/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/98030f8f-a617-4c4c-8c4d-668452523453/k.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত এলেকাত লোৰ টুকুৰা বিচৰা এজন যুৱকৰ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। উল্লেখ্য যে নুমলীগড় শোধনাগাৰ প্ৰকল্পৰ ৩মিলিয়ন মেট্ৰিক টন বাৰ্ষিক শোধন ক্ষমতাৰ সম্প্ৰাসাৰণেৰে ৯ মিলিয়ন মেট্ৰিক টনলৈ উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8b9ce32b-2991-410c-a40e-2cf3f9863263/a041be31_2b7f_4929_aa93_8c83df362a10.jpg)
শোধনাগাৰৰ সম্প্রসাৰণৰ বাবে ৰজাবাৰী চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰি শোধনাগাৰৰ তৰফৰ পৰা চলোৱা হৈছে নিৰ্মাণকাৰ্য। একেদৰে, শোধনাগাৰৰ ভিতৰচৰাত কিছুমান প্ৰকল্প সংস্থাপনৰ বাবে পাইলিঙৰ কাম কৰি থকা হৈছে আৰু ইয়াৰ পৰা নিষ্কাষিত মাটি এই ৰজাবাৰী চাহ বাগিচাৰ পৰা লোৱা নতুন ভূমিত পিচফালৰ দ্বাৰেদি পেলাই থকা হৈছে।
কিন্তু, এই ভিতৰৰ পৰা উলিয়াই অনা মাটিৰ সৈতে সৰু-বৰ লো, এলোমিনীয়াম, তামকে আদি কৰি মূল্যবান ধাতুৰ অংশও আহে। সেয়েহে, ভিতৰৰ পৰা ওলাই অহা প্ৰতিখন মাটি ভৰ্তি ডাম্পাৰৰ পিছে পিছে একাংশ লোকে দৌৰ দিয়ে। এই প্ৰক্ৰিয়া বিগত প্ৰায় ৬ মাহ ধৰি চলি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/edc0e382-f3dc-4b2e-92d0-c1326c978bcd/eb72a949_085c_46a7_931a_fc261abeb1f9.jpg)
ইতিমধ্যে এনে ডাম্পাৰৰ পৰা বহু লোক আঘাতপ্ৰাপ্তও হৈছে। তথাপি, কেইটামান টকা উপাৰ্জন কৰাৰ মোহত জীৱনকো তুচ্ছ জ্ঞান কৰি ধূলিময় পৰিবেশৰ মাজত একাংশ লোকে গাড়ীৰ পিছে পিছে দৌৰ দি আহিছে। ইয়াৰ ভয়ানক পৰিণতি স্বৰূপেই বুধবাৰে এজন যুৱকে প্ৰাণ হেৰুৱাব লগা হয়।
ঘটনাৰ বিৱৰণ অনুসৰি, এন আৰ এলৰ ভিতৰৰ পৰা আজি আবেলি মাটি লৈ ওলাই অহা এএছ-০২এফ-৩১৭০ নম্বৰৰ এখন চলন্ত ডাম্পাৰৰ ওপৰত লোৰ টুকুৰা বিচাৰি বিকাশ গড় (৩০) নামৰ এজন যুৱক উঠিবলৈ লৈছিল। কিন্তু, হঠাতে তেওঁৰ ভৰি পিচলি সৰি পৰিল। ইয়াৰ লগে লগে ডাম্পাৰখনৰ পিচৰ চকা শৰীৰত উঠি যোৱাত বিকাশ গড় নামৰ যুৱকজন থিতাতে নিহত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0d70349f-d7ae-49b5-a65c-c75d446c00a6/08417fb9_42ec_43db_9cfc_60007a23f66a.jpg)
আৰু পঢ়কঃ পৰম্পৰা আৰু ৰীতি, নীতিৰে জোনাইত আলি-আয়ে লৃগাংঃ চাওঁক ইয়াৰ তাৎপৰ্য আৰু অৰ্থ...