১৪-১৭ ডিচেম্বৰত ডিব্ৰুগড়-ধুবুৰীৰ মাজত চলিব বিশেষ ৰে'ল...

১৪-১৭ ডিচেম্বৰত ডিব্ৰুগড়-ধুবুৰীৰ মাজত চলিব বিশেষ ৰে'ল...

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰৰ সিদ্ধান্ত! ৩৫ বছৰলৈ লীজত দিয়া হ'ব ৰে'লৱেৰ মাটি

১৪-১৭ ডিচেম্বৰত ডিব্ৰুগড়-ধুবুৰীৰ মাজত চলিব বিশেষ ৰে'ল...

ডিজিটেল ডেস্কঃউত্তৰ পূব সীমান্ত ৰে'লৱেই ডিব্ৰুগড় আৰু ধুবুৰীৰ মাজত এখন বিশেষ ৰে'ল চলাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। উত্তৰ পূব সীমান্ত ৰে'লৱেয়ে প্ৰকাশ কৰা অনুসৰি যাত্ৰীৰ অতিৰিক্ত ভীৰ নিয়ন্ত্ৰণ কৰিবলৈ ডিব্ৰুগড় আৰু ধুবুৰীৰ মাজত এই বিশেষ ৰে'লখন চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই বিশেষ ৰে'লখনে ১৪ ডিচেম্বৰৰ পুৱা ৭-৩০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি ১৫ ডিচেম্বৰৰ নিশা ২ বাজি ৫ মিনিটত ধুবুৰীত উপস্থিত হ'বগৈ। যাত্ৰা পথত ৰে'লখনে নিউ তিনিচুকীয়া, শিমলুগুৰী, ডিমাপুৰ, লামডিং জংছন, গুৱাহাটী, ৰঙিয়া জংছন, বঙাইগাওঁ আদি স্পৰ্শ কৰিব।

ইয়াৰ পাছত ১৭ ডিচেম্বৰৰ সন্ধিয়া ৭ বাজি ২০ মিনিটত পুনৰ ধুবুৰীৰ পৰা ডিব্ৰুগড়ৰ অভিমুখে প্রস্থান কৰিব। ১৮ ডিচেম্বৰৰ বিয়লি প্ৰায় চাৰে চাৰি বজাত এই বিশেষ ৰে'লখন ডিব্রুগড়ত আহি উপস্থিত হ'ব।

Also Read: আজি নিযুক্তি পালে ৮৩৯ গৰাকীয়েঃ ২ লাখ টকাৰ ঋণৰ বাবে আজিৰে পৰা কৰিব পাৰিব আৱেদন...

উত্তৰ পূব সীমান্ত ৰে'লৱে