গহপুৰৰ ব্ৰহ্মাজানত শোকাৱহ পথ দুৰ্ঘটনা: এজন নিহত

ব্ৰহ্মাজানৰ ন-বাৰী চুক নিবাসী পদ্মেশ্বৰ দিহিঙীয়া আৰু মামনী দিহিঙীয়াৰ মাজু পুত্ৰ আদিত্যৰ অকাল বিয়োগত সমগ্ৰ ব্ৰহ্মাজান অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। কম বয়সতে এগৰাকী সু-প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ পৰা কৰ্ম উদ্যোগী যুৱক আদিত্য আছিল সকলোৰে প্ৰিয়ভাজন।

author-image
Asomiya Pratidin
New Update
sddfsdfs

ডিজিটেল সংবাদ, ছয়দুৱাৰ:  গহপুৰ সমজিলাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা প্ৰায় ১০ বজাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাই ৩৪  বছৰীয়া ব্যৱসায়ী আদিত্য দিহিঙীয়াই।

Advertisment

ব্ৰহ্মাজানৰ ন-বাৰী চুক নিবাসী পদ্মেশ্বৰ দিহিঙীয়া আৰু মামনী দিহিঙীয়াৰ মাজু পুত্ৰ আদিত্যৰ অকাল বিয়োগত সমগ্ৰ ব্ৰহ্মাজান অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। কম বয়সতে এগৰাকী সু-প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ পৰা কৰ্ম উদ্যোগী যুৱক আদিত্য আছিল সকলোৰে প্ৰিয়ভাজন।

সৰবৰহী যুৱক আদিত্য দিহিঙীয়াৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে স্থানীয় ৰাইজক। স্কুটী সহ এক ভয়াবহ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাবে আঘাট পোৱা আদিত্যক প্ৰথমে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয় আৰু তাৰ পিছত তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ নিয়া হয় যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটীলৈ নি থকাৰ পথত নগাঁৱৰ সমীপত মাজনিশা মৃত্যু হয় আদিত্যৰ।

উল্লেখযোগ্য যে, মৃত্যুৰ সময়ত তেওঁ পিতৃ, মাতৃ, এগৰাকী ভাতৃ, এগৰাকী ভগ্নীৰ লগতে বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। এই অসহনীয় বেদনাই দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে আত্মীয়-স্বজনক শোকাচ্ছন্ন কৰিছে। দুৰ্ঘটনাটোৰ ভয়াবহতা ইমানেই বেছি আছিল যে আদিত্যই চলাই অহা স্কুটীখনৰ সন্মুখভাগ ভাঙি থানাবান হৈ পৰে।

গহপুৰ