নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ…

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ…

author-image
asomiyapratidin
New Update
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ…

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ অন্তৰ্গত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বিদ্যালয়খন প্ৰত্যক্ষ কৰে। উপায়ুক্ত বৰুৱাই বিদ্যালয়খন প্ৰত্যক্ষ কৰি আপ্লুত হয়। বিদ্যালয়খনৰ কলা কৃষ্টিৰ পৰিদৰ্শন কৰাৰ লগতে শ্ৰেণী কোঠাও প্ৰত্যক্ষ কৰে। বিদ্যালয়ৰ পৰিৱেশ, গছ-গছনি দেখি বিদ্যালয় কৰ্তৃপক্ষক শলাগ লয়। বিদ্যালয়ৰ তৰফৰ পৰা উপায়ুক্ত গৰাকীক কিতাপৰ টোপোলা, জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Advertisment

উল্লেখ্য যে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ১৬ খন ভিন্ন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হৈছিল। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰচেষ্টাৰে এই প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰিছিল।

আৰু পঢ়ক : স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাক বৰমা ছোৱালী হাইস্কুলৰ সম্বৰ্ধনা…

assam golaghat numaligarh