জয়ন্ত মল্ল বৰুৱাৰ মধ্যস্থতাত ধলাইত মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ...

ধলাই সমষ্টিত অৱসান ঘটিল বিজেপিৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ

author-image
Asomiya Pratidin
New Update
জয়ন্ত মল্ল বৰুৱাৰ মধ্যস্থতাত ধলাইত মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ...

জয়ন্ত মল্ল বৰুৱাৰ মধ্যস্থতাত ধলাইত মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ...

ডিজিটেল ডেস্কঃ ধলাই সমষ্টিত সৃষ্টি হোৱা বিজেপিৰ ৰাজনৈতিক অস্থিৰ পৰিবেশৰ অৱশেষত অৱসান ঘটিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মধ্যস্থতাত মনোনয়ন প্ৰত্যাহাৰ কৰিলে নিৰ্দলীয় প্ৰাৰ্থী অমিয় কান্তি দাসে।

Advertisment

উল্লেখ্য যে, ধলাই সমষ্টিত টিকট বঞ্চিত হোৱাৰ পাছতে অমিয়কান্তি দাসে ক্ষোভ প্ৰকাশ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল। কাছাৰ জিলাৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰা অমিয়কান্তি দাসে নিজা সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰাৰ পাছতে বিজেপিৰ ভিতৰত সৃষ্টি হৈছিল এক অস্থিৰ পৰিবেশ।

কিয়নো এইগৰাকী জ্যেষ্ঠ নেতা অতি পুৰণি বিজেপি কৰ্মী হোৱাৰ লগতে আৰ এছ এছৰো পুৰণি কৰ্মী। সাংসদত পৰিমল শুক্লবৈদ্যৰ বাবেই বিজেপিৰ পৰা টিকট নোপোৱাৰ এক ইংগিত প্ৰদান কৰি বিজেপি ত্যাগ কৰা দাসে পৰৱৰ্তী সময়ত মুকলিকৈ পৰিমল শুক্লবৈদ্যক সমালোচনা কৰিছিল। তেওঁ অতি স্পষ্ট ভাষাৰে বিজেপি দলকো সমালোচনা কৰি কৈছিল, ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া আদৰ্শত বিশ্বাস নকৰে। ব্যক্তিগত স্বাৰ্থতহে বিশ্বাস কৰে। ধলাইৰ প্ৰাৰ্থী নিৰ্বাচনত পুনৰ সেয়াই প্ৰমাণ হ'ল। এইবাৰৰ পাৰ্টিৰ টিকট এজন ব্যক্তিৰ ইচ্ছামতে দিয়া হৈছিল। মানুহজনৰ ভৰি চেলেকিব পৰা নাছিলো, গতিকে টিকট নাপালো।

বিজেপি দলত গণতন্ত্ৰণ নাই বুলিও অভিযোগ কৰি তেওঁ কৈছিল, দলত এতিয়া গণতন্ত্ৰ নাই, ব্যক্তিগত স্বাৰ্থ প্ৰতিষ্ঠা কৰিবলৈ ধলাইৰ নেতাই প্ৰিয় প্ৰাৰ্থিৰ নাম পেনেলত পঠিয়াইছিল। প্ৰায় দুই লাখ ভোটাৰৰ ভিতৰত তেওঁ এজনো ভাল নেতা বিচাৰি নাপালে। তেওঁৰ প্ৰতি অনুগত ব্যক্তিক সমষ্টিৰ বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হৈছে। ইয়াৰ জৰিয়তে ধলাইৰ বিজেপি কৰ্মীক প্ৰত্যক্ষ অপমান, সকলো ভোটাৰক অপমান কৰা হৈছে।

এইদৰেই প্ৰাৰ্থিত্ব বঞ্চিত হোৱাৰ পিছত বিজেপি মুকলিকৈ সমালোচনা কৰা অমিয়কান্তি দাসে এতিয়া ভাষ্য সলনি কৰি পুনৰ বিজেপিতে থাকি কাম কৰিৰ কথা কৈছে। মন্ত্ৰীয় জয়ন্ত মল্ল বৰুৱায়ো অমিয়কান্তি দাসে দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা নাই বুলিও আজি সাংবাদিকৰ আগত কয়।

আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক কৌশিক ৰায় আৰু কাছাৰ জিলাৰ সভাপতি বিমলেন্দু ৰয়ৰ উপস্থিতিত অমিয় কান্তি দাসে জিলা আয়ুক্ত তথা মুখ্য নিৰ্বাচনী বিষয়া মৃদুল যাদৱৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰে। তাৰোপৰি ধলাইৰ নতুন বজাৰৰ এটি বিবাহ ভৱনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰে এক বৈঠকতো বহে বিদ্ৰোহী নেতাজন।

