/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/road-a.png)
ডিজিটেল সংবাদ, বোকাখাত: নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণুপুৰত মঙলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷
ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষত ৰখাই থোৱা এখন হাইড্ৰা ( ক্ৰেইন ) ত পিছফালৰ পৰা বাইকে খুন্দা মৰাৰ ফলত ৰংবং অঞ্চলৰ সৰবৰহী তথা বিজেপি দলৰ সক্ৰিয় কৰ্মী গণেশ ছেত্ৰী থিতাতে নিহত হয় ৷
ইয়াৰ পিছতে পৰিস্থিতি উতপ্ত হৈ পৰে ঘাইপথটোত ৷ স্থানীয় ৰাইজে ঘাইপথটো অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ নীতি বহিৰ্ভূত ভাবে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষত এন আৰ এল ৰ বিভিন্ন কামত নিয়োজিত বিভন্ন বৃহৎ যন্ত্ৰ পাতি কঢ়িয়াই অনা গাড়ী , ক্ৰেইন , টেংকাৰ , ট্ৰাক আদি য'তে ত'তে ৰখাই থোৱাৰ ফলত অঞ্চলটোত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷
কিন্তু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে ব্যবস্থা নোলোৱাৰ অভিযোগ কৰি পথ অবৰোধেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷ অৱশেষত গোলাঘাট সদৰ আৰক্ষী কেইবাজনো বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
আৰু পঢ়ক: