/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/one-minute-face.jpg)
১)অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ ভাৱে নিযুক্তি পোৱা কৰ্মচাৰীলৈ নামিছে বিপদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কৰ্মচাৰীক দিলে বৰ্খাস্তৰ নিৰ্দেশ।
২)জীৱন সুৰক্ষা গোটঅফ কোম্পানীৰ প্ৰাক্তন এমডি চন্দন দাসৰ বিৰুদ্ধে শুকুৰবাৰে এক চাৰ্জশ্বিট দাখিল কৰিছে চিবিআইয়ে।২৪৫ কোটি টকা আত্মসাৎ কৰিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে।
৩) দলঙৰ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহি পুনৰীক্ষণ কৰাত দশম স্থান দখল কৰিবলৈ সক্ষম হয়।
৪)শিৱসাগৰ জিলালৈ পুনৰ আন এক ভাল খবৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ প্ৰাৰ্থনা দত্তৰ ।
৫)প্ৰচণ্ড গৰমে দহিছে ঢকুৱাখনা । শুকুৰবাৰে দিনটো পুৱাৰ পৰা প্ৰচণ্ড গৰমে জন জীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত অমুদ বৰবাৰী অঞ্চলত অসংখ্য থলুৱা প্ৰজাতিৰ মাছৰ অকাল মৃত্যু ঘটিছে ।
৬) বাক্সা জিলাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভকুৱামাৰীৰ তিনিজন যুৱক অৰুনাচল প্ৰদেশৰ ইটানগৰত কাম কৰিবলৈ গৈ ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।
৭)বাৰিষাৰ লগে লগে আৰম্ভ হোৱা ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে 'ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক'৷ ভেটাপাৰা ৰাজ্যিক চিকিৎসালয়ত এই কাৰ্যসূচী মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকাই।
৮) শুকুৰবাৰে লামডিঙৰ প্ৰনবানন্দ বিদ্যামন্দিৰ বিদ্যালয়ত সদৌ অসম ভিত্তিত তিনি দিনীয়া কাৰ্যসূচীৰে ইছান যোগা ৰিছাৰ্চ ফাউণ্ডেচনৰ উদ্যোগত যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷
৯)দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি চিৰাঙত বনবিভাগৰ অনুজ্ঞাপত্ৰ থকা কাঠৰ বিট কটা মিলৰ আঁৰ লৈ একাংশ দুষ্ট চক্ৰই চলাই আছে ভয়ংকৰ বন ধ্বংস কাৰ্য ।
১০)আনন্দৰাম বৰুৱা বঁটাৰ বাবে 'CUT OFF MARK' নিৰ্ধাৰণ। ডিষ্টিংশ্যন-ষ্টাৰ নম্বৰ লাভ কৰাসকললৈ আনন্দৰাম বৰুৱা বঁটা।
১১)সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত অধিবক্তা , সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, "কা" বিৰোধী আন্দোলনৰ নেত্রী তিস্তা শীতলৱাড় আৰু ছাত্ৰী বর্ষাশ্রী বুঢ়াগোহাঁইক মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
১২)ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি গুৱাহাটী সম্প্ৰসাৰণ কৰা হ'ব। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰৰ সীমা বৃদ্ধি কৰা হ'ব। সেই অনুসৰি গুৱাহাটী মহানগৰৰ সীমা পূব দিশে জাগীৰোড- ৰহা আৰু উত্তৰ পশ্চিম দিশে বাইহাটা-পলাশবাৰীলৈ সম্প্ৰসাৰণ কৰা হ'ব।
