বলাৎকাৰীক লৈ ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান...

বলাৎকাৰীক লৈ ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান...

author-image
Asomiya Pratidin
New Update
বলাৎকাৰীক লৈ ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান...

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ অপৰাধত মঃ নুৰ আলী নামৰ এগৰাকী ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৩০ হাজাৰ টকাৰ জৰিমণা বিহে। ধৰ্ষণকাণ্ডটো সংঘটিত হৈছিল ২০১৫ চনৰ ২২ জুলাই তাৰিখে। ঘটনা অনুসৰি ওদালগুৰি জিলাৰ ৰৌতা বাগান গাওঁৰ এগৰাকী যুৱতীয়ে সন্ধিয়া প্ৰায় ৬ মান বজাত দলগাওঁৰ পৰা ৰৌতা চাৰিআলিলৈ অহাৰ উদ্দেশ্যে মেজিক বাহনত উঠিছিল।

Advertisment

কিন্তু বাহনখন আহি ঝাৰগাওঁ পোৱাৰ সময়ত সকলো যাত্ৰী নামি যোৱাত বাহনখনত কেৱল যুৱতীগৰাকী যাত্ৰী হিচাপে আছিল। তেনে সময়ত বাহনৰ চালকগৰাকীয়ে বাহনখন ৰৌতাৰ সলনি অন্য পথেৰে নিয়ে। ইয়াৰ পাছত অপৰাধী নুৰ মহম্মদকে ধৰি কেইৱাগৰাকী লোকে যুৱতীগৰাকীক কোনো অচিনাক্ত স্থানত আৱদ্ধ কৰি নিশা ধৰ্ষণ কৰে।

ইয়াৰ পাছত যুৱতীগৰাকীক পুৱা মুকলি কৰি দিয়াত তাই সমীপৰ মানুহক ঘটনাটো অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। উক্ত ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে ৰৌতা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ৰৌতা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(ডি) ধাৰাৰ অধীনত ৬৭/১৫ নম্বৰত এক গোচৰ ৰুজু হয়।

গোচৰটো পৰৱৰ্তী সময়ত ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতত ঘটনা সন্দৰ্ভত একেটা ধাৰাৰ অধীনত ৫৯/২০১৮ নম্বৰত গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰ সন্দৰ্ভত আদালতত চলা যুক্তিৰ অন্তত এছ এন দেউৰীৰ আদালতে ৰৌতাৰ আমিনপাৰা গাওঁৰ মঃ নুৰ আলীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৩০ হাজাৰ টকাৰ জৰিমণা বিহে। লগতে ঘটনাত জৰিত আন এগৰাকী অভিযুক্ত ৰৌতাৰ সিধাখোৱা গাওঁৰ ছানাউল্লাহক এই গোচৰৰ পৰা ৰেহাই প্ৰদান কৰে।

ওদালগুৰি