১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

author-image
asomiyapratidin
New Update
এক মিনিটত ২৫ খবৰ…

১) ৰবিবাৰে নিশাৰে পৰা অহা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটীত পুনৰ কৃত্ৰিম বানপানী। মহানগৰী পানীৰ তলত।

Advertisment

২) মহানগৰীৰ কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ৪ জনৰ মৃত্যু। প্ৰায় ১০ টা স্থানত হয় ভূমিস্খলন।

৩)মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰি মঙলবাৰে বিভাগীয় বিষয়াসকলৰ পৰা বিভাগটোৰ বিভিন্ন কাম কাজৰ বুজ লয় ।

৪)১৫ জুন বুধবাৰে গুৱাহাটী মহানগৰৰ সকলো বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষানুষ্ঠান বন্ধ থাকিব। শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে কামৰূপ মহানগৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।

৫) গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত চুৰিকাণ্ড। কীৰ্তনঘৰ আৰু পদশিলাৰ কাষৰ পৰা চুৰ কৰিলে সামগ্ৰী। ধৃত ছহিদুল ইছলামক  আটক।

৬)নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ফিৰোজ আহমেদ।

৭)মায়ং থানাৰ অন্তৰ্গত বুৰগাও চাৰিআলিৰ পৰা মঙলবাৰে দুপৰীয়াৰ ভাগত মায়ঙৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি এখন দোকানৰ পৰা ১৪ কাৰ্টুন বিলাতী সুৰা আৰু চুলাই মদ  জব্দ কৰিবলৈ সক্ষম হয়।

৮) উত্তৰপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰি ২০১৯ বৰ্ষত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নিত কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মঙলবাৰে তৃতীয় বৰ্ষপূৰ্তি।

৯)প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ গৃহ সমষ্টি বিহপুৰীয়াত ব্যাপক খহনীয়া।দহ গৰাকীকৈ কংগ্ৰেছ নেতাৰ আপত যোগদান।

১০)আগন্তুক ১৭ জুনলৈ বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

১১) পুনৰবাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিনী আগৰৱালে। সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাত নন্দিনী আগৰৱালে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

১২) নগাঁও পৌৰসভাৰ সহকাৰী অভিযন্তা চন্দ্ৰ বৰাৰ পৰলোক প্ৰাপ্তি ঘটিছে ৷ মধুমেহত আক্ৰান্ত হৈ থকা চন্দ্ৰ বৰা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অৱস্হাতে শেষ নিশ্বাস ত্যাগ কৰে ৷

১৩)যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬/ ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪/ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট'ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰক। প্ৰশাসনে সকলো সময়তে সহায় কৰিবলৈ প্ৰস্তুত বুলি জনাইছে।

১৪)পাটাছাৰকুছিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত।

১৫)অসমৰ ২৩ খনৰ জিলাৰ খুচুৰা সাৰ ব্যৱসায়ী সকলক লৈ গুৱাহাটীৰ এখন হোটেলত সদৌ অসম খুচুৰা সাৰ ব্যৱসায়ী সন্থা নামেৰে এটা নতুন সংগঠনৰ জন্ম দিয়া হৈছে। 

১৬) লাডাখলৈ গৈ ঘূৰি নাহিল মৰিয়নিৰ নাগজংকা গড়মূৰ গাঁৱৰ নিতু ৰাজকোঁৱৰ। পথ দুৰ্ঘটনাই আধাবটতে প্ৰাণ কাঢ়িলে যুৱকজনৰ।

১৭)মৰিয়নিত RPF-GRPFৰ অভিযান।উজনিমুৱা ৰঙিয়া-কামাখ্যা ৰে'লত চলিল অভিযান।অভিযানত ড্রাগছসহ দুই যুৱকক আটক।গ্রেপ্তাৰ দেৱজিৎ শইকীয়া আৰু বিকাশ চাওতাল।

১৮)শিক্ষক হ'ব নোৱাৰিব এল আই চিৰ এজেণ্ট। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ।

১৯)হাৰিয়ানাৰ গুৰুগ্ৰামত এগৰাকীৰ নাগা বান্ধৱী সৈতে অবৈধভাৱে বাস কৰা এগৰাকী চীনা নাগৰিকক সোমবাৰে  অভিযান চলাই উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

২০)জীৱশ্ৰেষ্ঠ মানৱৰ এক দানৱীয় কাণ্ড পোহৰলৈ আহিছে চুবুৰীয়া নাগালেণ্ডত। এটা দুস্পাপ্ৰ ধনেশ (হৰ্ণবিল) পক্ষীক কেমেৰাৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা কৰি আসুৰিক তৃপ্তি লাভ কৰে এদল উন্মত্ত লোকে। আটক ৩ জন।

২১) বিহপুৰীয়াত পুনৰ  ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিহপুৰীয়া আৰক্ষী ৷ সৰবৰাহকাৰীটো বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত দৌলতপুৰৰ চাহাব উদ্দিন ৷

২২)ছয়গাঁৱৰ বনগাঁৱত ৰবৰ ব'ৰ্ডৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ কে এন ৰাঘৱন,উত্তৰ পূৰ্বাঞ্চলত বিতৰণ কৰিব দুই কোটি ৰৱৰ পুলি।

২৩)জাজৰিত ব্যতিক্ৰমী বিয়া। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদেৰে হেৰাই যোৱা পুৰণি পৰম্পৰাৰে দৰা হাতীত উঠি আহিল কইনাৰ ঘৰলৈ।

২৪)মহৰিপাৰা গাওপঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়ত কেইবাটাও দল সংগঠনৰ উত্তাল প্ৰতিবাদ।

২৫) ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মঙলবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধূপধৰাত প্ৰতিকূল বতৰকো নেওচি পঞ্চম বাৰ্ষিক বায়খো উৎসৱ উদযাপন কৰা হয় ৷

আৰু পঢ়ক: সামাজিক ন্যায় আৰু সবলীকৰণৰ দায়িত্ব লৈ বিভাগীয় কামৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই…

assam guwahati floof landslide