/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/one-minute-face.jpg)
১) আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশে পালন কৰিলে এই দিৱস।
২)দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছত তেওঁ ভাষণত ৫টা নতুন সংকল্প লোৱাৰ লগতে দেশবাসীক সম্বোধি দেশত দুৰ্নীতি আৰু ৰাজবংশীয় ৰাজনীতিৰ ওপৰতো মন্তব্য কৰে।
৩)গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।
৪) আজি স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা । ফেচবুক, টুইটাৰ আদিৰ অভিযোগৰ ১ লাখ গোচৰ প্ৰত্যাহাৰ।
৫)স্বাধীনতা দিৱসৰ আনন্দ উৎসৱৰ মাজতে অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি।ডুলুং বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ। অৰুণাচলীৰ আক্রমণত আহত হৈছে অসমীয়া যুৱক।
৬) স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যোৱা ১২ আগষ্টত ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানটিত (বি বৰুৱা কেঞ্চাৰ ইষ্টিটিউত) অনুষ্ঠিত হয় বক্ষৰ কৰ্কট বিশেষজ্ঞ আৰু সামগ্ৰিক কৰ্কট বিশেষজ্ঞৰ নবীকৰণৰ ওপৰত দিনযোৰা কৰ্মশালাৰ ।
৭)স্বাধীনতা দিৱসৰ মাজতে সেনা-বিদ্ৰোহী সংগঠনৰ সংঘৰ্ষ।নাগালেণ্ডত সেনাৰে সংঘৰ্ষত লিপ্ত হ'ল এন এছ চি এন।পুৱতি নিশা হোৱা সংঘৰ্ষত আহত হৈছে ২ জনকৈ আছাম ৰাইফলছৰ জোৱান।
৮)কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা অগ্নিপথ আঁচনিৰ জৰিয়তে মহিলা অগ্নিবীৰৰ বাবে অনলাই ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে।
৯) দেওবাৰে নিশা বোকাখাতত সংঘটিত হ'ল এক কৰুণ ঘটনা। বজ্ৰপাতৰ ফলত গোহালিতে মৃত্যু হালৰ গৰু। গোহালিত বান্ধি থোৱা অৱস্থাতে বজ্ৰ পৰি মৃত্যু হয় দৰিদ্ৰ এগৰাকী কৃষকৰ এহাল বলধ গৰু।
১০) দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে উদযাপন কৰা 'স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ সমান্তৰালকৈ ভাৰতীয় টকায়ো ৭৬ বছৰত ভৰি দিলে।
১১)স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাতিচোং শাখাৰ উদ্যোগত সোমবাৰে এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।
১২) কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।সশস্ত্ৰ সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰষ
১৩) কামৰূপ জিলাৰ বকোৰ ছমৰীয়া সত্ৰত মুকলি হ'ল ছমৰীয়া ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ নামেৰে এটি ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ।
১৪) স্বাধীনতাৰ অমৃত মহোৎসৱ উল্লাহৰ মাজতেই সোমবাৰে বিয়লি গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ ঘিলামৰা থানাৰ সন্মুখতেই সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা । আহত দুলুমণি বৰুৱা।
১৫) গুৱাহাটীৰ পাণ্ডুত অঘটন।মোবাইলত ভিডিঅ' বনাবলৈ গৈ ব্রহ্মপুত্রত পৰিল এজন যুৱক।সন্ধানহীন যুৱকজন মালিগাঁও বৰীপাৰাৰ বিশাল ঘোষ।
১৬)কলিয়াবৰৰ জখলাবন্ধা ৰাঙলুৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হয় ৬ আৰোহী। ইয়াৰে এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক জখলাবন্ধা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।
১৭) দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হ'ব বুলি ৰাজ্য তথা বিটিআৰ চৰকাৰে বাৰে বাৰে ঘোষনা কৰাৰ পাচতো গা লৰা নাই একাংশ ভি চি ডি চিৰ অধ্যক্ষ তথা সদস্যৰ । প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ দিয়াৰ নামত ইতিমধ্যে হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে বিটিআৰৰ বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ নিকাচি ভি.চি.ডি.চিৰ অন্তৰ্গত ভবানীপুৰ বি-ব্লক গাওঁত ।
১৮)খাজা আহমেদ আব্বাছৰ জনপ্ৰিয় হিন্দী উপন্যাস "মেৰা নাম জোকাৰ" বাৰ্মিজ ভাষালৈ অনুবাদ কৰা লেখক মাউং পাও টুনৰ ১৩ আগষ্টত মৃত্যু ।
১৯)গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মেঘালয় সীমান্তৱৰ্তী কুৰুং গাঁৱত সোমবাৰে পুৱতি নিশা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় । বন্য হস্তীৰ আক্ৰমণত মাতৃ-পুত্ৰৰ লগতে মুঠ ৩ জনকৈ লোকৰ মৃত্যু হয়।
২০) নিশা হ'ল, নামি আহিল আন্ধাৰ। ১৫ আগষ্টৰ বাবে সজাই তোলা হৈছিল মহানগৰ। অলিয়ে-গলিয়ে, বাটে-পথে আৰি দিয়া হৈছিল জাতীয় পতাকা।
২১)ধলপুৰৰ দাধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত এজন আহত।
২২)কামৰূপ জিলাৰ বকোৰ অগ্ৰণী শিক্ষানুষ্ঠান বকো হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ প্ৰায় ৬ লাখ টকা কৌশলৰে প্ৰধান শিক্ষকে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। উল্লেখ্য যে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা বিদ্যা মন্দিৰ বকো হাইস্কুলৰ ঐতিহ্যত কালিমা সানিলে প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে।
২৩) 'আমি যুদ্ধ নিবিচাৰো, কিন্তু যুদ্ধ আমাৰ ওপৰত জাপি দিয়া হৈছে । যুদ্ধত আমাৰ বহু নগাৰ মৃত্যু হৈছে । যুদ্ধই আমাৰ গাঁও, বনাঞ্চল আৰু শিক্ষা ধবংস কৰি পেলাইছে । এই যুদ্ধ আমি বন্ধ কৰিব লাগিব ; নহলে ই আমাক গ্ৰাস কৰি পেলাব । সেয়ে আমি শান্তি বিচাৰো কিন্তু স্বাধীনতাৰ অবিহনে শান্তি কেতিয়াও নাহে। ' এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এন এছ চি এন ( আই এম) মুৰব্বী থুইংগালেঙ মুইভায়ে ।
২৪) ডুমডুমাৰ সৰু ধাদুম চেঙেলী গাঁৱত অঘটন । ধলা নদীত সলিল সমাধি বিকি সোণোৱাল নামৰ যুৱকজনৰ।
২৫) পলাশবাৰীৰ উপৰহালিত অঘটন। ৰাষ্ট্রীয় পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ আহত এজন ।বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত এই অঘটন।