নুমলীগড়ত দিব্যাংগ ছাত্র-ছাত্ৰীৰ বাবে বিশেষ উদ্যোগ...

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাবে 'কৈশোৰৰ পৰা প্ৰাপ্তবয়স্কৰ অনুষ্ঠান'

author-image
Asomiya Pratidin
New Update
নুমলীগড়ত দিব্যাংগ ছাত্র-ছাত্ৰীৰ বাবে বিশেষ উদ্যোগ...

ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত দিব্যাংগ ছাত্র-ছাত্ৰীৰ বাবে বিশেষ অনুষ্ঠান। দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাবে 'কৈশোৰৰ পৰা প্ৰাপ্তবয়স্কৰ অনুষ্ঠান' সমগ্ৰ শিক্ষা অভিযানৰ পোষকতাত আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান।

Advertisment

অনুষ্ঠানটিক আঁত ধৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই। অনুষ্ঠানত নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে দিব্যাংগৰ সমল ব্যক্তি বগাই চিন্তেই।

আনহাতে বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে দিব্যাংগ তথা ইউটিউবাৰ দুলাল ৰবিদাসে। দিব্যাংগ কৈশোৰৰ পৰা প্ৰাপ্তবয়স্কৰ কাৰ্যক্ৰমনিকাৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুকলি কুইজ, চিত্ৰাংকন, ৰচনা আৰু নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়।

Also Read: স্বৰ্ণ জয়ৰ দুৱাৰডলিত লাভলীনা : বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অসম কন্যা

assam education