ৰাজ্যিক শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত নুমলিগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়া

ৰাজ্যিক শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত নুমলিগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়া

author-image
asomiyapratidin
New Update
ৰাজ্যিক শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত  নুমলিগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়া

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা, ২০১৯ৰ বাবে নিৰ্বাচিত হৈছে নুমলিগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়া। বিদ্যালয়খন সুচাৰুপূপে পৰিচালনা কৰাৰ লগতে শিক্ষাক্ষেত্ৰলৈ তেওঁ অৱদান আগবঢ়োৱাৰ বাবে শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষকগৰাকীক প্ৰদান কৰিব এই বঁটা।

মহানগৰীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰণ অনুষ্ঠানত প্ৰদান কৰা হ'ব এই সন্মান। ইতিমধ্যে এই বঁটা গ্ৰহণ কৰিবৰ বাবে আনুষ্ঠানিকভাবে নিমন্ত্ৰণ কৰা হৈছে শিক্ষকগৰাকীক। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰেৰণ কৰা এখন নিমন্ত্ৰণী পত্ৰত ৪ ছেপ্তেম্বৰৰ বিয়লি ৪ বজাত শিক্ষকগৰাকীক কলাক্ষেত্ৰত উপস্থিত হ'বৰ বাবে আহ্বান জনোৱা হৈছে।