”মোক চাকৰিৰ পৰা নিলম্বন কৰক”এগৰাকী আৰক্ষী কনিষ্টবলৰ কাতৰ আহ্বান…

”মোক চাকৰিৰ পৰা নিলম্বন কৰক”এগৰাকী আৰক্ষী কনিষ্টবলৰ কাতৰ আহ্বান…

author-image
asomiyapratidin
New Update
”মোক চাকৰিৰ পৰা নিলম্বন কৰক”এগৰাকী আৰক্ষী কনিষ্টবলৰ কাতৰ আহ্বান…

ডিজিটেল সংবাদ, বিহপুৰীয়া: বিহপুৰীয়া আৰক্ষী থানাৰ অ'চি উৎপল বৰাৰ বিৰুদ্ধে বিৰুদ্ধে প্ৰানে মৰাৰ অভিযোগ উত্থাপন কৰিছে একেখন থানাৰে কনিষ্টবল প্ৰেমধৰ নৰহে। অভিযোগ অনুসৰি যোৱা ১৮ এপ্ৰিলৰ সন্ধিয়া এটা সাধাৰণ কথাতে গাড়ী চালক সীমান্ত বৰাৰ সহযোগত আৰক্ষী বিষয়া গৰাকীয়ে নিজৰ কাৰ্যালয়ত দৰ্জা বন্ধ কৰি উপৰ্যুপৰি প্ৰহাৰ কৰে কনিষ্টবল গৰাকীক।

Advertisment

কনিষ্টবল গৰাকীক ডিঙি চেপি হত্যা কৰিব বিচৰা বুলিও বিষয়া গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।পৰৱৰ্তী সময়ত চিকিৎসাধীন হ'ব লগা হোৱা আৰক্ষীৰ কনিষ্টবল গৰাকীয়ে পিছদিনাই লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক ঘটনাৰ ন্যায় বিচাৰী লিখিত অভিযোগ দাখিল কৰে যদিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰিলে।

অৱশেষত মুখ্যমন্ত্ৰী ড.হিমন্তবিশ্ব শৰ্মা আৰু ডিজিপি ৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি কাতৰ আহ্বান জনাইছে কনিষ্টবল গৰাকীয়ে।প্ৰয়োজন হ'লে চাকৰিৰ পৰা নিলম্বন কৰিবলৈও আহ্বান জনাইছে কনিষ্টবল গৰাকীয়ে।এই সন্দৰ্ভত নৰ্থ লখিমপুৰ প্ৰেছক্লাবত কনিষ্টবল গৰাকীয়ে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷

আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে পুনৰ একে অভিযোগ উত্থাপন কৰে ৷ অনাহকত কনিষ্টবল গৰাকীক মাৰধৰ কৰি প্ৰাণে মৰা চেষ্টা কৰে বুলি আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে গুৰুততৰ অভিযোগ লিখিত ৰূপত জিলাৰ শীৰ্ষ আৰক্ষীক দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ কনিষ্টবল গৰাকীৰ ৷ প্ৰাণৰ সংশয়ৰ মাজত কৰ্তব্য সম্পাদন কৰা সম্ভৱ নহয় বুলি কনিষ্টবল গৰাকীয়ে উল্লেখ কৰে আৰু তেওঁক চাকৰিৰ পৰা নিলম্বন কৰক অথবা আৰক্ষী বিষয়া গৰাকী আৰু আনগৰাকী ইউ বি কনিষ্টবলৰ ওপৰত ব্যৱস্থা লওক ডি জি পি এ ৷

আৰু পঢ়ক: অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল…

bihpuria assam