লামডিং আৰক্ষীয়ে জব্দ কৰিলে চোৰাং তেল ভৰ্তি বাহন, গ্ৰেপ্তাৰ এজন

লামডিং আৰক্ষীয়ে জব্দ কৰিলে চোৰাং তেল ভৰ্তি বাহন, গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ, লামডিং: আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰদান কৰা কঠোৰ নিৰ্দেশৰ পিছতেই দুৰ্নীতি বিৰুদ্ধে অধিক তৎপৰ হোৱা দেখা গৈছে অসম আৰক্ষী ৷ ইয়াৰ সমান্তৰালভাৱে লামডিঙ আৰক্ষীয়েও দুৰ্নীতি বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এইবাৰ চোৰাং তেলৰ বেহা উৎখাত কৰাৰ অভিযানত নামিছে লামডিং আৰক্ষী ৷

অভিযোগ অনুসৰি লামডিঙত চলিছে চোৰাং তেলৰ ব্যৱসায় ৷ মঙলবাৰে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাই তেল চুৰিৰ চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ অভিযোগ অনুসৰি লামডিং আইঅচিএলৰ তেলক লৈ চোৰাং বেহা চলাই গৈছে এটা চক্ৰই ৷ কাৰ ছত্ৰছায়াত লামডিঙত চোৰাং তেলৰ ক'লা ব্যৱসায় অব্যাহত আছে সেই ৰহস্য উদ্ঘাটন কৰিবলৈ খোদ হোজাইৰ আৰক্ষী অধীক্ষক গৰাকীও সক্ৰিয় হৈ পৰিছে ৷

হোজাই আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত আজি লামডিং-হাফলং ৰ'ড ৰ জৰাংদিচাৰ প্ৰণৱানন্দ বিদ্যামন্দিৰ বিদ্যালয়ৰ সমীপতে লামডিং আৰক্ষীয়ে চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং তেল সহ তেলৰ টেংকাৰ আৰু এখন টাটা এচিই গাড়ীৰ লগতে ৪২০ লি: চুৰি তেল ভৰ্তি ড্ৰাম জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে টেংকাৰখনৰ চালক দিলীপ দাসক ঘটনাস্থলীৰ পৰা আটক কৰে ৷

আৰক্ষীয়ে AS 01 H C 3011 নম্বৰৰ তেলৰ টেংকাৰ আৰু AS 01 NC 8534 নম্বৰৰ টাটা এচিই খন জব্দ কৰে আৰক্ষীয়ে ৷ লামডিঙত চলি থকা চোৰাং তেলৰ লগত কোন কোন জড়িত আছে সেই সন্দৰ্ভত লামডিঙ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ চোৰাং তেলৰ লগত IOCL ৰ বিভাগৰ কোনো বিষয়া তথা কৰ্মচাৰী জড়িত আছে নেকি সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব।

লামডিং আৰক্ষীয়ে জব্দ কৰিলে চোৰাং তেল ভৰ্তি বাহন, গ্ৰেপ্তাৰ এজন
২০০০ কোটি টকা ব্যয় সাপেক্ষে ভাৰত-চীন সীমান্তলৈ নিৰ্মাণ হ'ব ৬ কিলোমিটাৰ দৈৰ্ঘৰ সুৰংগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in