১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
এক মিনিটত ২৫ খবৰ…

১)ৰাজ্যত অব্যাহত আছে বানৰ কালৰূপ। চলিত বৰ্ষত বান, ভূমিস্খলনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি।

Advertisment

২)অভিযান চলাবলৈ যোৱা কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতি আৰু কণিষ্টবল ৰাজীৱ বৰদলৈক বানে উটুৱাই নিয়া ঘটনাই সমগ্ৰ নগাঁৱতে শোঁকৰ ছা পেলাইছে। 

৩) আজি ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৰাভা দিৱস।

৪)সোমবাৰে দুপৰ ভাগৰ পৰা নগাঁও চহৰলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ নগাঁও পৌৰসভাৰ দহটাকৈ মহলাত ত্ৰাসৰ সৃষ্টি কৰিছে কলঙৰ বাঢ়নী পানীয়ে ৷ চহৰখনৰ ৩,৫,৬,৭,৮,১০,১৯ নম্বৰ ৱাৰ্ড এতিয়া কলঙৰ বানৰ কবলত ৷

৫)চিৰাঙৰ বাসুগাঁৱত সোমবাৰে এক ভয়ংকৰ গণপ্ৰহাৰ ঘটনা সংঘটিত হয় । আৰক্ষীৰ সন্মুখতে উত্তেজিত জনতাই এগৰাকী বলাৎকাৰৰ অভিযুক্ত আচামীক গণপ্ৰহাৰ কৰে ।  নাম বাহাৰুল মণ্ডল।

৬)কলিয়াবৰৰ মিছা চাহ বাগিচাত অঘটন।দুদিন পূৰ্বে পুখুৰী মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটা এজন যুৱকৰ সোমবাৰে মৃতদেহ উদ্ধাৰ হয় । নিহত যুৱকজন বাগিচাখনৰ ১৪ নং লাইনৰ অমৰ নায়ক বুলি চিনাক্ত কৰা হৈছে। 

৭)গাঁৱত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। সোমবাৰে দিন দুপৰতে চহৰখনৰ নগাঁও কলেজ চ'কত মটৰচাইকেলত অহা চিলনীচোৰে সংঘটিত কৰিলে এক ধন লুটৰ ঘটনা।

৮)চৰাইদেউ জিলাৰ অধীনস্থ সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজাববীয়াকৈ মুখ্যমন্ত্ৰী সাহায্য পূঁজি" লৈ আগবঢ়াই তিনি লাখ টকাৰ বৰঙণি।

৯)ঢকুৱাখনা মহকুমাৰ ২ নং বাটমাৰী গাঁও নিবাসী ,বৰ্ষীয়ান সমাজসেৱী কনকেশ্বৰ শইকীয়াৰ দেওবাৰে নিশা পৰলোক প্ৰাপ্তি ঘটে । 

১০)লংকাৰ কাকীত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি। ফাটেমা বেগমক হত্যাৰ সন্দেহত স্বামী জাকিৰ হুছেইনক আৱদ্ধ ৰাইজৰ।

১১)ধনশ্ৰী নদীত কালিৰে পৰা হঠাৎ বৃদ্ধি হোৱা বাঢ়নী পানীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ৰাষ্টীয় উদ্যানখনৰ প্ৰায় ৮০ শতাংশ অঞ্চল বানপানীয়ে বুৰাই পেলাইছে৷ 

১২)বান পৰিস্থিতিক লৈ দিছপুৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক।জিলা উপায়ুক্তসকলৰ পৰা বানপৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে।বহুকেইগৰাকী জিলা উপায়ুক্তৰ কাম-কাজত ক্ষুণ্ণ মুখ্যমন্ত্রী ড০ শৰ্মা।

১৩)দৰঙত বান সাহাৰ্য যোগানত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী। অতি নিম্ন মানৰ খাদ্য সামগ্ৰী যোগন ধৰি লুণ্ঠন চলাবলৈ উঠি পৰি লাগিছে একাংশ বিষয়া আৰু ঠিকাদাৰ।

১৪)১৮ নহয়, ১৬ বছৰতে বিয়া হ'ব পাৰিব যুৱতী। অৱশ্যে সকলো ধৰ্মীয় ছোৱালীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। কেৱল মুছলমান ছোৱালীয়েহে ১৬ বছৰ বয়সতে নিজ ইচ্ছানুসৰি দৰা বিচাৰিব পাৰিব। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এক ৰায়দানত এই কথা প্ৰকাশ পাইছে।

১৫) বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে বোকাখাতত অসম চাহ মজদুৰ সংঘৰ ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী।

১৬)বাক্সা জিলাৰ শালবাৰীত বেকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মৰ। সমগ্ৰ অসমৰ সমান্তৰালকৈ বড়োভূমিতো বানে লৈছে সংহাৰী ৰূপ।

১৭)কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলে আজি শপতগ্ৰহণ কৰিব। পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব তুলিৰাম ৰংহাঙে। প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সদস্যসকলক শপত বাক্য পাঠ কৰাব ৰাজ্যপালে।

১৮)কোকৰাঝাৰ জিলাৰ ঢোলমাৰাত জামে মছজিদ ভাঙিলে দুৰ্ষ্কৃতিকাৰীয়ে ।ঢোলমাৰাত জামে মছজিদৰ ভেণ্টিলেচন , পানীৰ টেপ , গেট ইত্যাদিৰ ক্ষতিসাধন ।

১৯)অৱশেষত উদ্ধাৰ হ'ল দিপাংকৰৰ মৃতদেহ। শনিবাৰৰ পৰাই সন্ধানহৈ আছিল দেৰগাঁৱৰ দিপাংকৰ ৰাজখোৱাৰ মৃতদেহ। শনিবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ গেলাবিল দলঙৰ পৰা নদীত জাঁপ দিছিল দিপাংকৰে।

২০)মৰিগাঁৱত পুখুৰীত পৰি পুনৰ ২ গৰাকী কিশোৰীৰ মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

২১)নেপালৰ ভূমিস্খলনত সন্ধানহীন দুই ভাৰতীয় যুৱক।

২২)বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ লগতে স্বায়ী সমাধানৰ দাবী আছুৰ  মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ।

২৩)কামৰূপ জিলা প্ৰশাসনে উত্তৰ কামৰূপৰ সকলো শিক্ষানুষ্ঠানত ২১ জুনত বন্ধ ঘোষণা কৰে। বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত।

২৪)মমতা বেনাৰ্জীৰ অনুৰোধ প্ৰত্যাখ্যান। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নহয় গোপাল কৃষ্ণ গান্ধী।

২৫)অগ্নীবীৰক চাকৰি দিবলৈ আগ্ৰহী উদ্যোগপতি আনন্দ মহিন্দ্ৰা।

assam flood Mamta banarjee Assam police