তিনিচুকীয়াত ক্ৰুড অইলৰ ভয়ংকৰ বেহা: দুজনক আটক

তেল চোৰৰ নিৰাপদ তথা সোণোলী ঘাটিত পৰিণত হৈছে তিনিচুকীয়া জিলা । জিলাখনৰ তেল অধ্যুষিত অঞ্চলসমূহত দৈনিক চুৰি হয় অপৰিশোধিত খাৰুৱা তেলৰ লগতে কনডেনচেট, ফাৰ্ণিচ অইল অথবা টি ডি আৰু ক্ৰুড অইল ।
তিনিচুকীয়াত ক্ৰুড অইলৰ ভয়ংকৰ বেহা: দুজনক আটক

ডিজিটেল সংবাদ, তিনিচুকীয়া: তেল চোৰৰ নিৰাপদ তথা সোণোলী ঘাটিত পৰিণত হৈছে তিনিচুকীয়া জিলা । জিলাখনৰ তেল অধ্যুষিত অঞ্চলসমূহত দৈনিক চুৰি হয় অপৰিশোধিত খাৰুৱা তেলৰ লগতে কনডেনচেট, ফাৰ্ণিচ অইল অথবা টি ডি আৰু ক্ৰুড অইল । তেল পৰিবাহী পাইপ ফুটাই কিম্বা অন্য পন্থাৰে টেংকাৰে টেংকাৰে তেল সংগ্ৰহ কৰি বিভিন্ন গোপন স্থানলৈ প্ৰেৰণ কৰা হয় ।

আৰক্ষীয়ে সময়ে সময়ে এই অবৈধ কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাই যদিও প্ৰায়সংখ্যকেই 'মেনেজ'ৰ জৰিয়তে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । কিয়নো আৰক্ষীৰ অভিযানত প্ৰকৃত তেলচোৰ অথবা তেল ক্ৰয়কৰা পক্ষ জালত পৰা প্ৰত্যক্ষ নহয় ।

ইয়াৰ মাজতে শনিবাৰে গোপন খবৰৰ ভিত্তিত কাকপথাৰ থানাৰ উপ-পৰিদৰ্শক মনোজ ফুকনৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ক্ৰুড অইল (টি ডি/ফাৰ্নিচিং অইল) পৰিবাহী এখন ডাম্পাৰ জব্দ কৰে । আচৰ্যজন কথাটো হ'ল জব্দকৃত এন এল ০৪ ডি ৬৩১৯ নম্বৰৰ ডাম্পাৰখন বিশেষভাৱে তেল পৰিবহনৰ উদ্দেশ্যে নতুন ৰূপত নিৰ্মাণ কৰি উলিওৱা হৈছে ।

ডাম্পাৰখনৰ পিচফালটোত ভেল্ভসহ এটা টেংকি স্থাপন কৰা হৈছে । আৰক্ষী বা সৰ্বসাধাৰণৰ চকুত ধূলি দিবলৈ টেংকিৰ ওপৰত প্ৰায় তিনি ইঞ্চিৰ এক বালিৰ তৰপ দিয়া হৈছে । এইদৰেই আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি জিলাখনত চোৰাং তেলৰ ৰমৰমীয়া বেহা অব্যাহত আছে । জব্দকৃত ডাম্পাৰখনত ছয়ৰ পৰা সাত হেজাৰ লিটাৰ তেল থকা বুলি ঠাৱৰ কৰা হৈছে ।

আজিৰ অভিযানত আৰক্ষীৰ দলটোৱে তেলচোৰে ব্যৱহাৰ কৰা এ এচ ২৩ ডি ৭৮৩১ নম্বৰৰ এখন অল্ট' বাহনো জব্দ কৰে । উপ-পৰিদৰ্শক মনোজ ফুকনে সদৰি কৰা অনুসৰি তেল পৰিবাহী ডাম্পাৰখন মাকুমৰ পৰা ডিৰাক গে'ট হৈ অৰুণাচললৈ ৰাওনা হৈছিল । অভিযানত ডাম্পাৰখনৰ চালকৰ আসনত অহা গৰাকী বৰডুমচা থানাৰ অন্তৰ্গত তিনিআলি নগাঁৱৰ খৰ্গজ্যোতি গগৈ (৩০) আৰু অল্ট'খনত অহা তিনিচুকীয়াৰ লোহাৰী কছাৰী ভীমপাৰা গাঁৱৰ জীৱন দহোটীয়া (২৫) নামৰ দুজন তেলচোৰক আটক কৰা বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ।

ইফালে জব্দকৃত ডাম্পাৰখন প্ৰত্যক্ষ কৰি তেলচোৰে দক্ষিণ ভাৰতৰ জনপ্ৰিয় বোলছবি 'পুষ্পা'ক অনুকৰণ কৰা বুলি স্থানীয় লোকে চৰ্চা কৰিছে । স্মৰ্তব্য যে 'পুষ্পা' বোলছবিত আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন কায়দাৰে ৰঙা চন্দন সৰবৰাহ কৰোৱা দৃশ্য বিদ্যমান ।

তিনিচুকীয়াত ক্ৰুড অইলৰ ভয়ংকৰ বেহা: দুজনক আটক
আহমেদাবাদত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে ক্ৰিকেট খেল উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in