/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/one-minute-face.jpg)
১) ভুৱা পি এইচ ডি ডিগ্ৰীৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানত কৰ্মৰত ৭০ গৰাকী অধ্যাপক তথা অন্যান্য কৰ্মচাৰীয়ে ভুৱা পি এইচ ডি ডিগ্ৰী গ্ৰহণৰ তথ্য পোৱা গৈছে। এই ভুৱা পি এইচ ডি ডিগ্ৰীধাৰী অধ্যাপকসকললৈ চমন জাৰি কৰা হৈছে।
২) নামৰূপৰ চাইক্য গাৱঁত থকা শিলৰ খাদানৰ বৃহৎ বৃহৎ পুখুৰীসমূহ ক্ৰমে মৰণফাণ্ডত পৰিণত হৈছে। সংস্কৃতিবান কৃষি কৰ্মৰে সমৃদ্ধ গাঁৱখনত যেনি তেনি শিল খান্দি গাঁওখনৰ ভিতৰ ফালে এক কদৰ্য বিধস্ত পৰিবেশত জীৱন নিৰ্বাহ কৰিছে গাঁও বাসীয়ে।
৩) কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেডে এক দীঘলীয়া সময়ৰ পিচত চাকৰিৰ বাবে এক স্বচ্ছ আৰু কঠোৰ অনুশাসনৰ মাজেৰে সফলতাৰে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হয়।
৪) কামৰূপ জিলাৰ বকোত অহা ১০ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ৩৮ সংখ্যক ছহিদ ট্ৰফী ফুটবল প্ৰতিযোগিতা ।
৫) সোমবাৰে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন। এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধিৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ মাজত ৰাষ্ট্ৰপতিৰ আসন কোনে দখল কৰিব তাক লৈ হ'ব প্ৰতিদ্বন্বিতা।
৬) দক্ষিণ শালমৰাত ব্ৰহ্মপুত্ৰত গা ধুবলৈ সন্ধানহীন ২ শিশু। এজনৰ মৃতদেহ উদ্ধাৰ।
৭)চৰকাৰ-প্ৰশাসনে নহয় নাৰায়ণপুৰত গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ । লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰ অঞ্চলৰ ৰাইজে শ্ৰম দান কৰি নিৰ্মাণ কৰিলে নিজৰ গাঁৱৰ গুৰুত্বপূৰ্ণ পথটি ।
৮) মহানগৰীত এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত এটা লম্পট। নুনমাটি আৰক্ষীয়ে মুকালমুৱাৰ পৰা গ্রেপ্তাৰ কৰে লম্পটটোক।
৯) অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৰাচিৰা অঞ্চলবাসী ৰাইজৰ পূৰ্ণ সহযোগত জাতীয় সংগঠনটিয়ে নিৰ্মাণ কৰি উলিয়ালে এখন বাঁহৰ দলং ৷
১০)বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ গুলেস্তানত যুৱক-যুৱতী, পুৰুষ-মহিলা সকলো ৰাজপথত ওলাই ড্ৰাগছৰ বিৰুদ্ধে সমদল।
১১): কলিয়াবৰত দুই গৰু চোৰক ৰাইজে সোধালে উত্তম-মধ্যম। কলিয়াবৰৰ শালনাত দেওবাৰে গৰু চোৰ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল দুই গৰু চোৰ।
১২)নগাঁও আৰক্ষী নিৱেশত অঘটন ৷ এ কে ৪৭ ৰাইফলৰ ৯০ ৰাউণ্ড গুলী চুৰি ৷ তিনিটা মেগজিনত ভৰাই থোৱা ৯০ ৰাউণ্ড গুলী চোৰে উলিয়াই নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
