১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১) কমনৱেলথ গেমছ ২০২২ ৰ সফল সামৰণি। এই গেমচত ভাৰতে ৬১ টা পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ২২ টা সোণ, ১৬ টা ৰূপ,২৩ টা ব্ৰঞ্জৰ পদকেৰে কমনৱেলথ গেমছৰ অভিযান সামৰিলে।

২)তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চান্দমাৰি পথৰ কাষৰ নলাত সোমবাৰেএটা মৃতদেহ উদ্ধাৰ হয় ৷ 

৩)তিনিচুকীয়া সদৰ থানাৰ যান-বাহন আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক দীন সোণোৱালে (৫৩) আজি বিয়লি প্ৰায় ৩-৫০ বজাত থানাৰ ভিতৰৰ কোঠাত নিজৰ চাৰ্ভিছ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে ।

৪) তিনিচুকীয়া জিলাৰ হলৌৰ বিচৰণথলীখ্যাত বৃহত্তৰ বাৰেকুৰিত পুনৰ এটি ১৪ বছৰীয়া হলৌৰ মৃত্যুৰ বাতৰি পোৱা গৈছে ৷ উল্লেখ্য যে বৃহত্তৰ বাৰেকুৰি অঞ্চলত কেইবাটাও পৰিয়ালত বিভক্ত হৈ বিচৰণ কৰি থকা মুঠ ১৯ টা হলৌৰ মাজৰে এটাৰ মৃত্যু হোৱাত ১৮ টালৈ হ্ৰাস পালে দুষ্প্ৰাপ্য হলৌ ।

৫) প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেডৰ (BVFCL) উদ্যোগত  বৰ্ষ জোৰা আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হয়।

৬)বিশ্বনাথৰ মুখৰগড় চাহ বাগিচাত অঘটন।বাগিচাখনৰ সমীপৰ ঘিলাধাৰী নৈত নাও দুৰ্ঘটনা । নদী পাৰ হ'বলৈ লওঁতেই সংঘটিত এই দুৰ্ঘটনা। ৪ গৰাকী মহিলাক জীৱন্তে উদ্ধাৰ, দুগৰাকী সন্ধানহীন।

৭)ধেমাজি জিলাৰ মাছখোৱা আৰক্ষীৰ অন্তৰ্গত লাইপুলীয়া নৈত পৰি সন্ধানহীন হৈছে দুগৰাকী কিশোৰী ৷ সন্ধানহীন দুগৰাকী এজনী পঞ্চম শ্ৰেণীৰ ছাত্ৰী মনিকা সিং আনজনী অষ্টম শ্ৰেণীৰ ছাত্ৰী শিখামনি দেবী সিং ৷

৮) ৱাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ আজি অন্তিম দিনা পি ভি সিন্ধুৰ পাছতেই পুনৰ স্বৰ্ণ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে শ্বাটলাৰ লক্ষ্য সেনে।

৯)কাৰ্বি আংলঙৰ ধনশিৰি আত্মসমৰ্পনকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্যৰ ডেজিগনেটেড শিবিৰৰ পৰা ১৬ জন ডি এন এল এৰ সদস্যই পলায়ন কৰাৰ খবৰ সম্পূৰ্ণ শুদ্ধ নহয় বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই। 

১০) নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ক্ষেত্ৰীগাঁৱৰ টুকুৰাবাহী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ সোমবাৰে আধাৰশিলা স্থাপন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই। 

১১) মৰিয়নিৰ ভোগনৈ নৈত অঘটন। নদীত গা ধুবলৈ গৈ নিখোজ যুৱক। নিখোজ যুৱকজন হোনোৱাল চাহ বাগিছাৰ পাটন কছাৰী বুলি জানিব পৰা গৈছে।

১২) ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কেলেংকাৰীৰ নতুন অধ্যায়। গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাক বংগ আৰক্ষীৰ চমন।

১৩)ৱাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ আজি অন্তিম দিন।এই অন্তিম দিনটোতে বেডমিণ্টনত তাৰকা শ্বাটলাৰ পি ভি সিন্ধুয়ে লাভ কৰিলে স্বৰ্ণ পদক।

১৪)সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজতো অনা শিক্ষক কৰ্মচাৰী সকলে চাকৰী নিয়মীয়া কৰণৰ দাবীত কৰ্মবিৰতি কাৰ্য্যসূচী গ্ৰহণ কৰে । আজিৰ এই কৰ্ম বিৰতি কাৰ্য্যসূচীৰ ফলত কলেজৰ দৈনন্দিন কামকাজৰ লগতে পাঠদান প্ৰক্ৰিয়া স্থগিত হৈ পৰে ।

