ইচ্ছাধাৰী নাগ-নাগিনে বাস কৰা নুমলীগড়ৰ পিঠালি পুখুৰী

সোণৰ নাওঁ-শিকলি, বাচন-বৰ্তনৰ অনেক অলৌকিক কাহিনী বিজড়িত নুমলীগড়ৰ পিঠালি পুখুৰী। তিনিশ বছৰ পুৰণি বৰগছত চলে পূজা-অৰ্চনা। ঐতিহাসিক কিংবদন্তি আৰু আস্থা জড়িত স্থানক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ আহ্বান স্থানীয়লোকৰ।

author-image
Asomiya Pratidin
New Update
ইচ্ছাধাৰী নাগ-নাগিনে বাস কৰা নুমলীগড়ৰ পিঠালি পুখুৰী

ডিজিটেল সংবাদ, নুমলীগড়ঃ ধৰ্মীয় আস্থা, ঐতিহাসিক কিংবদন্তি জড়িত নুমলীগড়ৰ এখন অখ্যাত স্থান হৈছে- পিঠালি পুখুৰী। নুমলীগড় চাহ বাগিচাৰ মধ্যভাগত অৱস্থিত এই পুখুৰীত সোণৰ নাও, সোণৰ চেইন আছিল বুলি কিংবদন্তি আছে। এই পুখুৰীত ৰাইজে সকাম-নিকাম আদিৰ বাবে চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা জনালে বাচন-বৰ্তন লাভ কৰিছিল। ইয়াতে ইচ্ছাধাৰী নাগ-নাগিনে বাস কৰিছিল। এই প্ৰবাদসমূহ নুমলীগড় চাহ বাগিচাৰ ৰাইজৰ মুখেৰে শুনা যায়।

Advertisment

অনেক ধৰ্মীয় আস্থা-বিশ্বাসেৰে সমৃদ্ধ এই স্থানত তিনিশ বছৰৰো অধিক পুৰণি গছ আছে। এজোপা পুৰণি বৰগছৰ তলত শিৱলিংগ স্থাপন কৰি পূজা অৰ্চনা কৰা দেখা যায়। অঞ্চলটোৰ এগৰাকী মহিলাই দৈনিক অকলশৰে এই জয়াল পৰিৱেশত আহি পূজা-অৰ্চনা কৰি যায়। নুমলীগড় গাওঁ পঞ্চায়তৰ তৰফৰ পৰা এটি সৰু কীৰ্তন ঘৰো নিৰ্মাণ কৰি দিছে। অঞ্চলটোৰ ৰাইজে বিভিন্ন সময়ত আহি ইয়াত পূজা-অৰ্চনা কৰাৰ লগতে কীৰ্তন-ভজনো কৰে। কিন্তু বৰ্তমানেও এই পুখুৰী আৰু ইয়াৰ মাহাত্ম্য, ঐতিহাসিক স্থিতি আদিৰ বিষয়ে চৰ্চা হোৱা নাই।

জনশ্ৰুতি আছে যে পুখুৰীটোত সোণৰ নাও আৰু শিকলি দুটা প্ৰজন্মৰ আগলৈকে আছিল। শিকলি টানি এঠাইত থোপ খোৱাই এৰি দিলে পুনৰ ঝন ঝন শব্দৰে পুনৰ আগৰ স্থানলৈ গুচি গৈছিল। ইপিনে, আহোম আৰু কছাৰীৰ অনেক বুৰঞ্জীৰ সম্বলেৰে পৰিপূৰ্ণ এই বৃহত্তৰ অঞ্চলটোত থকা এই পিঠালি পুখুৰী সম্প্ৰতি ঐতিহাসিক স্থিতি সম্পৰ্কেও বিশেষ অধ্যয়ন কৰা দেখা নগ'ল। সম্প্ৰতি হাবি-জংঘলেৰে ভৰি থকা পুখুৰী চাফা কৰি অধ্যয়ন চলালে নিশ্চিতভাৱেই কোনো ঐতিহাসিক ৰহস্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা আছে। ইপিনে, পুখুৰীৰ সংৰক্ষণ কৰাৰ লগতে এই স্থানক সজাই-পৰাই ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক সচেতন নাগৰিকে আহ্বান জনাইছে।

Also Read: হাজোত ৩ সুদখোৰ গ্ৰেপ্তাৰ

assam numoligarh