/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/214084c8-3c50-4d5b-bf41-39c54f2766e8/keshab_daa.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথঃ উৰিষ্যাত ৰে'ল দুৰ্ঘটনাত আহত হোৱা বিশ্বনাথৰ মৰলগাঁৱৰ যুৱক ৰূপক দাসৰ ঘৰত দেওবাৰে সন্ধিয়া উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।
ৰূপক দাসৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ঘৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পিতৃ মাতৃৰ সৈতে প্ৰায় ১৫ মিনিট বাৰ্তালাপ কৰে। কেশৱ মহন্তই ৰূপক দাসৰ খবৰটো জানিব পাৰি লগে লগেই বিশ্বনাথস্থিত ৰূপক দাসৰ পিতৃ মাতৃৰ লগত টেলিফ'নিক বুজ লৈ সমস্ত বিষয়টো মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত মিলিত হৈছিল বুলি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1a711496-8dd1-4f12-9375-942a9c8d24eb/351316208_1199699317366123_1342432914217957549_n.jpg)
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত দুজনকৈ বিষয়া আৰু চিকিৎসক উৰিষ্যালৈ প্ৰেৰণ কৰে। ইতিমধ্যে অসমৰ পৰা যোৱা স্বাস্থ্য বিভাগৰ দলটো আৰু বিষয়া দুগৰাকীয়ে উৰিষ্যাত উপস্থিত হৈ ৰূপক দাসৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে পিতৃ গৃহৰ পৰাই ৰূপকৰ লগত বাৰ্তালাপ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d56cdb2f-adf9-4f3d-a1dc-a32191faee9b/351316208_1199699317366123_1342432914217957549_n.jpg)
ইফালে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, দলটোৱে উৰিষ্যাৰ চিকিৎসালয়ত থকা ৰূপক দাসৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব যে ৰূপক দাসক অসমলৈ অনা হ'ব নে উৰিষ্যাতে চিকিৎসা কৰোৱা হ'ব।
Also Read: কাংকী বেলগুৰি বহুমুখী সমবায় সমিতিৰ নিৰ্বাচনত বিজেপিৰ ১৫ প্ৰাৰ্থী বিজয়ী