১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১)মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দালাই লামাৰ আৰ্থিক সাহায্য। ১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ধৰ্মগুৰু দালাই লামাই।

২)শুকুৰবাৰে ৰাজ্যৰ জিলা সমূহৰ আৰক্ষীৰ মাজত ৩২৫ খন মটৰ চাইকেল বিতৰণ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

৩)সাম্প্ৰতিক বানৰ কালত ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু সোৱণশিৰী ৰাজহ চক্ৰৰ  অন্তৰ্গত মুঠ ২ হাজাৰ ৪২০ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। মহকুমা প্ৰশাসনৰ পৰা উপলব্ধ তথ্য মতে  মহকুমাটোৰ  মুঠ ১৫ হাজাৰ ৩৫৪ গৰাকী  ব্যক্তি বানত আক্ৰান্ত হৈছে।

৪)নগাঁও জিলাৰ চৌদিশে জলপ্ৰলয়।বানে বিপৰ্যস্ত কৰা নগাঁওবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাঁৱৰ টেলিভিছন আৰু ডিজিটেল মাধ্যমৰ সাংবাদিকৰ সংগঠন নগাঁও ইলেকট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছ'চিয়েছন চমুকৈ নেডমাই। 

৫)নিৰুদ্দেশ পোষ্টাৰ লগাই মৰিগাঁৱত অভিনৱ প্ৰতিবাদ। বানত বিধ্বস্ত মৰিগাঁৱত এবাৰ খবৰ কৰা নাই নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বিগত এটা মাহত দুবাৰকৈ বানত আক্ৰান্ত হৈছে মৰিগাঁৱৰ বিস্তৰ অঞ্চল।

৬)বিশিষ্ট সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ আৰু নাই।শিশু সাহিত্য, নাটক, গীত , কবিতা আদি সকলো ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বৰঠাকুৰ আছিল প্ৰয়াত বিশিষ্ট নাট্যকাৰ, সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ ভাতৃ।

৭)পুনৰ কংগ্ৰেছৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতাৰ। প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র দিলীপ কুমাৰ শৰ্মাৰ পদত্যাগ।

৮)তিনিচুকীয়া জিলাৰ নলনী চাহ বাগিছাৰ প্ৰায় ৩৫ বিঘা ভূমি অধিগ্ৰহণ কৰি চাহগছ উচ্ছেদেৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ইয়াৰ আশে-পাশে থকা তৈল খাদসমূহৰ পৰা খাৰুৱা তেল সংৰক্ষণৰ হেতু অ'চিএছ স্থাপনৰ যো-জা চলোৱাক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে বাগিছাখনৰ শ্ৰমিক । সাৱ্যস্ত কৰে প্ৰতিবাদ।

৯)গুৱাহাটী পৌৰ নিগমৰ কঠোৰ সিদ্ধান্ত। ৪ গৰাকী ব্যক্তি আৰু ৩ প্ৰতিষ্ঠানক নিষেধাজ্ঞা। মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনিত বিসংগতিৰ বাবে এই কঠোৰ সিদ্ধান্ত।

১০)চৰাইদেউ জিলাৰ মথুৰাপুৰত আৰক্ষীয়ে শুকুৰবাৰে এটা মবাইল চোৰক আটক কৰি জে'ললৈ প্ৰেৰণ কৰিছে৷ 

১১)তপন কুমাৰ ডেকাত IBৰ নতুন দায়িত্ব।IB(ইন্টলিজেঞ্চ ব্যুৰ') ৰ সঞ্চালকৰ দায়িত্ব জ্যেষ্ঠ IPS বিষয়াজনক। দুই বছৰৰ বাবে নতুন দায়িত্ব অৰ্পন ডেকাক।

১২)বৰপেটাত পুনৰ বানে কাঢ়িলে এজনৰ প্ৰাণ ৷ বানত বিধ্বস্ত হৈ পৰা বৰপেটা জিলাৰ সুন্দৰীদিয়াত সংঘটিত হয় এই শোকাবহ ঘটনা ৷ বৰপেটা চহৰৰ সমীপৱৰ্ত্তী সুন্দৰীদিয়াৰ পূৱ হাটীত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ আজি পানীত পৰি মৃত্যু হয় ৷

১৩)অসমৰ সামগ্ৰীক বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়। এই বৈঠকতে ৰাজ্যৰ জিলাসমূহৰ বৰ্তমানৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ লগতে ভাগি যোৱা মথাউৰিসমূহ শীঘ্ৰেই অস্থায়ীৰূপত মেৰামতি কৰিবলৈ বিভাগৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। 

