কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলে লোক সভাৰ অধ্যক্ষ ওম বিৰলায়ে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলে লোক সভাৰ অধ্যক্ষ ওম বিৰলায়ে…

author-image
asomiyapratidin
New Update
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলে লোক সভাৰ অধ্যক্ষ ওম বিৰলায়ে…

ডিজিটেল সংবাদ, বোকাখাত: দেওবাৰে কাজিৰঙাত দৰ্শন কৰিলে লোক সাভাৰ অধ্যক্ষ ওম বিৰলায়ে। কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত ঝুমুৰ নৃত্যৰে উষ্ম আদৰণি লোক সাভাৰ অধ্যক্ষ ওম বিৰলাক।

Advertisment

অধ্যক্ষ গৰাকীক সংগ দিয়ে মন্ত্ৰী অতুল বৰাই। বাগিচা খনত উপস্থিত হৈ অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত অসমৰ চাহৰ ওপৰত গুৰুত্ব পূৰ্ণ মন্তব্য কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো ইতিমধ্যে লোক সাভাত উপস্থাপন কৰা হৈছে বুলিও মন্তব্য কৰে ।

ইয়াৰ পিছতে বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰে অধ্যক্ষ গৰাকীয়ে।বাগৰি বনাঞ্চল দৰ্শন কৰি আপ্লুত হৈ পৰে অধ্যক্ষ গৰাকী। বাগৰি বনাঞ্চল দৰ্শন কৰি কাজিৰঙাৰ বন্য জন্তুৰ ওপৰতো গুৰুত্ব পূৰ্ণ মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে।

আৰু পঢ়ক: কলিয়াবৰৰ নলতলি পথাৰত দুষ্প্ৰাপ্য শগুন উদ্ধাৰ

kaziranga om birla assam