/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/mi-n.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া– তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চান্দমাৰি চাহ বাগিচাৰ সমীপৱৰ্তী তৰাজান সংযোগী দলঙৰ তলত মঙলবাৰেে পুৱা গা-ধুবলৈ গৈ সন্ধানহীন হয় এজন স্থানীয় লোক ৷ জানিব পৰা মতে মুষলধাৰ বৰষুণৰ ফলত জানটো ফেনে-ফুটুকাৰে উপচি পৰাৰ সময়তে আজি পুৱা তৰাজান গাঁৱৰ ভোলা প্ৰজাৰ পুত্ৰ ৰাজু প্ৰজা(৪০) ওৰফে গোবিন্দাই গা-ধুবলৈ জানটোত নামিছিল । পিছে দুই সতীৰ্থৰ চকুৰ আগতে সোঁতে উটুৱাই নিয়ে গোবিন্দাক ।
বিষয়টো আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী, গেলাপুখুৰী আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনীৰ দল উপস্থিত হৈ জানটোত দিনজোৰা অভিযান চলাই যদিও লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । যাৰবাবে আবেলিলৈ উদ্ধাৰ অভিযানৰ সামৰণি মাৰিবলগা হয় ৷
সন্ধানহীন গোবিন্দাৰ ভাতৃয়ে জানিব দিয়া অনুসৰি আজি পুৱা স্থানীয় দুজন লোকৰ সৈতে বাগানৰ পৰা ঘৰলৈ উভতাৰ পথত গোবিন্দাই দলঙৰ তলত গা-ধুবলৈ নামি যায় । জানটোৰ প্ৰৱল সোঁতে গোবিন্দাক উটুৱাই নিয়া তথা গোবিন্দাই পাৰলৈ উঠিবলৈ যৎপৰনাস্তি চেষ্টা চলোৱা সতীৰ্থ দুজনে দলঙৰ ওপৰৰ পৰা বহু দূৰলৈকে প্ৰত্যক্ষ কৰিছিল যদিও এটা সময়ত গোবিন্দাক পানীৰ সোঁতে উটুৱাই নিয়ে ৷
পৰৱৰ্তী সময়ত সকলোৱে লগ-লাগি তেখেতক বিচাৰ-খোচাৰ কৰা হয় যদিও কোনো সন্ধান পোৱা নগ'ল ৷ গোবিন্দাৰ ভাতৃয়ে এইদৰে কৈ যোৱা দেওবাৰে তেওঁৰ ছোৱালীৰ তুলনী বিয়া হৈ গৈছিল আৰু আজি এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় বুলি দুখ প্ৰকাশ কৰে ৷ ইফালে আৰক্ষীয়ে ঘটনাৰ সবিশেষ তথ্যৰ বাবে গোবিন্দাৰ সতীৰ্থ দুজনক সোধা-পোচা কৰি আবেলি উদ্ধাৰ অভিযানৰ সামৰণি মাৰে ৷ এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
আৰু পঢ়ক: নিজৰ মাতৃভাষাক সন্মান জনোৱা উচিত: মাকুমত শংকৰজ্যোতি বৰুৱা