/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/one-minute-face.jpg)
১)দক্ষিণ শালমাৰাত বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ দিয়াৰ বাবেই বিদ্যুতস্পৃষ্ট হৈ সংকটজনক অৱস্থাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী।
২)ইণ্ডো-বাংলাদেশ সীমান্তত বিএছএফৰ হাতত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী লগতে জব্দ কৰা হয় নিচাজাতীয় দ্ৰব্য।
৩)বহিৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ চৰাইদেউ সোণাৰিৰ এজন ব্যক্তি। লোকজনৰ নাম মনোজ ওজা।
৪)বহুদিন ধৰি ভাৰপ্ৰাপ্ত তথ্যও জন সংযোগ বিষয়া হিচাপে দায়িত্বভাৰ চলাই অহা ধেমাজি জিলালৈ এইবাৰ নতুন জিলা তথ্য ও জন সংযোগ বিষয়া হিচাপে সোমবাৰে যোগদান কৰিছে বিকাশ শৰ্মাই ৷
৫)১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচন । NDA প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক সমৰ্থন কৰিব উদ্ধৱ থাকৰে।
৬)আজি ৰাজ্যৰ প্ৰশাসনত ৰদ বদল। কেইবাখনো জিলাৰ উপায়ুক্তক বদলি কৰা হয়।
৭) দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাইন ফ্লুৰ আতংক। প্ৰশাসনে হত্যা কৰিলে ১৫০ টা গাহৰি।
৮)মঙলবাৰে নাবাৰ্ডৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী নেওগে লগতে আগন্তুক দিনটো ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত নাবাৰ্ডৰ সহযোগিতা কামনা কৰে।
৯)অৱশেষত প্ৰাপ্য অনাদায় পুঁজি লাভ কৰিবলৈ সক্ষম হ'ল ঘিলামৰা সমবায় সমিতিৰ অন্তৰ্গত একাংশ সুলভ মূল্যৰ এজেন্টে ।
১০)নগাঁও জিলা উপায়ুক্তক বদলি কৰা হৈছে ৷ নগাঁও জিলা উপায়ুক্ত হিচাপে কাৰ্যনিবাহ কৰা হেভৰে নিসৰ্গ গৌতমক বদলি কৰা হৈছে হাইলাকান্দিলৈ ৷
১১)জখলাবন্ধাৰ গৰুবন্ধাত অঘটন।পুখুৰীত পৰি সন্ধানহীন এজন যুৱক। সন্ধানহীন ৰাজিবুল হুছেইন নামৰ যুৱকজন।
১২)মুৰ্গীৰ দানাৰ চালানত অবৈধ ভাবে সৰবৰাহ কৰা ১৫৭ কুইন্টল সাৰ জব্দ কাছাৰত।
১৩)কামৰূপ জিলাৰ বকোত সোমবাৰে সুভদ্ৰা বাঢ়ৈ নামৰ মহিলাগৰাকীৰ হত্যাকাৰীক ফাঁচিৰ দাবীত ৰাইজে এক বিশাল সমদল উলিয়াই।
১৪)আজি নিশা ১০-১৫ বাজত বেলত বাকচ পায় বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
১৫)কামৰূপ জিলাৰ বকোত হত্যাকাণ্ড । ভতিজাক লোচন কলিতাই খুড়াকক মৰিয়াই হত্যা কৰাৰ অভিযোগ।
১৬)বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাৰ লগত প্ৰত্যক্ষ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপিত হোৱা বইদুল্লা খানৰ ঘৰত প্ৰশাসনৰ বুলডজাৰ।
১৭)এক চাঞ্চল্যকৰ ঘটনা। ১০ বছৰীয়া কিশোৰক গিলিলে ঘৰিয়ালে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ চম্বল নদীত গা ধুই থকাৰ অৱস্থাতে ১০ বছৰীয়া কিশোৰটিক এটা প্ৰকাণ্ড ঘৰিয়ালে নদীলৈ টানি লৈ যায়।
১৮)দক্ষিণ শালমাৰাৰ টুমনিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ উদ্যোগত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।
১৯)ধেমাজি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথচোৱা শীঘ্ৰেই মেৰামতি দাবীত ধেমাজি উপায়ুক্তক ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ স্মাৰক প্ৰত্ৰ প্ৰদান।
২০) নগাঁও জিলাৰ বাহ্মনগাঁও চাৰিঅালিৰ পৰা কিছু নিলগত আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় দুষ্পাপ্য প্ৰজাতিৰ ঈগল চৰাই।
২১)কোকৰাঝাৰত বন আৰু পৰিৱেশমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । তেওঁ কয় ৩০০০ হেক্টৰ ভূমিত বৃক্ষৰোপন কৰা হ'ব।
২২)৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনা। থিতাতে নিহত ৪ জন। আন ৪ জন লোক গুৰুত্বৰভাৱে আহত।
২৩)কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৰ নেতৃত্বত দেশৰ আইবিৰ সঞ্চালক হিচাবে নিযুক্ত পোৱা তপন ডেকাক দিল্লীত সম্বৰ্দ্ধনা ও আদৰণি জনায় ।
২৪) স্বাধীনতা ৰ অমৃত মহোৎসৱ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মাহজোৰা বৃক্ষৰোপণ কাৰ্যসূচী লৈ অৰণ্য সুৰক্ষা সমিতি অসমে আদৰণী জনাইছে।
২৫)বৃক্ক অৰ্থাত কিডনী ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যত উত্তৰ পূৱ ভাৰতৰ ভিতৰতে প্ৰথমখন চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰা হ'ব অচিৰেই। গুৱাহাটীৰ উপকণ্ঠ সোণাপুৰত নিৰ্মাণ কৰি থকা এই প্ৰতিষ্ঠানখন ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব।
আৰু পঢ়ক: বহি:ৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ চৰাইদেউ এজন ব্যক্তি, পৰিয়ালত হাহাকাৰ…