তাৰ পাছতেই সংবাদ মাধ্যমৰ আগত দায়ে কয়, মই বিজেপি ত্যাগ কৰিছিলো যদিও ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ত্যাগ কৰা নাছিলো। মোৰ আদৰ্শই আছিল ৰাষ্ট্ৰীয়তাবাদ। মই দলৰ বিৰোধিতা কৰা নাছিলো। বিধায়ক হ'বলৈ মই অহা নাই। মই এজন ব্যক্তিৰ বিৰুদ্ধেহে আহিছো। দলৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে ক্ষোভ আছে। জয়ন্তদায়ে সেই কথা স্বীকাৰ কৰিছে।

নাম নোলোৱাকৈয়ে জয়ন্ত মল্ল বৰুৱাক কাষত লৈয়ে অমিয় কান্তি দাসে সাংসদ পৰিমল শুক্লবৈদ্যক পুনৰ এবাৰ আক্ৰমণ কৰি কয়, তেওঁ ২৫ বছৰ ধৰি ৰাজত্ব কৰি থকাৰ পাছতো যিধৰণে উন্নয়ন হ'ব লাগিছিল সেইধৰণে উন্নয়ন হৈছে বুলি মনে নকয়। দীৰ্ঘদিন ধৰি দলত যি মৰ্যাদা পাব লাগে সেই মৰ্যাদাও পোৱা নাছিলো। এই মৰ্যদা নোপোৱাৰ কথা, মোৰ সৈতে হোৱা ব্যৱহাৰৰ কথা দলক অৱগত কৰিছিলো।

মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত তেওঁ কয়, মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে মোৰ কথা হৈছে। তেওঁ কৈছে ইয়াত কোনো ব্যক্তি প্ৰাৰ্থী হৈছে বুলি ভাবিব নালাগে, দলেই প্ৰাৰ্থী হৈছে। দলৰ স্বাৰ্থত, মুখ্যমন্ত্ৰী হিচাপে তেওঁক সন্মান জনাই মই মোৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছো।

ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অমিয় কান্তি দাসৰ প্ৰসংগত কয়, অমিয় কান্তি দাস আমাৰ দলৰ এজন ভাল জ্যেষ্ঠ নেতা। দলৰ নেতৃত্বই যেতিয়া তেখতক আগ্ৰহ প্ৰকাশ কৰিছে তেওঁ সন্মতি প্ৰকাশ কৰিছে। তেওঁ নিষ্ঠাসহকাৰে দল আগতেও কৰিছিল, এতিয়াও কৰিব।

বৰুৱাই পুনৰ কয়, তেওঁৰ ক্ষোভ এজন ব্যক্তিৰ বিৰুদ্ধে আছিল, দলৰ বিৰুদ্ধে নাছিল। মুখ্যমন্ত্ৰী, দলৰ সভাপতিৰ বিৰুদ্ধে তেওঁ কেতিয়াও এটাও কথা কোৱা নাছিল। এজন স্থানীয় ব্যক্তিৰ বিৰুদ্ধে তেখেতৰ দুই এটা অভিযোগ আছিল। দলে তেওঁক দলৰ লগত খাকি কাম কৰাত আগ্ৰহ প্ৰকাশ কৰিছে।

ইফালে পৰিমল শুক্লবৈদ্যৰ দৰে এজন জ্যেষ্ঠ নেতা থকাৰ পাছতো জয়ন্ত মল্ল বৰুৱাই বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া হোৱাৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয়, এই নিৰ্বাচনত দলৰ প্ৰভাৰী হিচাপে ময়েই আছো। সেয়ে যি কথা হ'ব ময়েই পাতিব লাগিব। এই সমষ্টিৰ দায়িত্ব দলে মোক দিছে সেয়ে মই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ হৈ কথাবোৰ পাতিব লাগিব।

তাৰোপৰি জয়ন্ত মল্ল বৰুৱাই বিজেপি দলত কোনো বিসম্বাদৰ সৃষ্টি হোৱা নাই আৰু বিসম্বাদ কৰাৰ ব্যৱস্থাও নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। আনহাতে বিজেপিৰ দলীয় বিসম্বাদৰ উপৰিও সাধাৰণ সদস্যপদো ত্যাগ কৰা অমিয় কান্তি দাসে পূৰ্বে যি দলীয় আৰু চৰকাৰী দায়িত্ব পালন কৰি আছিল সেই দায়িত্ব আগলৈয়ো পালন কৰি থাকিব বুলিও কয় মন্ত্ৰী বৰুৱায়।

উল্লেখ্য অসম বিধানসভাৰ ১১ নং ধলাই বিধানসভাত এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে নিহাৰৰঞ্জন দাসক। এইগৰাকী প্ৰাৰ্থী সাংসদ পৰিমল শুক্লবৈদ্যৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত।

Also Read: মহাপ্ৰৱঞ্চক দীপাংকৰক দিলে তিনি দিনৰ ট্ৰাঞ্জিত ৰিমাণ্ডত...

জয়ন্ত মল্ল বৰুৱা উপ নিৰ্বাচন পৰিমল শুক্লবৈদ্য ধলাই সমষ্টি