/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. শুকুৰবাৰে ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ 'ভিলেইজ ৰকষ্টাৰছ'। যোৰহাটৰ আইনক্স প্ৰেক্ষাগৃহত বুধবাৰৰ পৰা 'ভিলেইজ ৰকষ্টাৰছ'ৰ ৩টা দৰ্শনী।
২. ৩০ ছেপ্টেম্বৰত গুজৰাটলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গান্ধী সংগ্ৰহালয় মুকলি কৰিবলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।
৩. আগ্ৰাৰ ২৬খন বিদ্যালয়ত ছেনিটেৰী পেড মেচিন স্থাপন। উত্তৰ প্ৰদেশৰ এটা প্ৰতিষ্ঠানে স্থাপন কৰিলে পেড মেচিন কেইটা।
৪. 'বিগত ৪ বছৰত সবকা সাথ সবকা বিকাশ নীতিৰে দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে'- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/saina.jpg)
৫. শনিবাৰে মুক্তি দিয়া হ'ল বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ জীৱনভিত্তিক ছবি 'ছাইনা'ৰ প্ৰথম পোষ্টাৰ।ছবিখনত ছাইনা নেহৱালৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।
৬. ২০১৪-২০১৭ৰ লৈকে দেশত মুঠ ৩৫হাজাৰটা নক্সালবাদীয়ে কৰিছে আত্মসৰ্মপণ। এই কথা প্ৰকাশ পালে চৰকাৰী এক তথ্যত।
৭. কলকাতাত সংঘটিত হ'ল লোমহৰ্ষক ঘটনা। ১১ বছৰীয়া পুত্ৰক হত্যা কৰাৰ পাছত আত্মহত্যা কৰিলে পিতৃয়ে।
৮. পঞ্জাৱৰ এআইজি ৰণধীৰ সিং উপ্পলৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ। এগৰাকী শিক্ষাৰ্থীয়ে উত্থাপন কৰিলে এই অভিযোগ।
৯. শনিবাৰে আফগানিস্তানত হত্যাকাণ্ড। এজন সুৰক্ষাকৰ্মীয়ে গুলীয়াই হত্যা কৰিলে দুই সৰ্তীথক।
১০. শনিবাৰে ইৰাকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/indonwsia.jpg)
১১. ৭ অক্টোবৰত ব্ৰাজিলত ৰাষ্ট্ৰপতি নিৰ্বাচন। ব'লছ'নাৰো হ'ব পাৰে ব্ৰাজিলৰ পৰৰ্ৱতী ৰাষ্ট্ৰপতি।
১২. পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত অক্টোবৰত ইমৰান খান যাব চীনলৈ।
১৩. অচিৰেই ভাৰতলৈ আহিব ডনাল্ড ট্ৰাম্প। হোৱাইট হাউচৰ বিষয়াই কৰিলে এই ঘোষণা।
১৪. ' তালিবানক প্ৰশ্ৰয় নিদিবলৈ পাকিস্তানক কোনে বুজাব।' আফগানিস্তানৰ এজন ৰাজনৈতিক নেতাই কৰিলে মন্তব্য।
১৫. শনিবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মন্তব্য ' আমেৰিকা-চীনৰ যুদ্ধ হ'লে লাভ হ'ব ভাৰতৰ।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/susma.jpg)
১৬. সংযুক্ত ৰাষ্ট্ৰ মহাসভাত সুষমা স্বৰাজে আক্ৰমণ কৰিলে পাকিস্তানক। স্বৰাজে ক'লে 'ভাৰতত সন্ত্ৰাস বিয়পাইছে চুবুৰীয়াই।'
১৭. ১৯ অনূৰ্ধ্ব এছিয়া কাপ। ১৭১ ৰাণত ভাৰতে পৰাস্ত কৰিলে চুবুৰীয়া দেশ নেপালক।
১৮. এইমছৰ পৰাই সকলো চৰকাৰী ফাইল তদাৰক কৰিছে মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰে। গোৱাৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই কথা।
১৯. চীনে প্ৰস্তুত কৰিলে নতুন যুদ্ধ বিমান। শনিবাৰে বিমানখনৰ পৰীক্ষণ কৰিলে চীনৰ বায়ু সেনাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/surgical.jpg)
২০. ইৰানত সুৰাৰ বিষক্ৰিয়া বহুলোকৰ মৃত্যু। ৪৮ ঘণ্টাত ১৩জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
২১. নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
২২. পাটনাত এজন শিক্ষাৰ্থীক অপহৰণ কৰি হত্যা। ৫০ লাখ টকা দিব নোৱাৰাৰ কাৰণে হত্যা কৰিলে অপহৰণকাৰীয়ে।
২৩. হোজাই মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰক্ষী উদ্যোগত সজাগতা সভা। শিক্ষাৰ্থীৰ সৈতে নিৰাপত্তা সম্পকীয় বহু বিষয় আলোচনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/piyuj.jpg)
২৪. ৰে'লমন্ত্ৰী পিয়ুজ গোৱেলৰ ঘোষণা- আগন্তুক চাৰিমাহৰ ভিতৰত দেশৰ সকলো ৰেল' ষ্টেচনত উপলদ্ধ হব ৱাই-ফাই সেৱা।
২৫. হিমাচল প্ৰদেশত বান আৰু ভূমিস্খলনে বিগত কেবাদিনো ধৰি চলাই আছে তাণ্ডৱ। ৰাজ্যখনক কেন্দ্ৰই আগবঢ়ালে ১২২ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য ।