/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/one-minute-face.jpg)
১) আজি কাৰ্গিল বিজয় দিৱস। বিভিন্ন প্ৰান্তত উদযাপন এই দিৱস। স্মৰণ বীৰ ছহিদক।
২)মহানগৰীৰ ভৰলুমুখত জঘন্য ঘটনা। এগৰাকী যুৱতীক ৪দিন ধৰি কোঠাৰ ভিতৰত আবদ্ধ কৰি ৪দিন ধৰি বলাৎকাৰ কৰাৰ অভিযোগ। মঙলবাৰে পোহৰলৈ আহে ঘটনা।
৩)চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত মঙলবাৰে দুপৰীয়াৰ ভাগত এটি প্ৰায় দুবছৰীয়া শিশু সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে । মধ্য ৰুণীখাতাৰ ৰায়বস্তীৰ জলসিঞ্চন বিভাগৰ নলাৰ পানীৰ সোঁতত উটি যোৱাৰ সন্দেহ কৰা হৈছে।
৪) বদৰুদ্দিন আজমলৰ স্পষ্টীকৰণ, তেওঁৰ বাসগৃহত চলা নাই অভিযান। কৰা হোৱা নাই জেৰা।
৫)গোলাঘাটত ব্লক নিৰ্মাণ কাৰখানাত অঘটন, মেছিনত সোমাই বিছিন্ন হ'ল শ্ৰমিকৰ হাত। সুস্থ আছে শ্ৰমিক গৰাকী। তেওঁৰ নাম ছাফ্ৰাছ আলম।
৫) অসম যুৱ ক্ৰীড়া ক্ষেত্ৰখনত সমুজ্জ্বল তাৰকা হৈ উজ্বলিল লখিমপুৰ জিলাৰ ৫ গৰাকী সম্ভাৱনাময় যুৱ ক্ৰীড়াবিদ। গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হৈ থকা অসম যুৱ অলিম্পিক ২০২২ ত ঢকুৱাখনা টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক কৃষ্ণ কান্ত গগৈৰ অধীনত প্ৰশিক্ষণ প্ৰাপ্ত ৫ গৰাকী খেলুৱৈয়ে নিজৰ প্ৰতিভা বিকশিত কৰি পদক আজুৰি আনিবলৈ সক্ষম হৈছে।
৬)নগাওঁ জিলাৰ উৰিয়াগাঁও বাইপাছ চকত মঙলবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয়।এখন কয়লা ভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।
৭)অসম যুৱ অলিম্পিকত সোণ, ৰূপৰ পদক কঢ়িয়াই আনিলে ধেমাজিৰ কেইবাগৰাকী খেলুৱৈয়ে।
৮)দেশ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনিৰ অধীনত মংগলবাৰে দক্ষিণ শালমাৰাৰ শালকাটা আৰু নস্কৰা গাওঁ পঞ্চায়তত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়।
৯) এক শোকাৱহ ঘটনা। চিৰিয়াখানাৰ পৰা ওলাই অহা হৰিণৰ কৰুণ মৃত্যু গুৱাহাটীৰ হেঙেৰাবাৰীত।
১০) 'আজাদী কা অমৃত মহোৎসৱ , ঘৰে ঘৰে ত্ৰিৰংগা আঁচনি 'ৰ আধাৰত ঢকুৱাখনা মহকুমাত সোমবাৰে এটা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰা হয়
১১)জোনাই মহকুমাৰ জোনাই আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত মংগলবাৰে জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
১২)গোলাঘাটত বন্দুকৰ গুলীত আহত মহিলা।ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বক্সিঙৰ ছাত্ৰৰ গুলীত আহত সংগীতা বৰা নামৰ মহিলাগৰাকী।
১৩)ৰৌতাৰ ইকৰাবাৰীত চোৰাং গৰুসহ আটক চালক,গাড়ীৰ গৰাকী। ইকৰাবাৰী আৰক্ষী এটা দলে এক গোপন খবৰৰ ভিত্তিত চলাইছিল এই অভিযান। অভিযান কালত আৰক্ষীয়ে গাড়ীসহ তিনিটা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে গৰু কঢ়িওৱা এখন গাড়ী আৰু গাড়ীখনৰ গৰাকী, চালকক আৰক্ষীয়ে আটক কৰে।
১৪) বঙাইগাঁও শোধনাগাৰৰ নাম সলাই বড়োলেণ্ড শোধনাগাৰ কৰাৰ দাবী এবছুৰ দাবী।
১৫) জুৰীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জুৰীয়াৰ মাহগুৰীত আৰক্ষীয়ে চলালে ড্রাগছ বিৰোধী অভিযান।অভিযানত ড্রাগছসহ গ্রেপ্তাৰ ৩ সৰবৰাহকাৰী।
১৬) অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ দীঘলিপুখুৰীস্থিত 'ষ্টেট ৱাৰ মেম'ৰিয়েল'ত সৈনিক ৱেলফেয়াৰ অসমৰ উদ্যোগত আয়োজিত কাৰ্গিল বিজয় দিৱসত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে আৰু কাৰ্গিল যুদ্ধত ছহিদ হোৱা বীৰ জোৱানসকলক স্মৰণ কৰি 'অমৰ জোৱান'ত পুষ্পাঞ্জলী অৰ্পণ কৰে |
১৭) ছেবাই আজি মুকলি কৰিলে দুটাকৈ এপ।ইয়াৰে এটা এপৰ জৰিয়তে শিক্ষাৰ্থী সকলে স্প'কেন ইংলীছৰ অনলাইন পাঠ গ্ৰহণ কৰিব আৰু এটা এপত হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা অসম হাই মাদ্ৰাছাৰ লিগেছী ডাটা উপলব্ধ হ'ব। ইয়াৰ উপৰিও অতি শীঘ্ৰেই মেনেজমেণ্টৰ কাৰণে এটা প'ৰ্টেল মুকলি কৰিব বুলিও শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে।
১৮) কংগ্ৰেছৰ সাংসদত তথা দলটোৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক দিল্লী আৰক্ষীয়ে আটক কৰিছে। দিল্লীৰ বিজয় চকৰ পৰা আটক কৰা হৈছে ৰাহুল গান্ধীক।
১৯) স্বাস্থ্য কিছু উন্নত হৈছে বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক শিৱনাথ বৰ্মনৰ। নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা চিন্তাবিদগৰাকী মধুমেহ, বৃক্ক, হৃদজনিত ৰোগ, স্নায়ু আদি কেইবাটাও ৰোগত আক্ৰান্ত।
২০) ঢকুৱাখনাত শ্যাম প্ৰসাদ মুখাৰ্জী ৰুৰৱান মিছনৰ আঁচনি ৰূপায়ণৰ বেলিকা ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। উত্থাপিত হৈছে মাতমৰাত নিৰ্মীয়মান এই আঁচনি বিভাগীয় প্ৰাককলন অনুসৰি ৰূপায়ন নকৰাৰ ৰাজহুৱা অভিযোগ ।
২১)সোমবাৰে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে " সন্ত্রাসবাদী কাৰ্য " সংঘটিত কৰাত সহায় কৰাৰ অভিযোগত এজন প্ৰাক্তন সাংসদ, এজন গণতন্ত্ৰ কৰ্মী আৰু আন দুজন ৰাজনৈতিক বন্দীক ফাঁচী দিয়ে ।
২২) লামডিঙ আৰক্ষীৰ জালত দুজনকৈ ড্ৰাগছ ব্যৱসায় ৷ লামডিঙ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা নেতৃত্ব পুৱতি নিশা লামডিঙ ক্ৰচিংগেটত অভিযান চলায় ৷ অভিযান ৯ গ্ৰাম ড্ৰাগছ সহ লামডিঙৰ ৰাজ ৰয় আৰু বিশাল পাল নামৰ দুজন ব্যৱসায়ক আটক কৰিবলৈ সক্ষম হয় ৷
২৩) ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনিৰ অধীনত দক্ষিণ শালমাৰাত ৯ খন ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি।
২৪)" ৰ'দালি " মাহেকীয়া কবিতা আলোচনীয়ে আয়োজন কৰা স্বৰচিত কবিতা আৰু স্বৰচিত কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। বৰ্ষপূৰ্তি অনুষ্ঠানত উন্মোচন হ'ব দহ খন গ্ৰন্থ।
২৫) বাল্য বিবাহক লৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য ।। ২০১৯-২০ বৰ্ষৰ সমীক্ষাত দক্ষিণ শালমাৰা মানকাচৰ জিলাত সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহ হৈছে বাল্য বিবাহ ।
আৰু পঢ়ক: মহানগৰীত ভয়ংকৰ ঘটনা; ৪ দিন ধৰি কোঠাত আৱদ্ধ ৰাখি যুৱতীক বলাৎকাৰ…