দেশত অমিক্ৰনৰ দ্বিশতক…

দেশত অমিক্ৰনৰ দ্বিশতক…

author-image
asomiyapratidin
New Update
ৰাজ্যত নতুনকৈ ৩৬৫০ জন কোভিড পজিটিভ, ৫৬জনৰ মৃত্যু…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত কোৰানাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ দ্বিশতক। ২১ ডিচেম্বৰ মঙ্গলবাৰে কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ভাৰতত ২০০ ৰ ঘৰ স্পৰ্শ কৰিলে। এই বিষয়ে স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰিছে।অৱশ্যে আক্ৰান্ত ২০০ জনৰ ভিতৰত ৭৭ জনেই বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে।

ইফালে সৰ্বাধিক ৰাজধানী দিল্লী আৰু মহাৰাষ্ট্ৰত অমিক্ৰনত আক্ৰান্ত নিচান্ত হৈছে। দুয়োখন ৰাজ্যতে মুঠ ৫৪ গৰাকীকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি। সেই অনুসৰি দেশৰ মুঠ ২০০ জন আক্ৰান্তৰ প্ৰতি ৪ জনৰ ভিতৰত ১ জন দিল্লী আৰু মহাৰাষ্ট্ৰৰ। দেশৰ মুঠ ১২ খন ৰাজ্যত বৰ্তমানলৈকে সংক্ৰমন হৈছে অমিক্ৰনৰ।অতি শেহতীয়াকৈ উৰিষ্যাত ধৰা পৰিছে দুজন অমিক্ৰনত আক্ৰান্ত ব্যক্তি। আক্ৰান্ত দুয়ো বিদেশৰ পৰা উভতি আহিছিল। ইয়াৰ এজন আহিছিল নাইজেৰিয়াৰ পৰা আৰু আন এজন আহিছিল কাটাৰৰ পৰা।

দেশত ক্ৰমান্বয়ে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এই মুহূৰ্তত আশাৰ খবৰ এইয়াই যে ২০০ আক্ৰান্তৰ ভিতৰত ৭৭ জন সুস্থ হৈ উঠিছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ৫৪ জন আক্ৰান্তৰ ভিতৰত ৩১ জনে আৰোগ্য লাভ কৰিছে। একেদৰে দিল্লীতো ১৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে।