/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/frr.jpg)
ডিজিটেল সংবাদ, বকো : বকোত বন বিভাগৰ ভূমি বেদখল কৰাৰ অভিযোগত বৃহস্পতিবাৰে এজন লোকক গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে জে'ললৈ প্ৰেৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণ মতে বকোৰ লুকী ফৰেষ্ট এলেকাত ৰবৰ খেতি কৰাৰ নামত সাহীপাৰাগাঁৱৰ হৰফুল্ল ৰাভাই প্ৰায় ১ হেক্টৰ ভূমি বেদখল কৰি আছিল।
সাহীপাৰা যুৱক সংঘৰ অভিযোগৰ ভিত্তিত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে লোকগৰাকীক গ্ৰেপ্তাৰ কৰি আনি জে'ললৈ প্ৰেৰণ কৰে ।
আৰু পঢ়ক: গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ..