/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/dead.jpg)
ডিজিটেল সংবাদ, সাপেখাতী: চৰাইদেউ সাপেখাতীৰ গৰখীয়াবামত পুখুৰীত পৰি সলিল সমাধি এজনৰ । মৃত ব্যক্তিগৰাকী শালকাঠনী চাহ বাগিচাৰ খাড়ীয়া লাইনৰ নিবাসী অমৰ শৰ্মা (৪০) বুলি চিনাক্ত ।
অমৰ শৰ্মাই বুধবাৰৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল ৷ শৰ্মাৰ মৃতদেহটো গৰখীয়াবামৰ পথৰ দাতিঁত থকা এটা পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয়লোকে প্ৰত্যক্ষ কৰি সাপেখাতী আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে সাপেখাতী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে যো জা চলাইছে ৷
আৰু পঢ়ক: কলিয়াবৰৰ শিলঘাটত প্ৰৱল গৰাখহনীয়াঃ অসম সমবায় মৰাপাট কললৈ ভাবুকি…