গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ..

গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ..

author-image
asomiyapratidin
New Update
গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ..

ডিজিটেল ডেস্ক: আৰক্ষীৰ জালত পৰিল শোধনাগাৰৰ এজন মহাপ্ৰৱন্ধক। মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰা জেনেৰেল মেনেজাৰজন হৈছে গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা (৪০)।

Advertisment

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী শোধনাগাৰত দীৰ্ঘদিন ধৰি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলি থকা বুলি মনিকা আনন্দ নামৰ ই-মেইলৰ পৰা ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। অভিযোগ পত্ৰ লাভ কৰি ভাৰতীয় তেল নগমে চমুকৈ আই অ' চিয়ে ঘটনা সন্দৰ্ভত গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষক তদন্তৰ নিৰ্দেশ দিছিল।

তাৰ পাছতেই ৩ জুনত এজাহাৰ দাখিল কৰিছিল গুৱাহাটী শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক হীতাজী ভট্টাচার্যই । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 417/419/190/506 নং ধাৰা আৰু ৬৬/৬৬ (ডি) আইটি এক্টৰ অধীনত থানাত ২৬৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত লাভ কৰিছিল যে 60023-92426 নম্বৰৰ ফোনৰ পৰা আই অ' চিৰ শীৰ্ষ বিষয়ালৈ ই-মেইল প্ৰেৰণ হৈছিল।

60023-92426 নম্বৰৰ মবাইল ফোনৰ গৰাকী গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝা বুলি আৰক্ষীয়ে ধৰা পেলায়। তাৰ পাছতেই বৃহস্পতিবাৰে নুনমাটি আৰক্ষীয়ে গুৱাহাটী শোধনাগাৰৰ চৌহদৰ পৰা মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্রেপ্তাৰ কৰে।

আৰু পঢ়ক: জোনাইত কিয় উত্তেজিত লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক?

assam Assam police arrested bride