Advertisment

উমৰাংছুত আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ...

উমৰাংছুৰ কয়লখনিত আৱদ্ধ আন এজন শ্ৰমিকৰ মৃতদেহ আজি পুৱাই উদ্ধাৰ হৈছে। সোমবাৰে পুৱা ৯ বজাৰ পৰা আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ষষ্ঠ দিনটোত উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ সময়তে আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
উমৰাংছুত আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ উমৰাংছুৰ কয়লখনিত আৱদ্ধ আন এজন শ্ৰমিকৰ মৃতদেহ আজি পুৱাই উদ্ধাৰ হৈছে। সোমবাৰে পুৱা ৯ বজাৰ পৰা আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ষষ্ঠ দিনটোত উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ সময়তে আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। 

Advertisment

উদ্ধাৰ হোৱা শ্ৰমিকজনৰ নাম লিজেন মগৰ। ২৭ বছৰীয়া তেওঁৰ ঘৰ উমৰাংছুৰ কালামাটি গাঁৱত। আজি পুৱাই ভাৰতীয় সেনা আৰু এন ডি আৰ এফে যুটীয়াভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ সময়তে ৭:৩৬ বজাত পানীত উপঙি থকাৰ সময়তে এই মৃতদেহ উদ্ধাৰ হয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আৱদ্ধ শ্ৰমিকৰ যিখন তালিকা প্ৰকাশ কৰিছিল সেই তালিকাত মুঠ ৯ জন শ্ৰমিকৰ নাম আছিল। এই ৯ জন শ্ৰমিকৰ ভিতৰত এই পৰ্যন্ত ২ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। আজি মৃতদেহ উদ্ধাৰ হোৱা লিজেন মগৰ উপৰিও নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতেদেহ ইতিমধ্যে উদ্ধাৰ হৈছে। চৰকাৰী তথ্য মতে এতিয়াও ৭ জন শ্ৰমিক কয়লাখনিত আৱদ্ধ হৈ আছে।

ডিমা হাছাও উমৰাংছু