১৫) সমাগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চিৰাং জিলা সদৰ কাজলগাঁৱৰ ক্ষুদ্ৰ যুৱ ব্যৱসায়ী এজনে ব্যতিক্ৰম প্ৰয়াসেৰে সমাজ সেৱা কৰা পৰিলক্ষিত হৈছে । ব্যবসায়ী জনে নিজৰ পকেটৰ ধন খৰচ কৰি কাজলগাঁৱত আৰম্ভ কৰিছে চাৰিদিনীয়া ছাফাই অভিযান কাৰ্য্যসূচী।

১৬)  আজি দুপৰীয়া নামৰূপ আৰক্ষীয়ে নামৰূপত  ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুশৰন কৰি আজি দিনৰ প্ৰায় ১২.৩০ বজাত নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীল কমল বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ড্ৰাগছ সৰবৰাহকাৰী দুটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

১৭) আহমেদাবাত থকা গৌতম আদানীৰ ব্যৱসায়িক গোট আদানী এণ্টাৰপ্ৰাইজেছে ৩,১১০ কোটি টকাৰে ক্ৰয় কৰিছে এটা পথ। গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত থকা মেকুৱেৰী এছিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ টোল ৰোড পৰ্টফলিঅ' অধিগ্ৰহণ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

১৮) নগাঁও চহৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে মৃত্যুক সাৱতি লৈছে ৷ নিহত যুৱকজনৰ নাম হৈছে ভাস্কৰ বৰা ৷

১৯) ব'লবমৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এক অঘটন। ব'লমবলৈ গৈ সন্ধানহীন হৈছে এটি ১১ বছৰীয়া কিশোৰ।

২০) অহা ৯ আগষ্ট, ২০২২ মঙলবাৰে সোণাপুৰস্থিত ট্ৰাইচেম প্ৰেক্ষাগৃহত 'উত্তৰ-পূব খিলঞ্জীয়া গণমঞ্চ' আৰু খিলঞ্জীয়া মঞ্চ, অসম'ৰ উদ্যোগত আৰু স্থানীয় দল-সংগঠন তথা ৰাইজৰ সহযোগত 'আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস' উদযাপনৰ আয়োজন কৰা হৈছে।

২১) সংকটৰ দিন কাষ চাপি আহিছে বাংলাদেশৰ । মুদ্ৰাস্ফিতিয়ে অতি বেয়াকৈ জোকাৰি যোৱা দেশখনত অতি শীঘ্ৰেই হ'ব পাৰে অৰ্থনৈতিক পতন ।

২২) নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত "দ্যা মিছন হেল্থ কেয়াৰ ছ'ছাইটি" নামৰ স্বেচ্ছাসেৱী সংগঠনে চকু পৰীক্ষাৰ নামত দৰিদ্ৰ লোকক লুন্ঠন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। 

২৩ ) কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে যোগদান কৰিব বিজেপিত।বিধায়ক কেইগৰাকীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত। এই কথা দাবী কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে।

২৪) অসুস্থ ৰাৱালপিণ্ডি এক্সপ্ৰেছ। হাস্পতালৰ বিচনাৰ পৰা এসময়ৰ বিধ্বংসী পেছ বলাৰজনে ক'লে- 'বহুত কষ্টত আছো, আপোনালোকৰ দোৱা লাগে'। বিশ্ব ক্ৰিকেটত এসময়ত ত্ৰাসৰ সৃষ্টি কৰা বিশ্বৰে অন্যতম বেগী বলাৰ ছোৱেইব আখতাৰ হাস্পতালত চিকিৎসাধীন।

২৫)  হঠাৎ অশান্ত হৈ উঠিল মণিপুৰ, বৃদ্ধি পালে প্ৰতিবাদ। যাৰ বাবে মণিপুৰৰ গৃহ বিভাগৰ বিশেষ সচিব এইছ  জ্ঞান প্ৰকাশৰ নিৰ্দেশত যোৱা ৬ আগষ্ট, শনিবাৰে পাঁচদিনৰ বাবে বিচ্ছিন্ন কৰা হ'ল মণিপুৰৰ ইন্টাৰনেট সেৱা। তৎকালীনভাৱে আৰোপ কৰিলে ১৪৪ ধাৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in