১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১) চাহ বাগিচাৰ কলঘৰত আহত হোৱা মইনা নায়ক ক্ৰমে সুস্থ হৈ উঠিছে। প্লাষ্টিক ছাৰ্জাৰীৰ দায়িত্বত চলিব মইনা নায়কৰ চিকিৎসা।

Advertisment

২)ধুবুৰীৰ তামাৰহাটৰ মুছলমানপাৰাত পথ দুৰ্ঘটনা। বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত। নিহত এজন।

৩) আজি ঘোষিত হয় চি বি এছ ইৰ ফলাফল।

৪)আসাম প্ৰেছ ক'ৰেছপ'ণ্ডেণ্টছ ইউনিয়ন, চমুকৈ 'আপকু'ৰ তিনিচুকীয়া জিলা সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখনি শুকুৰবাৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।

৫)কলিয়াবৰত ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে ভোকাতুৰ বন্যহস্তীয়ে। জখলাবন্ধা দেৱসত্ৰ গাঁৱত শুক্ৰবাৰে পুৱতি নিশা ঘৰ ভাঙি অনিষ্ট সাধন কৰে বন্যহস্তীয়ে।

৬)  শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত নহিৰাৰ ওচৰৰ গুইমাৰাৰ ব্ৰহ্মপুত্ৰত শুকুৰবাৰে আৰক্ষীয়ে অচিনাক্ত মৃতদেহ এটা উদ্ধাৰ কৰে ৷ 

৭) সদ্য ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ( চি বি এছ চি )ৰ দশম শ্ৰেণীৰ  ফলাফল অনুসৰি  ঢকুৱাখনাৰ প্ৰধানতম ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুলৰ উত্তীৰ্ণৰ হাৰ  ১০০ শতাংশ  ।

৯)শুকুৰবাৰে বিয়লি ইহলীলা সম্বৰন কৰে হেম কান্ত কলিতাই ৷ ৭৫ বছৰ বয়সত পুৰনিগুদাম নাম পানী গাঁৱৰ নিজা বাসভৱনত বাধক্যজনিত কাৰনত মৃত্যুক সাৱতি লয় হেমকান্ত কলিতাই ৷

১০)পেকেজিং ফুডৰ ওপৰত বৈজ্ঞানিক ভাৱে সতৰ্ক বাৰ্তা লিখাৰ সপক্ষে উদ্যোগগোষ্ঠী। অনুষ্ঠিত কৰ্মশালা।

১১):অৱশেষত শুকুৰবাৰৰ সন্ধিয়া মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোহাই।গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন মঞ্জুৰ হোৱাৰ পাছত ৬৫ দিনৰ পাছত গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে বৰ্ষাশ্ৰীয়ে।

১২)কলিয়াবৰ আৰক্ষীয়ে শুকুৰবাৰে জব্দ কৰিলে অবৈধভাৱে সৰবৰাহ কৰা গো-ভৰ্তি বাহন। গোপন খবৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে নাকাচেকিঙৰ জৰিয়তে জব্দ কৰে বাহনখন।

১৩)দৰঙৰ এক আজৱ ঘটনা। নিযুক্তি পাইছিল চতুৰ্থ বৰ্গত, অৱসৰ ল'লে প্ৰধান শিক্ষক হিচাপে। চতুৰ্থ বৰ্গৰ পৰা শিক্ষকলৈ পদোন্নতি এইগৰাকী শিক্ষকৰ। তেওঁৰ নাম কনক চন্দ্ৰ বৰা।

১৪)আজি ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০।অজয় দেৱগন আৰু সূৰ্যক যুটীয়াভাৱে শ্রেষ্ঠ অভিনেতাৰ সন্মান প্ৰদান কৰা হয়। 

১৫) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০। কৃপাল কলিতাৰ পৰিচালিত ব্ৰীজ ছবিলৈ ৰজত কমল বঁটা।

১৬) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০। আইমী বৰুৱাৰ পৰিচালিত চেমখৰ লৈ জুৰীৰ বিশেষ বঁটা লগতে লাভ কৰে শ্ৰেষ্ঠ ডিমাচা ছবিৰ সন্মান।

১৭) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০। খঞ্জন কিশোৰ নাথৰ কাৰ্বি চুটি ছবি কাচিচিনিথু লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান।

১৮) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২০ । শ্ৰেষ্ঠ পৰিৱেশ সম্বন্ধীয় ছবি দ্বীপ ভূঞাৰ পৰিচালিত মানাহ আৰু মানুহ।

১৯)১৯ জুলাইত অৰুণাচললৈ ফুৰিবলৈ যোৱা নগাঁৱৰ ৪ যুৱকৰ মৃতদেহ উদ্ধাৰ। দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ।

২০) গুৱাহাটীৰ বাঘৰবড়িৰ এটা অট্টালিকাত সংঘটিত হৈছে জঘণ্যকাণ্ড। এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা দুই কলেজীয়া ছাত্ৰৰ।

২১)মহানগৰীৰ চচলত প্ৰতিবাদ। সদৌ অসম আদিবাসী ছাত্র সন্থাৰ এই প্রতিবাদ। কেইবাটাও দাবীৰে এই প্ৰতিবাদ সংগঠনটোৰ।

২২)জয়ঢোল বজাই মোডীয়ে উদ্বোধন কৰা ১৫ হাজাৰ কোটি টকীয়া বুন্দলখণ্ড এক্সপ্ৰেছৱে খহিল মাত্ৰ এজাক বৰষুণত। দেখা গ'ল বৃহৎ ফাট।

২৩) নগাঁৱৰ বৰকলাত জঘণ্য হত্যাকাণ্ড। নিজ পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ। গৃহ কন্দলৰ কৰুণ পৰিণতি।

২৪) মন জিলাৰ গণহত্যাৰে জড়িত সেনাৰ বিৰুদ্ধে নাগালেণ্ড চৰকাৰৰ এছ আই টিয়ে ৰুজু কৰা গোচৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ।

২৫) কলিয়াবৰত পথ দুৰ্ঘটনাত । নিহত বিদুৎ বিভাগৰ কৰ্মচাৰী জিতু মনি বৈশ্য।

আৰু পঢ়ক: পূৱ নলবাৰীত গছৰ তলত শৈক্ষিক সভা: ১০০% ফলাফল লাভৰ প্ৰচেষ্টা…

assam accident news cbsc Assam police