/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/82598533-bdba-4078-a93d-45f051ca80b7.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ মৰনৈ চাপৰি বীৰাংগনা নাট্যগোষ্ঠীৰ সৌজন্যত আৰু নৱজ্যোতি যুৱক সংঘৰ সহযোগত মৰনৈ চাপৰি গাঁৱৰ শংকৰ- মাধৱ আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা "ঢকুৱাখনা মহকুমা ভিত্তিত কুইজ আৰু একাংকিকা নাট প্ৰতিযোগিতাখনি সফলতাৰে সম্পন্ন হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/631536d9-8623-4e86-8398-4a0aab856f69.jpg)
২৯ আৰু ৩০ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটোৰ প্ৰথমদিনা পুৱা সামূহিক চাফাইৰ পিছতেই পতাকা উত্তোলন কৰে বীৰাংগনা নাট্যগোষ্ঠীৰ সভাপতি হৰিপ্ৰসাদ চুতীয়াই। প্ৰথমদিনা ক্ৰমে শ্বহীদ তৰ্পন, বৃক্ষ ৰোপণৰ পিছত ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে কমলপুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰিলোচন গগৈয়ে।
দিনৰ ২ বজাৰ পৰা ঢকুৱাখনা মহকুমা ভিত্তিত আয়োজন কৰা "কুইজ প্ৰতিযোগিতা" খনৰ সঞ্চালকৰ আসন গ্ৰহণ কৰে দক্ষিণ চাড়িকৰীয়া ট্ৰাইবেল স্কুলৰ শিক্ষয়িত্ৰী ৰিমা শইকীয়াই আৰু উদ্বোধনী ভাষণ আগবঢ়াই বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া দুৰ্লভ দেৱগোস্বামীয়ে। পাতৃচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰঞ্জন কৃষ্ণ খনিকৰ আৰু বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত চুতীয়াই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে। কুইজ প্ৰতিযোগিতা খনত ঢকুৱাখনা মহাবিদ্যালয় প্ৰথম স্থান, দ্বিতীয় হাৰ্হি মহাবিদ্যালয় আৰু তৃতীয় স্থান দখল কৰে পাতৃচুক উচ্চ মাধ্যমিক বিদ্যালয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/82598533-bdba-4078-a93d-45f051ca80b7.jpg)
নিশালৈ কৰঙা বলাহী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী পূৰ্ণানন্দ চুতীয়া, মৰনৈ চাপৰি গাঁৱৰ সমাজকৰ্মী বেন্দ্ৰনাথ চুতীয়া আৰু হস্তশিল্পী দেৱেন ৰায়ক উদযাপন সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ঢকুৱাখনা মহকুমা ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাখন উদ্ধোধন কৰে ৰেগাম সোৱণশিৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা ঘনকান্ত বৰাই। ঢকুৱাখনা, ঘিলামৰা আৰু সোৱণশিৰি অঞ্চলৰ পৰা অহা নাট্যগোষ্ঠীসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিজয়ী হিচাবে প্ৰথম স্থান অধিকাৰ কৰে ঘিলামৰা "বাৰ্তা নাট্যদল"ৰ দেওহাল( নাট্যকাৰ:- হৰেন শইকীয়া আৰু পৰিচালক ৰন্টু দত্ত) নাটখনে।
দ্বিতীয় শ্ৰেষ্ঠ নাটৰ সন্মান লাভ কৰে সোৱণশিৰিৰ তৰংগ নাট্যগোষ্ঠীৰ " দেৱজানী" ( নাট্যকাৰ দিব্যজ্যোতি চুতীয়া আৰু পৰিচালক বিজয় দাস) নাটখনে আৰু তৃতীয় স্থান লাভ কৰে মৰনৈ চাপৰি বীৰাংগনা নাট্যগোষ্ঠীৰ দলটোৱে( নাট্যকাৰ ড° বেবীমনি গগৈ আৰু পৰিচালক ঋষভ চুতীয়া আৰু বিটু চুতীয়া) । শ্ৰেষ্ঠ অভিনেতা সন্মান আজুৰি আনিবলৈ সক্ষম হয় দেৱজানী নাটকৰ " ড্ৰাইভাৰ" চৰিত্ৰত অভিনয় কৰা প্ৰসন্ন চুতীয়া আৰু একেইখন নাটৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হয় "দেৱজানী " চৰিত্ৰত অভিনয় কৰা প্ৰস্তুতি চুতীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/631536d9-8623-4e86-8398-4a0aab856f69-1.jpg)
অন্যহাতে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান কঢ়িয়াই আনে দেওহাল নাটৰ " ৰন্টু দত্তই"। বিজয়ী প্ৰথম শ্ৰেষ্ঠ দলক ৭০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ দলক ৬০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ দলক ৫০০০ টকা, শ্ৰেষ্ঠ পৰিচালকক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীক প্ৰমাণ পত্ৰসহ এক হাজাৰ টকাকৈ প্ৰদান কৰা হয়।।