ডিজিটেল সংবাদ, তামুলপুৰঃ মোৰ বিজয় সুনিশ্চিত । সাংসদ হিচাপে দ্বিতীয় বাৰৰ শপত গ্ৰহণ কৰিবলৈ মই সাজু হৈছোঁ- এই মন্তব্য সাংসদ নৱ কুমাৰ শৰণীয়াৰ । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে আৰু মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত একাংশ প্ৰাৰ্থীয়ে জয়-পৰাজয়ৰ দুশ্চিন্তাৰ দিন কটোৱাৰ বিপৰীতে দ্বিতীয় বাৰৰ বাবে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ৫ নং লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ।
সোমবাৰে নৱ কুমাৰ শৰণীয়াৰ গৃহ সমষ্টি তামুলপুৰত সংবাদ মাধ্যমেৰে হোৱা এক আছুতীয়া বাৰ্তালাপত অতি দৃঢ়তাৰে শৰণীয়াই এনেদৰে মন্তব্য কৰে । তেওঁ কয় -বিটিএডিৰ ৰাইজে মোক সাংসদ হিচাপে দ্বিতীয় বাৰ বিচৰা বাবে নিৰ্বাচন খেলিছো। ফলাফলক লৈ মই কোনো ধৰণৰ দুচিন্তাত ভোগা নাই ৷ নিৰ্বাচনত ভোটাৰৰ উৎসাহজনক ভোটদানেই মোৰ জয় নিশ্চিত কৰিছে ৷ মই কমেও ৭ লাখ ভোট লাভ কৰি জয়ী হম ৷ অহা ২৩ তাৰিখে নিৰ্বাচনৰ ফলাফলৰ আনুস্থানিক ঘোষণাৰ বাবে মই অপেক্ষা কৰি আছো ৷ মই দ্বিতীয় বৰাৰ বাবে শপত গ্ৰহণ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছো ৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে অসমৰ ৰাজনীতি আৰু বি টি এ ডিৰ ৰাজনীতি সম্পূৰ্ণ পৃথক। বি টি এ ডিত ধৰ্মৰ ৰাজনীতি নচলে। বিটিএডিৰ সকলো শ্ৰেনীৰ ৰাইজে তেওঁক ভোট দিছে ৷ নিৰ্বাচনৰ সময়ত বিজেপি-বি পি এফ, কংগ্ৰেছ ইউপিপিলে অবড়ো ভোট বিভাজন কৰিবলৈ কুট কৌশল ৰচনা কৰিছিল যদিও সেয়া সফল নহল । কেন্দ্ৰত বিজেপি এ সংখ্যা গৰিস্থতা লাভ কৰাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰি নব শৰনীয়াই কয় যে অসমতো বি জে পি আৰু কংগ্ৰেছে ৭-৮ খন আসন পাব বুলি কয় যদিও সেয়া নিশ্চিত নহয় বুলি তেওঁ তাপৰ্যপূৰ্ণ মন্তব্য কৰে।
আন এক প্ৰশ্নৰ উত্তৰত শৰণীয়াই কয় প্ৰমিলা ৰানী ব্ৰহ্ম এগৰাকী অতি দূৰ্বল প্ৰাথী আছিল আৰু শেহতীয়াভাৱে প্ৰমিলা ৰাণী ব্ৰহ্মই সংবাদ মাধ্যম যোগে তেওঁৰ পৰাজয় স্বীকাৰ কৰিছে ৷ উল্লেখযোগ্য যে সোমবাৰে পূব বাচকা মৌজাৰ মৌজাদাৰ তথা তামুলপুৰৰ বিশিষ্ট সমাজ কৰ্মী প্ৰয়াত যতীন ডেকাৰ আদ্যশ্ৰাদ্ধত অংশ গ্ৰহন কৰিবলৈ আহি সাংবাদিকৰে মত বিনিময় কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷
মোৰ বিজয় নিশ্চিতঃ তামুলপুৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ দৃঢ়তাপূৰ্ণ মন্তব্য…