১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১)কমনৱেলথ গেমছ ২০২২ত সোণ, ৰূপ, ব্রঞ্জসহ ৩টা পদক অৰ্জন ভাৰতৰ । ভাৰোত্তোলনত তিনিটাকৈ পদক অৰ্জন ভাৰতৰ।

Advertisment

২) কমনৱেলথ গেমছ ২০২২ত শিৱ থাপা পৰাস্ত।

৩) দৰঙৰ পুনৰ দেওবাৰে জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজন মঙলদৈ ১ নং গেৰিমাৰী গাঁওৰ দেৱকান্ত ভূঞা(৬৫)

৪)কালিৰে পৰা অসম অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দেওবাৰে ধেমাজি জীয়াধল , কুমতীয়া নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰন কৰিছে৷ নদী দুখনৰ বাঢ়নী পানীয়ে জীয়াঢলৰ কেইবাখনো গাওঁত বানে বিধ্বস্ত কৰিছে ৷

৫) অৰুণাচলৰ কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু। হঠাৎ নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আবদ্ধ শিশু দুটা।

৬)চৰকাৰক শান্তি আলোচনাৰ প্ৰস্তাৱ কে এল অৰ(কমতাপুৰ লিবাৰেশ্যন অৰগেনাইজেশ্যন)। চৰকাৰে বিচাৰিলে শান্তি আলোচনাত বহিবলৈ সাজু মধ্যস্থতাকাৰী দল। ৰাজ্য চৰকাৰৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ পোষকতা কে এল অৰ।

৭) লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰনী ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান মনিকাঞ্চন গীতা চক্ৰ খেৰাজখাতৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলক মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিৰে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে যোৱা ৭ জুলাইৰ পৰা অনুষ্ঠিত কৰা সত্ৰীয়া গীত-নৃত্য কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে ।

৮)জীয়াঢল নদীৰ শিহৰণকাৰী বানৰ বাবে ঘিলামৰা গোগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথৰ বিস্তীৰ্ণ এলেকা একাঠু পৰ্যন্ত বানত ডুব গৈছে । 

৯) নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰেলৱে ক্ৰচিং পাৰ হ'ব লওঁতেই মৃত্যু ৩ জনৰ।

১০)৭৫ বছৰীয়া স্বাধনীতা দিৱস উপলক্ষ্যে এইবাৰ ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১৩ আগষ্টৰ পৰা হৰ ঘৰ ত্রিৰংগা কাৰ্যসূচী আৰম্ভ কৰা হব।

১১)আজি নটসূৰ্য ফণী শৰ্মাৰ ৫২ সংখ্যক মৃত্যু দিৱস। এই উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন স্থানত মহান শিল্পী গৰাকীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয়।

১২)কামৰূপ জিলাৰ বকোৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অহা ৩ আগষ্টত ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ।  মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ছাত্ৰ একতা সভাই যোৱা ২৯ জুলাইত আয়োজন কৰা মহাবিদ্যালয়খনৰ সন্মুখৰ দেৱাল চিত্ৰ অংকন প্ৰতিযোগিতাই এক ব্যপক ৰূপ লৈছে ।

১৩)কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত 'চাবাহাৰ দিৱস' উপলক্ষে মধ্য এছিয়াৰ দেশৰ ছয়খন দেশৰ উচ্চ পৰ্যায়ৰ বৈদেশিক প্ৰতিনিধি দলৰ সৈতে সোণোৱালে বিতংভাৱে বাৰ্তালাপ কৰে ৷

১৪) মহাৰাষ্ট্ৰৰ দৰে ঝাৰখণ্ড চৰকাৰ ভঙাৰ বাবে প্ৰস্তুতি চলাইছে বিজেপি দলে । এই পৰিকল্পনাত নাম সাঙোৰ খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । 

