১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১) মঙলবাৰে গুৱাহাটীলৈ আহিছিল পশ্চিম বংগ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাৰি জনীয়া এটি দল।  পশ্চিম বংগৰ হাওৰাত ৪৮ লাখ নগদ ধনৰ সৈতে ঝাৰখণ্ড কংগ্ৰেছৰ তিনিজন বিধায়কক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ এই দলটো অসমলৈ আহে।

Advertisment

২) ইডিয়ে চীল কৰিলে দিল্লীত থকা নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয়। অবৈধ ধন লেন দেনৰ অভিযোগত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে ৰুজু কৰা এক গোচৰৰ আধাৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো ইডিয়ে জেৰা কৰিছিল।

৩)গ্ৰেপ্তাৰ হ'ব পাৰে ছোনিয়া গান্ধী। দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যলয় ঘেৰাও আৰক্ষীৰ।

৪) কোকৰাঝাৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে বড়ো সাহিত্য সভা , এবছু আৰু বিটিচি চৰকাৰৰ মাজত এক সৌহাদ্যপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।  তৃতীয় শ্ৰেণীৰ পৰাৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী কৰাৰ বিৰোধিতা।

৫)  ছাত্ৰীৰ ধৰ্ষণ-হত্যাকাণ্ডৰ লগত জড়িত দোষীক ফাঁচী দিয়াৰ দাবীৰে উত্তাল লামডিঙ আৰক্ষী থানাৰ চৌহদ।

৬) বুধবাৰে বৰপেটাৰ আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীজন গুৱাহাটীৰ গাড়ীগাঁৱৰ মকবুল আলী (৩০) বুলি জানিব পৰা গৈছে ৷

৭) লখিমপুৰত দেখা গ'ল এখন ব্যতিক্ৰমী বিয়া৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু আয়তীৰ উৰুলিৰে হোমাগ্নিক সাক্ষী কৰি  ইজনে-সিজনক স্বামী-পত্নী বৰণ কৰিছে ৷ দৰা-কইনাৰ সাজত ৬৭ বছৰীয়া ককা-আইতাৰ লগত একেলগে বিয়াত বহিল ১৯ বছৰীয়া নাতি-নাতিনী৷

৮)  মৰিগাঁও জিলাৰ মায়ঙৰ আৰক্ষীৰ জালত পৰে পুনৰ এজন গভাইত চোৰ।চোৰ টোৰ নাম মাইনুল হক।

৯)দিল্লীত পুনৰ এজন বিদেশী নাগৰিকৰ দেহত মাংকিপক্সত আক্ৰান্তৰ খবৰ আহি পৰিছে।৩১ বছৰীয়া মহিলা গৰাকী বিদেশৰ পৰা আহিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

১০)সৰ্প দংশনত সাংবাদিক অসীম জ্যোতি বৰাৰ কৰুণ মৃত্যু। মৃত্যুৰ স'তে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে নুমলীগড়ৰ সাংবাদিক অসীমজ্যোতি বৰাই ৷

১১) কমনৱেলথ গেমছত ভাৰতে লাভ কৰিলে পুনৰ এক পদক। ভাৰোত্তোলনৰ ১০৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে লভপ্ৰীত সিঙে। ভাৰতে এতিয়ালৈ মুঠ ১৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে ব্ৰঞ্জৰ পদক হ'লগৈ ৪টা।

১২)শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ সৰৱৰাহ। শিৱসাগৰ আৰক্ষীয়ে বুধবাৰে ড্ৰাগছ জব্দ কৰাৰ লগতে দুটা ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰে৷ 

১৩) সম্প্ৰসাৰণ কৰিছে মমতা বেনাৰ্জীয়ে মন্ত্ৰী সভা।  ৫ জন নতুন মন্ত্ৰীয়ে শপত লয় বুধবাৰে আৱেলি। 

১৪) কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাত এক লিখিত উত্তৰত কয় যে দিল্লী-ডেহৰাডুন এক্সপ্ৰেছৱে প্ৰকল্পৰ বাবে প্ৰায় ৭,৭৪৭ জোপা গছ আৰু ৩,২৫৮ টা গছ পুলি কটা হৈছে। 

১৫) পৰিবহন মন্ত্ৰী নিতিন গাডকৰীয়ে বুধবাৰে ৰাজ্যসভাত কয় যে চৰকাৰে আগন্তুত ৩ বছৰত দেশত ২৬ টা গ্ৰীণ এক্সপ্ৰেচৱে নিৰ্মাণ কৰা হব আৰু ২০২৪ লৈ ৰাজপথৰ আন্তগাঠনি আমেৰিকাৰ দৰে উন্নত হ'ব।

১৬) ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৩ দিনীয়া কাৰ্যসূচীৰে এইবাৰ অনুষ্ঠিত হব স্বাধীনতা দিৱস।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে তথা আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাষ্ট্ৰ জুৰি আয়োজিত হ'বলগীয়া হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বুধবাৰে নগাঁৱত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা।

১৭) ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ মানকাচৰত একেলগে ৫০ হেজাৰ আত্মসহায়ক গোটৰ সদস্যৰ ঘৰত তিনিদিনীয়াকৈ উৰিব জাতীয় পতাকা।

১৮) ঘোচখোৰ বন বিষাৰ বৈলে, ১ কিলোমিটাৰ দৌৰাই দৌৰাই ধৰিলে দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা দলে। কাছাৰৰ লখিপুৰ বন পিৰসৰৰ বিষয়া দেৱব্ৰত গোঁহাইক আজি উৎকোচ লোৱাৰ সময়তে ধৰা পেলায়। 

২০) গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ। লেখিকা-সাংবাদিক প্ৰীতিৰেখা ভূঞাৰ দুখন গ্ৰন্থ 'কামাখ্যা : নীলাচলত প্ৰকৃতিৰ সন্ধান'  আৰু 'নিৰ্যাতিত পুৰুষ, আধুনিক অভিমন্যু আৰু অন্যান্য'  এই দুখন গ্ৰন্থ উন্মোচন কৰা হয়।

২১)এতিয়াও উত্তাল হৈ আছে লামডিং। ১ আগষ্টৰ নিশা ৰেলনগৰী লামডিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অৰ্ধ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল।

২২)দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪১২ খন বিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ। আজি জিলাখনৰ ৪১২ খন বিদ্যালয়ত বিদ্যালয় সমূহে নিজেই ছাত্ৰ-ছাত্ৰীৰ মাজত স্ব-মূল্যায়ন কৰে।

২৩)জেহাদীৰ পিছত ৰাজ্যত এইবাৰ KULA ৰ তৎপৰতা। KARBI UNITED LEBARATION ARMY চমুকৈ KULAৰ সক্ৰিয়তা বৃদ্ধি পাইছে ৰাজ্যত। কুলাৰ অধ্যক্ষ ডেনিয়েল টেৰণ সহ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

২৪)গুৱাহাটী ৰে'লৱে ষ্টেচনত উদ্ধাৰ সোণৰ নাও। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ সোণৰ নাওখন। নাওখনৰ লগতে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক।

২৫) পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক প্ৰাণঘাটি আক্ৰমণ। মহানগৰীৰ শিলপুখুৰীৰ গগৈ টাৱাৰত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এগৰাকী যুৱকক কেইবাজনো যুৱকে দলীয়ভাৱে আক্ৰমণ কৰাৰ লগতে চুৰীৰে আক্ৰমণ কৰিছে।

assam himanta biswa sarma Mamta banarjee Assam police