১৩)জন্মু-কাশ্মীৰৰ পুলৱামাত পুনৰ সংঘটিত হৈছে এক আক্ৰমণ। এই আক্ৰমণত চি আৰ পি এফৰ উপ-পৰিদৰ্শক আহত হৈ পৰৱৰ্তী সময়ত মৃত্যু বৰণ কৰে।
১৪)কামৰূপ জিলাৰ বকোৰ দুগৰাকী ঊশ্বু খেলুৱৈয়ে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত ঊশ্বু প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে । ৰাজ্যিক ভিত্তিত ঊশ্বু এছোচিয়েচনে যোৱা ১৫ জুলাইৰ পৰা গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত কৰা ঊশ্বু প্ৰতিযোগিতাত ৪৫ কেজি শাখাত জিনা হুছেইনে প্ৰথমহৈ সোণৰ পদক কঢ়িয়াই আনিছে।আনহাতে বকোৰ ইলিনা ৰাভা নামৰ ঊশ্বু খেলুৱৈগৰাকী ৫২ কেজি শাখাত ৰাজ্যিক ভিত্তিত প্ৰথমহৈ সোণৰ পদক কঢ়িয়াই আনিছে ।
১৫)ছিংগাপুৰ অ'পেন চুপাৰ-৫০০ বিডেমিণ্টন টুৰ্ণামেণ্টতৰ মহিলাপ ছিংগলছৰ চূড়ান্ত প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে পি ভি সন্ধুয়ে।
১৬)চৰকাৰী কাৰ্যালসমূহৰ চাৰিসীমাত বৃক্ষৰোপনৰ আঁচনি। এই কাৰ্যসূচী ১৫ আগষ্টলৈকে চলিব।কিমান বৃক্ষৰোপন কৰা হ'ল, এই সৰ্ন্দভত এটা পৰ্টেলে নিৰীক্ষণ কৰিব।
১৭) দেওবাৰে বোকাখাত মহকুমাৰ সাংবাদিক সন্থাৰ আতিথ্যত বোকাখাত নাট্য মন্দিৰত ''অসম ৰাজ্যিক সাংবাদিক সন্থা''ৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
১৮)নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰি লালুং গাঁৱত আজি এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ তুলিছে পত্নীৰ পৰিয়ালৰ লোক আৰু স্থানীয় লোকে।
১৯)কামপুৰৰ কচুৱাত যুৱকৰ সলিল সমাধি।পথাৰত মাছ মাৰিবলৈ গৈ মৃত্য হ'ল যুৱকজনৰ। মৃত যুৱকজনৰ নাম আব্দুল ৰফিক।
২০)কলিয়াবৰত অঘটন, মৃত্যু এজন লোকৰ। উৎকট গৰমৰ ফলত মৃত্যু হোৱাৰ সন্দেহ লোকজনৰ। মৃত লোকজন বামুণী পথাৰৰ চমৰা ভূমিজ।
২১)দক্ষিণ কামৰূপৰ সোণতলিত ড্রাগছৰ বিৰুদ্ধে অভিযান।ড্রাগছ বিক্রী কৰি থকা অৱস্থাতে আটক জীয়াৰুল হকক।
২২) বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰ গুৰু গ্ৰাম্য পুথিভঁড়াল সমিতিৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা।
২৩) ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো আফ্রিকান ছ'ৱাইন ফিভাৰে লৈছে সংহাৰি ৰূপ। জিলাখনৰ দিহিং কলঘৰ আৰু জালুকনিবিলত ছ'ৱাইন ফিভাৰৰ প্রাদুৰ্ভাৱে শেষ কৰিলে গাহৰি পালকৰ সৰ্বস্ব।
২৪) কামৰূপ জিলাৰ বকোত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই হিৰোইনসহ দুজনক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
২৫)ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ত চিকিৎসকৰ অভাবত ৰোগীৰ হাহাকাৰ।প্ৰতিদিনে চিকিৎসাৰ অভাৱত ঘৰলৈ উভতিবলগীয়া হৈ শতাধিক ৰোগী।
আৰু পঢ়ক: নামৰূপৰ চাইক্য গাঁৱত থকা শিল খাদানৰ পুখুৰী সমূহ মৰণফাণ্ডত পৰিণত