প্ৰকল্পই আয় কৰে ১৩ লাখ ৮৯ হাজাৰ ৭০৫ টকা। অন্যান্য সামগ্ৰী বিক্ৰীৰ জৰিয়তে গৰুখুটি প্ৰকল্পই ৭৯ হাজাৰ ২৭৮ টকা আয় কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/20211203_165015.mp4.00_00_08_21.Still001-1024x576.jpg)
প্ৰথমতো বৰ্ষতে গৰুখুটি প্ৰকল্পৰ জৰিয়তে আয় হৈছে ১ কোটি ১১ লাখ ৫০ হাজাৰ ২৬৮ টকা। প্ৰথমটো বছৰত আন্ত:গাঠনিৰ বাবে ধন ব্যয় কৰিব লগা হৈছিল। তেনে আন্ত:গাঠনি তৈয়াৰ কৰি গৰুখুটি প্ৰকল্পই প্ৰথম বছৰতে এনে ধৰণে লাভৰ মুখ দেখাত স্থানীয় কৃষক সকলো উৎসাহিত হৈ পৰিছে।
মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প আছিল এইটো। আৰু ইয়াক তত্বৱধান লৈ স্থানীয় কৃষকৰ সহযোগত এক লাভজনক আৰু আত্মনিৰ্ভৰশীল বহুমুখী প্ৰকল্পৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে পদ্ম হাজৰিকাৰ ভূমিকা উল্লেখযোগ্য।
আৰু পঢ়ক: ইডি কাৰ্যালয়ত জেৰা ছোনিয়া গান্ধীক, প্ৰতিবাদত উত্তাল দেশ…