উপঢৌকন লৈ গ্ৰেপ্তাৰ নগাঁৱৰ লাট মণ্ডল

উপঢৌকন লৈ আটক নগাঁৱৰ লাট মণ্ডল

author-image
Asomiya Pratidin
New Update
উপঢৌকন লৈ গ্ৰেপ্তাৰ নগাঁৱৰ লাট মণ্ডল

arrested for taking bribe

ডিজিটেল সংবাদ,নগাঁও : ভিজিলেঞ্চৰ জালত পৰিল নগাঁৱৰ লাট মণ্ডল ৰঞ্জিত মহন্ত ৷ উপঢৌকন লৈ থাকোঁতে ভিজিলেঞ্চে হাতে লোতে গ্ৰেপ্তাৰ কৰে ৰঞ্জিত মহন্তক ৷

Advertisment

মাটি বাৰী চৰকাৰী কামৰ বাবে মহন্তই ধন দাবী কৰি হাৰাশাস্তি কৰি আহিছিল বিভিন্ন লোকক ৷ অভিযোগ ভিত্তিত ভিজিলেঞ্চে পতা জালত ঘোচখোৰ মণ্ডল ৰঞ্জিত মহন্তই ভৰি দিয়ে ৷ মহন্ত দীৰ্ঘ দিন ধৰি চাৰিটাকৈ লাটৰ দায়িত্বত আছিল ৷

মাজ পাথৰি , নিজ পাথৰি , নাম পাথৰি আৰু মাহৰুল লাটৰ দায়িত্বত আছিল ৷ নগাঁও সদৰ ৰাজহ চক্ৰৰত কৰ্তব্যৰত আছিল মণ্ডল ৰঞ্জিত মহন্ত ৷ উল্লেখ্য এই যে নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উপঢৌকন নহ’লে কোনো চৰকাৰী কাম নহয় ৷

assam Assam police arrested