১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১) ঘোষণা হ'ল অসম আৰক্ষীৰ কনিষ্টবলৰ লিখিত পৰীক্ষাৰ ফলাফল। ১১ জুলাইত অনুষ্ঠিত হ'ব মৌখিত পৰীক্ষা।

Advertisment

২)বুধবাৰে গোলাঘাটৰ পুলিবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা মেজিক আৰু ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। থিতাতে নিহত ২ জন।

৩)চিৰাং জিলাৰ ভাৰত – ভূটান সীমান্তৰ ফুলবাৰী গাঁৱত মঙলবাৰে দিন দুপৰতে এক বৃহৎ বন্যহস্তীৰ জাক আহি ওলোৱাত এলেকাৰ ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয় ।সৰু ডাঙৰ মিলি প্ৰায় ২৫ টাকৈ সদস্য থকা বন্যহস্তীৰ জাকটোৱে ফুলবাৰী গাঁৱত প্ৰৱেশ কৰি শালি ধানৰ বিধানৰ লগতে মানুহৰ তামোলৰ বাগিচা ধ্বংস কৰে ।

৪)বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য অধিক অৱনতি। এয়াৰ এম্বুলেন্সযোগে দিল্লীৰ এইমচলৈ উন্নত চিকিৎসাৰ বাবে নিয়াৰ প্ৰস্তুতি।

৫)কোকৰাঝাৰস্থিত বি বি ইঞ্জিনিয়াৰিং কলেজৰ দ্বিতীয় ষাণ্মাষিকৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ তথা গুৱাহাটী হাজো নিৱাসী অন্তৰীক্ষ শৰ্মা(১৯) গৌৰাং নৈত পৰি সন্ধানহীন হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

৬): সোণালী জয়ন্তীত ভৰি দিলে অসমৰ সংবাদপত্ৰ অগ্ৰদূতে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিয়লি ৪-৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰাৰ লগতে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰে। 

৭)নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ নিবাসী, বিশিষ্ট সমাজকৰ্মী তথা হস্ততাঁত বিভাগৰ পৰিদৰ্শক যতীন্দ্ৰ নাথ শৰ্মাৰ যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয় । 

৮)ৰাজ্যিক কেবিনেট মঙলবাৰে ৫ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰা পাছতেই দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক অভিনন্দনৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে৷

৯)ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাটো আৰম্ভ হৈছে ক'ভিডৰ প্ৰাদুৰ্ভাৱ। বুধবাৰৰ দিনটোত জিলাখনত ১৫ জন লোকৰ শৰীৰত ধৰা পাৰিছে ক'ভিড ১৯ উপস্থিতি।

১০) কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি আৰু আৰচিপি সিঙৰ পদত্যাগ, বৃহস্পতিবাৰে অন্ত পৰিব  ৰাজ্যসভাৰ কাৰ্যকাল। 

১১)উত্তৰ প্রদেশৰ মেৰুৰ পৰা উদ্ধাৰ অসমৰ যুৱতীক। তিতাবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে তিতাবৰৰ বৰহোলাৰ যুৱতীগৰাকীক।

১২)তৃতীয় বৰ্গ আৰু চতু্ৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হোৱাৰ সহায়ক হোৱা এটা এপ মুকলি কৰা হ'ল গহপুৰত। তৃতীয় বৰ্গ আৰু চতু্ৰ্থ বৰ্গৰ চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সকলো সুবিধা উপলব্ধ হোৱা এপটোৰ নাম AEUDO.COM।

১৩)নামৰূপ সোনাৰী তিনিআলিত  আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়টো অত্যাধুনিক ৰূপত নিৰ্মাণ কৰাৰ সংকল্পৰে আধাৰশিলা স্থাপন কৰে । 

১৪)ওদালগুৰিৰ ভৈৰৱকুণ্ড ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। মূৰ্তি বিসৰ্জন দিবলৈ যোৱা বাহন দুৰ্ঘটনাগ্রস্ত। মেক্সিমো বাহন দুৰ্ঘটনাগ্রস্ত হৈ গুৰুতৰভাবে আহত হয় ১৫ গৰাকীকৈ লোক। 

১৫)গাঁও চহৰৰ ইটাচালি নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে চাৰিগৰাকীকৈ ড্ৰাগছ আসক্ত যুবক যুৱতীক কৰায়ত্ব কৰিছে ৷ 

১৬)ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ত উজনি অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গৰে এক আলোচনাত মিলিত হয় ।

১৭)আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টী আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি পুৱাতে আহি ইটানগৰত উপস্থিত হয়হি। 

১৮)কলিয়াবৰৰ বেঙেনাআটিত বুধবাৰে সংঘটিত হয় এটি কৰুণ ঘটনা। দ গাঁতত আবদ্ধ হৈ মৃত্যু ঘটে দুজন শ্ৰমিকৰ ।

১৯)কৰিমগঞ্জৰ ৰঙামাটিত জব্দ বুজন পৰিমাণৰ চিগাৰেট। মিজোৰামৰ পৰা ত্রিপুৰালৈ সৰবৰাহ কৰা এখন বাহনৰ পৰা জব্দ চিগাৰেটখিনি। জব্দ ৩৫০ পেকেট বাৰ্মিজ চিগাৰেট।

২০) নগাঁও জিলাত জাপানীজ এনকেফেলাইটিজত মৃত্যু হৈছে দুজন লোকৰ ৷ মৃত্যু হোৱা লোক দুজনৰ নাম হৈছে হামিদুল ইছলাম আৰু সদানন্দ বৰুৱা ৷ 

২১)কাকপথাৰৰ লাজুমপথাৰত নৃশংস হত্যাকাণ্ড।কাকপথাৰৰ গড়মাটোপ গাঁৱতসংঘটিত হৈছে এই হত্যাকাণ্ড।নিজ স্বামীয়ে হত্যা কৰিলে পত্নীক।হত্যাকাৰী স্বামীৰ নাম শৈলেন গোহাঁই।

২২)বটদ্ৰৱাৰ ঐতিহাসিক শলগুৰি সত্ৰৰ মুক্তিয়াৰ, সূত্ৰধাৰ, অংকীয়া ভাওনাৰ সুদক্ষ ভাৱৰীয়া বীৰেন মুক্তিয়াৰৰ আজি নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।

২৩) বুধবাৰৰ পুৱাৰে পৰা ঘৰুৱা ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। ইণ্ডিয়ান অইলে শেহতীয়াকৈ প্ৰকাশ কৰা মতে ৰাজ সাহায্যবিহীন ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।

২৪)এক ডলাৰৰ মূল্য হ'লগৈ ৭৯.৩৭ টকা। এই হ্ৰাস পোৱা মূল্যই নতুন অভিলেখ ৰচনা কৰিলে।

২৫)দিছপুৰ আৰক্ষীয়ে পুনৰ আটক কৰিলে মাকন কাকতিক। দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল আচামী মহিলাগৰাকীয়ে। মহিলা গৰাকীৰ নাম মাকন কাকতি।

আৰু পঢ়ক: অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা, মৌখিক পৰীক্ষাৰ দিন ঘোষণা…

assam narendra modi himanta biswasarma Assam police