১৪)২৬ জুনত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ উপলক্ষে আগতীয়াকৈ আজি ভিন্ন অভিযানত জব্দ কৰা মৰিগাঁও জিলাৰ সকলো ড্ৰাগছ দাহন কৰা হয়। জব্দকৃত হেৰইন, গাঞ্জা আৰু নিচাযুক্ত টেবলেট মিলাই দাহ কৰা হ'য় প্ৰায় ৩৩.৫ কোটি টকাৰ অধিক ড্ৰাগছ। 

১৫)দেশৰ তদন্তকাৰী সংস্থা "এনফৰ্চমেণ্ট ডাইৰেক্টৰ"ক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ , ৰাষ্ট্ৰৰ সৰ্ব শক্তিধৰ ভাৰতীয় সেনাৰ মৰ্যদা ভূ লুণ্ঠিত কৰি "অগ্নিপথ"আঁচনি  গ্ৰহণ আদিৰ বিৰোধিতাৰে শুক্ৰবাৰে ঢকুৱাখনাত সাব্যস্ত কৰা হয় সবল প্ৰতিবাদ ।

১৬)মুম্বাইলৈ যাত্ৰা একনাথ সিন্দেৰ।গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লু এৰি মুম্বাই অভিমুখে যাত্ৰা বিসম্বাদী নেতাগৰাকী। মহাৰাষ্ট্ৰৰ উপাধ্যক্ষলৈ ইতিমধ্যে একনাথ সিন্দেই প্ৰেৰণ কৰিছিল পত্ৰ।

১৭)নাৰায়ণপুৰত সংঘটিত হৈছে কৰুণ ঘটনা। ঘাটকৰ ৰূপত অৱতীৰ্ণ হৈছে বিয়াগোম শক্তি বিভাগ। শক্তি বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত দৈনিক মৃত্যুমুখত পৰিছে ১৫-২০ টাকৈ বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষী।

১৮)নগাঁৱৰ বৰঘাটত কৰায়ত্ব দুজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ কৰায়ত্ব হোৱা চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম হৈছে খুলকপাম চবিৰ ৷ আন জন সৰবৰাহকাৰীৰ নাম হৈছে খুলকপাম চৰিফ ৷ দুয়োৰে ঘৰ মলিপুৰৰ ইম্ফলত ৷

১৯) শিৱসাগৰ চহৰত অঘটন। আজি পুৱতি নিশা আমগুৰি ঘাটৰ দিখৌ দলঙৰ ওপৰৰ পৰা নদীত জঁপিয়াই এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । 

২০)কুৰবাৰে ৰাজ্যৰ জিলা সমূহৰ আৰক্ষীৰ মাজত ৩২৫ খন মটৰ চাইকেল বিতৰণ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ পেৰেড গ্ৰাউণ্ডত ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

২১)কামৰূপ জিলাৰ বকোত কণ্ঠশিল্পী এগৰাকীৰ দোকান তিনিবাৰকৈ চুৰি । বকো থানাৰ অন্তৰ্গত শাখাতি চ'কত থকা ৰাজু সৰকাৰ নামৰ কণ্ঠশিল্পীগৰাকীৰ কাপোৰ দোকানত প্ৰথমবাৰ যোৱা মাৰ্চ মাহত চোৰ সোমাইছিল।

২২)অম্বুবাচীলৈ অহা ভক্তৰ দেহত ক'ভিড প'জিটিভ। পশ্চিমবংগৰ পৰা অহা ভক্তৰ দেহত ধৰা পৰিছে ক'ভিড।GMCHত ভৰ্তি কৰোৱা হৈছে ভক্তগৰাকীক।

২৩)ধনৰ বিনিময়ত বান সাহাৰ্য় প্ৰদানৰ অভিযোগৰ ক্ষেত্ৰত কঠোৰ হৈছে নগাঁৱৰ প্ৰশাসন ৷বানসাহাৰ্য্যৰ নামত ধন দাবী কৰিলে ১০৭৭ নম্বৰত খবৰ দিয়ক।

২৪)জ্ঞানপীঠ বঁটা প্ৰাপক সাহিত্যিক নীলমণি ফুকন অভিনন্দন সংখ্যা হিচাপে প্ৰকাশ পাব অসম সাহিত্য সভা পত্ৰিকা।

২৫)চন্দ্রপুৰৰ পানীখাইতিৰ তিনিটুকুৰাত মৃতদেহ উদ্ধাৰ।মৃতদেহটো সন্ধানহীন হৈ থকা চন্দ্র নমঃশূদ্রৰ বুলি চিনাক্ত। বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল চন্দ্র নমঃশূদ্র।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in