১৩)ৰাজ্যত লগতে দৰঙতো শুভাৰম্ভ কৰা হ'ল কোভিড-১৯ ভেকছিন অমৃত মহোৎসৱ।'ভেকছিন কৰক নিশ্চিত, সুৰক্ষা কৰক সুনিশ্চিত' শ্ল'গানেৰে আৰম্ভ কৰা এই অভিযানৰ দৰং জিলাত শুভ উদ্বোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হৰপল সিং সুৰীয়ে।
১৪) পথ সুৰক্ষা সজাগতাৰ বাণী বিলাই ঢকুৱাখনাৰ ৮ যুৱকৰ ৰেলী,লক্ষ্য ৪০০ কিলোমিটাৰ অতিক্ৰম।
১৫)জনাঞ্চলত গজৰাজ।কলিয়াবৰৰ ভিঞাৰিগাঁৱত বন্যহস্তীৰ অৱস্থান। জনাঞ্চলত অৱস্থান পোৱালিসহ ৬টাকৈ বনৰীয়া হাতীৰ জাকৰ।
১৬) আলু পিয়াজৰ বস্তাৰ তলত লুকুৱাই মিজোৰামলৈ সৰবৰাহ কৰাৰ সময়ত বৃহস্পতিবাৰে কাছাৰত জব্দ হ'ল বুজণ পৰিমাণৰ বিদেশী সুৰা৷
১৭)অহা ৭ দিনৰ ভিতৰত নিৰ্বাচিত কৰা হব শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি। দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে দেশ এৰি পলায়ন কৰাৰ পিছত বৃহস্পতিবাৰে ইমেইলৰ জৰিয়তে সংসদৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। এই পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে সংসদৰ অধ্যক্ষই।
১৮) অসমৰ এগৰাকী বিশিষ্ট চিত্র শিল্পী বোকাখাতৰ সাপজুৰিৰ নিৱাসী পদুমী গাজলুয়ে বৃহস্পতিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে যোৰহাটত মৃত্যুক সাৱতি লয়।
১৯)তৃণমূল কংগ্ৰেছৰ সাসংদ মহুৱা মৈত্ৰৰ এক টুইটে এতিয়া অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল প্ৰতিক্ৰিয়াই নহয়, ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰতিবাদ। কিয়নো সাংসদ মহুৱা মৈত্ৰই অপমান কৰিছে আহোমসকলক।
২০)মহানগৰীত পুনৰ চলিল ড্ৰাগছ বিৰোধী অভিযান। গড়চুক আৰক্ষীয়ে চলালে এই অভিযান। অভিযানত ১২৭টা ড্রাগছভৰ্তি কণ্টেইনাৰসহ ৭টা মোবাইল জব্দ।
২১)ৰাজ্য চৰকাৰে অসম চাহ নিগমৰ অধীনস্থ ১২ খনকৈ বাগিচা লীজত দিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ।
২২) এক আশাব্যঞ্জক বতৰাৰে আজি বাক্সা জিলাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ নেমু ৰপ্তানিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত নেমু ৰপ্তানিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে।
২৩) নগাঁৱৰ আর্ট ভিলেজত ১১ জুলাইৰ পৰা আৰম্ভ হোৱা অসমৰ লোকশিল্প টেৰাকোটা আৰু ক্ষুদ্র নাটৰ কর্মশালাৰ শুক্ৰবাৰে সফল সামৰণি পৰে। শতাধিক শিশু শিল্পীৰে উদুলি-মুদুলি হৈ পৰে আর্ট ভিলেজ ।
২৪) কাছাৰ জিলাৰ বাবে বান সাহায্য পৰিবহন কৰা বুলি দেখুৱাই ট্ৰাকত অবৈধ সাৰ সৰবৰাহৰ নতুন কৌশল চিণ্ডিকেট চক্ৰৰ৷ আটক দুই।
২৫)কামৰূপ জিলাৰ বকোত শুকুৰবাৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ ২০২০-২১ বিত্তীয় বৰ্ষৰ ধনেৰে এটা পথ আৰু বজাৰ গৃহ মুকলি কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই।
আৰু পঢ়ক: বন্ধুৰ ঘৰলৈ ভাত খাবলৈ গৈ প্ৰাণ হেৰুৱালে পিংকুৱে, আটক ৭ জন…