/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/cmnm.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু তদাৰক শাখাৰ জালত দৰং জিলা উদ্যোগ ও বানিজ্য কেন্দ্ৰৰ মহা প্ৰৱন্ধক হেমন্ত কুমাৰ তালুকদাৰ।
ঘোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰিলে মুখ্যমন্ত্ৰী দুৰ্নীতি আৰু তদাৰক শাখাই। প্ৰাঞ্জল নাথ নামৰ লোক এজনৰ পৰা পৰা ডি আই চি ঋণৰ বাবে ১৫হাজাৰ টকা বিচাৰিছিল তালুকদাৰে।
উল্লেখ্য যে, যদিও বিষয়া জনে ১৫ হাজাৰ টকা উৎকোচ বিচৰিছিল তাৰে ১০ হাজাৰ টকা লওতেই দুৰ্নীতি নিবাৰক শাখাই তেওঁক হাতে-লোটে ধৰা পেলায়। এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী থানাত ১২/2022 নম্বৰৰ এখ গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে, PMEGP আঁচনিৰ অধীনত এজন লোকে ঋণ বিচাৰিছিল।সেই ঋণ প্ৰদানৰ নামত দৰং জিলাৰ উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰৰ মহা প্ৰৱন্ধকৰ দায়িত্বত থকা তালুকদাৰে এই ধনৰ দাবী কৰিছিল।
আৰু পঢ়ক: জয়ন্তী বৰালৈ ' ব্ৰহ্মপুত্ৰ উপত্যকা শিশু সাহিত্য বঁটা'