ছয়মাইলত ট্ৰেফিক চিগনেলৰ খুটা মহতিয়াই নিয়া চালকক আটক

ছয়মাইলত ট্ৰেফিক চিগনেলৰ খুটা মহতিয়াই নিয়া চালকক আটক

ডিজিটেল ডেস্ক: মহানগৰত নতুনকৈ সংযোগ কৰা স্বয়ংক্ৰিয় ট্ৰেফিক ছিগনেলৰ খুটা মঙলবাৰৰ পুৱা ভঙা অৱস্থাত পোৱা গৈছিল ছয় মাইলত। অনুমান কৰা হৈছিল কোনো উদণ্ড চালকে নিশা বাহনেৰে সেই খুটাত খুন্দা মাৰিছিল।

ট্ৰেফিক চিগনেলৰ সৈতে সংলগ্ন চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে এই দুষ্কাৰ্য সংঘটিত কৰা চালক জনক আটক কৰিছে। আৰক্ষীয়ে আটক কৰা চালক জনৰ নাম ৰামজুল আলী। উল্লেখ্য যে, এখন ডাম্পাৰেৰে ৰামজুল আলীয়ে মহটিয়াই নিছিল ট্ৰেফিক চিগনেলৰ খুটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in