১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

 ১) আজি ঘোষণা হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪০৫৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ২২৯১৩১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। 

Advertisment

২)আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱাসকলৰ ভিতৰত আছে ১১৮২৪৩ গৰাকী ছাত্ৰী আৰু ১১০৮৮৮ জন ছাত্ৰ।ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰতকৈ বেছি।

৩)"আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশ হিচাপে ৮ জুনচ দেশৰ বিভিন্ন স্থানত ৪২,০০০ কিলো নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হ'ব।

৪)নগাঁৱৰ ৰজাগাঁও দক্ষিণ জ্বৰ বাগানত বন্যহস্তীৰ সন্ত্রাস।বন্যহস্তীৰ আক্রমণত এগৰাকী মহিলাৰ মৃত্যু।মৃত মহিলাগৰাকীৰ নাম আছুলতা মল্লিক।

৫)কলিয়াবৰৰ উলুৱনী চাৰিআলিত মঙলবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহী নিহত হয়। নিহতজনক বৰুৱা চুক নিবাসী তথা কলিয়াবৰ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অতুল বৰুৱা(৫৫) বুলি চিনাক্ত কৰা হৈছে।

৬)চৰাইদেউ মথুৰাপুৰত অঘটন। পথাৰত মাছ ধৰি থকা বজ্ৰপাত পৰি মৃত্যু দুজনৰ আহত দুজন।

৭)১২ বছৰত ২১ জনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৰিলে ষ্টেণ্ডঃ নগাঁৱৰ খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ অবিৰত যাত্ৰা, এইবাৰো ৩ জনে লাভ কৰিলে স্থান।

৮)চিৰাঙত মঙলবাৰে উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ।উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

৯) হাইলস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰায় ৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বাছি ল'লে চৰম পন্থা।

১০)অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত মঙলবাৰে আমাৰ গাও আমাৰ গৌৰৱ কাৰ্যসূচীৰে তিতাবৰত ৰাজ্যৰ প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান ' কুঁহিপাত ' আৰম্ভ । চাৰিখন আদৰ্শ গাঁৱত এই অভিনৱ পৰিকল্পনাৰে  ১৫০ মেট্ৰিকটন লাৱণ্য ধানৰ বীজ উৎপাদনৰ লক্ষ ।

১১)বালিপৰা ১৮মাইলত পথ দুৰ্ঘটনা। তীব্রবেগী বাহনৰ খুন্দাত নিহত এগৰাকী স্কুলীয়া ছাত্রী। নিহত ছাত্রীগৰাকীৰ নাম অঞ্জলি মুণ্ডা।

১২)নগাঁও কাগজ কলৰ নিষ্ঠাবান শ্ৰমিক, দেওঁশাল নিবাসী কলিমন বছুমতাৰীৰ ইং ৬ জুনত হৃদ ৰোগত আক্ৰান্ত হৈ আবেলি ৪ মান বজাত নিজা ঘৰত মৃত্যু  হয়।

১৩)মঙলবাৰে বাক্সাৰ শালবাৰীত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় ঘেৰাও।CPIMৰ উদ্যোগত ৰূপায়ন কৰিলে এই কাৰ্যসূচী ।

১৪)বটদ্ৰৱা থানা আক্ৰমণ ঘটনাৰ  ১৭ দিনৰ পাছত মঙলবাৰে বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাক লগত লৈ কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে পোনে পোনে দুষ্কৃতিকাৰীয়ে জ্বলাই চাৰখাৰ কৰা পুৰনি থান পৰিদৰ্শন কৰে।

১৫)পাছিঘাট-পাংগিং জিলা সংযোগী ১৩নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ খহিপৰা মাটিত পোত গ'ল শতাধিক বাহন।

১৬) ৪৫ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্বনাথৰ মহিলা গৰাকীয়ে দিলে এক যোগাত্মক বাৰ্তা । মহিলা গৰাকীৰ নাম বুলবুলি খাতুন।

১৭)লাওখোৱা অভয়াৰণ্যৰ ভূমিত মঙলবাৰে বন বিভাগৰ উচ্ছেদ অভিযান।লালুং গাঁৱৰ ২০০বিঘা ভূমি বেদখল কৰি খেতি কৰি আহিছিল একাংশ লোকে।

১৮)চামগুৰিত সোমবাৰে নিশা আৰক্ষীৰ অভিযান।অভিযানত ২২টা গৰুভৰ্তি ট্রাকসহ দুজন লোকক আটক।

১৯)আজি ঘোষণা কৰা মোট্ৰিকৰ ফলাফলত শিৱসাগৰ জিলাৰ ৬ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ১০ স্থানৰ ভিতৰত ৬ টা দখল কৰিবলৈ সক্ষম হয়।

২০)মঙলাবৰে শিৱসাগৰৰ শিমলুগুৰি ৰেল ষ্টেচনত ডেৰ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।

২১)কাজিৰঙাত আসন্ন বানপানীৰ সময়ত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।

২২) কাইলৈ অনুষ্ঠিত হব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। ৯০৬ টা ভোটগ্ৰহণ কেন্দ্ৰত বন্দী হব প্ৰাৰ্থীৰ ভাগ্য।

২৩)দিল্লীৰ AAP মন্ত্রীৰ সহযোগীৰ পৰা জব্দ .৮২ কোটি টকালগতে জব্দ ১৩৩টা সোণৰ মুদ্রা, সোণৰ বিস্কুটমন্ত্রী শৈতেন্দ্র কুমাৰ জৈনৰ সহযোগীৰ পৰা জব্দ বৃহৎ ধনৰাশি

২৪)শিলচৰ অগপ কাৰ্যালয়ত উত্তেজনা। উত্তেজিত অগপ কৰ্মীয়ে জ্বলালে বেনাৰ-পোষ্টাৰ ।লণ্ডভণ্ড কৰিলে কাৰ্যালয়টোৰ আচবাব।

২৫)মঙলবাৰে শোণিতপুৰৰ খনামুখত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। খ্রীষ্টান বস্তিৰ এটা কুৱাত উদ্ধাৰ মহিলাৰ মৃতদেহ।

আৰু পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণ, ১৭ দিন পিছত উপস্থিত সাংসদ গৌৰৱ গগৈ

assam hslc