আৰক্ষী নিৱেশৰ পৰা এ কে ৪৭ ৰ ৯০ ৰাউণ্ড গুলীৰ চুৰিৰ সন্দৰ্ভত নগাঁৱত এজনক আটক…

আৰক্ষী নিৱেশৰ পৰা এ কে ৪৭ ৰ ৯০ ৰাউণ্ড গুলীৰ চুৰিৰ সন্দৰ্ভত নগাঁৱত এজনক আটক…

author-image
asomiyapratidin
New Update
আৰক্ষী নিৱেশৰ পৰা এ কে ৪৭ ৰ ৯০ ৰাউণ্ড গুলীৰ চুৰিৰ সন্দৰ্ভত নগাঁৱত এজনক আটক…

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষী নিবেশৰ পৰা ৯০ ৰাউণ্ডকৈ সজীৱ গুলি চুৰি হোৱা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক কৰায়ত্ব কৰিছে ৷ চি চি টিভিৰ ফুটেজৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে লোক জনক কৰায়ত্ব কৰে ৷ সন্দেহজনক লোকজনক আটক কৰি স্বাস্থ্য পৰীক্ষা কৰাত ক'ভিড পজিটিভ পোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱাব লগা হোৱাত আৰক্ষীয়ে সোধপোচ চলোৱাত সমস্যাৰ সৃষ্টি হৈছে ৷

নগাঁৱত পূৰ্বতে কাৰ্যনিবাহ কৰা এ পি এছ বিষয়া ধ্ৰব বৰাৰ দেহৰক্ষী হিচাপে থকা অৰুন জ্যোতি শইকীয়াৰ এ কে ৪৭ ৰাইফলটোৰ তিনিটা মেগজিনৰ পৰা চোৰে সজীৱ গুলি ৯০ ৰাউণ্ড লৈ গৈছিল ৷ ৯ জুলাইলৈকে অৰুন জ্যোতি শইকীয়া বিষয়া ধ্ৰুব বৰাৰ পি এছ অ' হিচাপে দায়িত্বত আছিল ৷ নগাঁৱৰ পৰা বিষয়া ধ্ৰুব বৰা পদ্দোন্নতি সহ বদলি হৈছিল যদিও পি এছ অ' এৰি দিয়া নাছিল ৷

পি এছ অ' শইকীয়াই চৰকাৰী এ কে ৪৭ ৰাইফলটো গুলী সহ চৰকাৰী আবাসত থৈ ৯ জুলাইত আবাসৰ পৰা পৰিয়াল সহ ওলাই যোৱাৰ পিছত চোৰৰ দল প্ৰৱেশ কৰিছিল ৷ চোৰে নগদ ধন , সোন আৰু ৰূপৰ অলংকাৰৰ লগতে তিনিটা মেগজিনৰ পৰা ৯০ ৰাউণ্ড গুলী খুলি নি উধাও হয় ৷

পিছত আৱাস গৃহলৈ আহি পি এছ অ' অৰুন জ্যোতি শইকীয়াই চুৰি হোৱা ঘটনাৰ সন্দৰ্ভত নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ৷ গাফিলতিৰ বাবে পি এছ অ' অৰুন জ্যোতি শইকীয়াক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে ৷ চুৰি হোৱা গুলী উদ্ধাৰৰ বাবে নগাঁও আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে ৷

আৰু পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা, ৫ উইকেটত জয় ভাৰতৰ

nagaon assam Assam police