/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/one-minute-face.jpg)
১) আজি হস্পাতালত ভৰ্তি কৰোৱা হয় কণ্ঠশিল্পী জুবিন গাৰ্গক। বাথৰূমত পৰি মূৰত আঘাত পোৱাৰ ফলত ৫ টাকৈ চিলাই পৰে। বৰ্তমান সুস্থ তেওঁ।
২)পুনৰ হুংকাৰ দিছে কমতাপুৰ লিবাৰেছন অৰগেনাইজেশ্যনে।মমতা চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ কে এল অ'ৰ নেতা জীৱন সিংহৰ।
৩) নগাঁৱত এগৰাকী তেৰ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই ৰঙাঘৰত সোমাব লগা হৈছে এজন ব্যক্তি ৷ তেওঁৰ নাম আবু বুলি জানিব পৰা গৈছে।
৪)কৃষক সকলৰ বাবে সুখবৰ ৷ বিভিন্ন বিষয় সামৰি কৃষি বিভাগে ৰাইচ ন'লেজ বেংক নামক এটি এপ আৰু ৱেব পেইজ সাজু কৰিছে ৷
৫)তিনিদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ অহা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে কাছাৰ জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি জিলাখনত বান নিয়ন্ত্ৰণৰ বাবে ল'বলগা ব্যৱস্থাসমূহৰ বুজ লয় ।
৬)কামৰূপ জিলাৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত মাতিৰাম চৰত বুধবাৰে বিয়লি আৰক্ষীয়ে অচিনাক্ত মৃতদেহ এটা উদ্ধাৰ কৰে ৷
৭)জীৱ বিজ্ঞানৰ বংশগতি তত্বৰ উদ্ভাৱক তথা ' ফাদাৰ অৱ জেনেটিক্স' খ্যাত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্মদ্বিশতবাৰ্ষিকী কাৰ্যসূচী বুধবাৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰা হয় ।
৮)বিশিষ্ট চিন্তাবিদ,লেখক,সাহিত্যিক, শিৱনাথ বৰ্মন গুৰুতৰভাৱে অসুস্থ। সাহিত্যিক গৰাকীক বৰ্তমান ভঙাগড় নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰি থোৱা হৈছে।
৯)উজনি আৰু উত্তৰ অসমৰ ৬ খন জিলাত সামগ্ৰিকভাবে কৃষিৰ সম্প্ৰসাৰণ আৰু উত্তৰণ ঘটোৱাৰ বাবে লোৱা আচনিৰ বাৰ্ষিক পৰ্যালোচনা সভাখন বুধবাৰে অনুষ্ঠিত হয়।
১০) কলিয়াবৰ মহকুমাৰ আমগুৰি গাঁও পঞ্চায়ত এলেকাৰ ফুলগুৰি অঞ্চলত বাঘৰ উপদ্ৰৱে সৃষ্টি কৰিছে গভীৰ আতংকৰ। যোৱা কিছু দিনত দিনদুপৰতে এটা ঢেকীয়াপটীয়া বাঘৰ সন্ত্ৰাসে অঞ্চলটোত সৃষ্টি কৰিছে আতংক ।
১১)চৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান মধুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষৰ আগষ্ট মাহৰ ২২ তাৰিখে ৭৫ বছৰ পূর্ণ কৰিব।
১২) কোকৰাঝাৰ জিলাৰ বালাজান আৰক্ষীয়ে বুধবাৰে পুৱা চোৰাং গৰু সহিতে দুজনক আটক কৰিবলৈ সক্ষম হৈছে । দহটা গৰুসহ আটক হোৱা চোৰাং বেপাৰী দুটা কাউনিয়াভাষাৰ হাবিবুৰ আলি মণ্ডল আৰু হৰিনাগুৰীৰ দালু মাৰ্ডী।
১৩) বোকাজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। উদ্ধাৰ হৈছে প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ।
১৪) নগাঁৱৰ বটদ্ৰৱা সংযোগী গৰৈমাৰী গড়কাপ্তানী পথত দুৰ্ঘটনা। এখন টেম্পু আৰু স্ক'ৰপিঅ'ৰ মুখামুখী সংঘৰ্ষ। দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হৈছে। দুৰ্ঘটনাত পতিত হোৱা টেম্পুখনৰ নম্বৰ এ এছ ০২ এচি ৩৪২৬ আৰি স্ক'ৰপিঅ'খনৰ নম্বৰ এ এছ ০১ এ কে ৮৫২৪।
১৫)ঝাৰখণ্ডৰ ৰাচীত মহিলা আৰক্ষীক মহতিয়ালে এখন পিক আপ ভানে।মহিলা আৰক্ষীগৰাকীয়ে তালাচী চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে মহিলা আৰক্ষীগৰাকীক মহতিয়াই পলায়ন কৰে ভানখনৰ চালকজনে।এই ঘটনাৰ ফলত ঘটনাস্থলিতে মৃত্যুমুখত পৰে মহিলা আৰক্ষীগৰাকী।
১৬)জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী পীৰ নগৰ অঞ্চলত থকা বালেশ্বৰ আৰু ফুচকাইন শ্লুইচ গেট পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়।
১৭)বকোত সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ২৫ মেগাৱাট সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্রী গৰাকীৰ।
১৮) বুধবাৰে আৰক্ষী বিভাগে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন সহ এটি অগ্নি নিৰ্বাপক বাহিনী আস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিক আনুষ্ঠানিক ভাৱে অৰ্পন কৰে।
১৯)বিজ্ঞাপন, সাক্ষাৎকাৰ অবিহনেই মীন নিগমত ২১৭ জনক নিযুক্তি। তদন্ত কমিটীৰ প্ৰতিবেদনত স্পষ্ট কেলংকাৰী।
২০)শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উতপ্ত পৰিস্থিতি। ৫ বছৰীয়া নাবালক কন্যাৰ ৰহস্যজনক মৃত্যু।পৰিস্মীতা দত্ত আৰু বিতুপন ঢেঁকীয়ালফুকনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল কন্যাজনী।
২১)নৰোৱা কুজি সত্ৰৰ অষ্টম গৰাকী সত্ৰাধিকাৰ ভুৱন চন্দ্ৰ দেৱ গোস্বামীৰ ভাৰ্য্যা তথা বৰ্তমানৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীৰ মাতৃ, অঞ্চলটোৰ আটাইতকৈ বয়োজেষ্ঠ আইমাতৄ ক্ষীৰেশ্বৰী গোস্বামীৰ বিয়োগ।
২২)মুছলপুৰ আঞ্চলিক এবছু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰিক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।
২৩)বিদ্যুৎৰ সঘন কৰ্তনক লৈ নামৰূপ উপসংমণ্ডল কাৰ্যালয় ঘেৰাও নামৰূপ আছুৰ ।শক্তি মন্ত্ৰী নন্দিতা গাৰলোছাৰ পুত্তলিকা দাহ কৰিলে আছুৱে।
২৪)২১০ বছৰীয়া জন্ম তিথিত অসমীয়া ভাষাৰ উত্তৰনৰ অন্যতম কাণ্ডাৰী মাইল্স ব্ৰনচনৰ এটি পূৰ্ণাৱয়ব প্ৰতিকৃৰ্তি উন্মোচিত হয় ৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ব্ৰনছনৰ পূৰ্ণাৱয়ৰ প্ৰতিকৃৰ্তি আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৷
২৫) চিৰাঙৰ ঢালিগাঁৱত বিটিআৰ – চি ই এম – ইউ পি এছ চি চুপাৰ ৫০ প্ৰশিক্ষণ শিৱিৰৰ শুভ আৰম্ভণি ।