১৫) কাৰ্বি আংলং জিলাৰ নাগালেণ্ড সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে নাগালোকৰ বেদখল৷ মাজে মাজে এই এলেকাত বেদখল উচ্ছেদ কৰা হয় যদিও আকৌ নাগালোকে বেদখল কৰে ৷ বৰ্তমান অসমৰ সীমান্ত আৰক্ষী চকীৰ বহু ভিতৰলৈ নাগালোকে নিজৰ দখল সাব্যস্ত কৰিছে ৷

১৬)  আসাম ষ্টেট আউটচ'চ পাৱাৰ ৱ'কাচ ইউনিয়নৰ শিৱসাগৰ জিলা চক্ৰ সমিতিৰ সংবাদ মেল সম্বোধন ৷ বিদ্যুৎ খণ্ডত অস্থায়ী ভাৱে কৰ্মৰত হৈ থকা কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰণ দাবীত সৰব সংগঠনটো কৰ্মীসকল ৷

১৭) কৌ জীয়াঢল নদীৰ ভয়াবহ বানৰ তাণ্ডৱত ভোগাৰ পথ প্ৰশস্ত হৈছে ঘিলামৰাবাসীৰ । খৰস্ৰোতা নদীখনৰ শিহৰণকাৰী বানৰ ধলে কুমতিয়া নদীৰে প্ৰবাহিত হৈ ঘিলামৰাৰ বিস্তীৰ্ণ এলেকা দেওবাৰে জলমগ্ন কৰি তুলিছে ।  

১৮)  শনিবাৰে নিশা পশ্চিমবংগ আৰক্ষীয়ে ধন সহ আটক কৰিছিল ঝাৰখণ্ডৰ ৩ জন কংগ্ৰেছী বিধায়কক । পশ্চিমবংগ আৰক্ষীয়ে আটক কৰা বিধায়ক তিনিজন ক্ৰমে ইৰফান আনছাৰী , ৰাজেশ কাছাভ আৰু নমনা বীক্ষাল । এখন ফৰশ্বনাৰ বাহনত বৃহৎ পৰিমানৰ ধন লৈ আহিছিল বিধায়ক তিনিজনে ।

১৯) বিগত কিছু দিন ধৰি অসমৰ কেইবাখনো জিলাত জেহাদী সংগঠনৰ সক্ৰিয়তাৰ খবৰ পোহৰলৈ আহিছে। ঠায়ে ঠায়ে আৰক্ষীয়ে আটক কৰিছে জেহাদী সংগঠনৰ সৈতে জড়িত থকা কেইবাজনো লোকক।

২০)দেওবাৰে ৯০ সংখ্যক "মনকি বাত" অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক বিশেষ ভাবে সম্বোধন কৰে । 

২১)'মন কী বাত' অনুষ্ঠানত অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । ৰাজধানী মণ্ডলৰ ১৭১ বুথৰ পৰা অংশগ্রহণ মুখ্যমন্ত্রীৰ।

২২)ঢকুৱাখনা মহকুমাত  গুণগত মাধ্যমিক শিক্ষা প্ৰসাৰণত সদা অগ্ৰণী ভূমিকা পালন কৰি অহা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক  ইংৰাজী আৰু অসমীয়া দ্বৈত মাধ্যমৰ  বিদ্যালয় হিচাবে স্বীকৃতি প্ৰদানৰ  সমজুৱা দাবী উত্থাপিত হৈছে।  

২৩) বোকাজানৰ খটখটিত ৮কোটি টকাৰ ড্রাগছ উদ্ধাৰ।অভিযানত ৯৬৬গ্রাম হেৰ'ইনসহ দুজনক গ্রেপ্তাৰ ।

২৪)পুৱাৰ পৰাই লামডিঙত অব্যাহত আছে শতাধিক ৰাইজৰ প্ৰতিবাদ ।শনিবাৰে নিশা লামডিং ইটা ভাটি চাৰি আলিত চলিছিল এদল দুৰ্বৃত্তৰ আক্ৰমণ।

২৫)শনিবাৰে নিশা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ভিনাৰ অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এক সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী ।

আৰু পঢ়ক: দৰঙৰ পুনৰ জাপানীজ এনকেফালাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু…

assam japanese encephalitis himanta biswa sarma