কালিয়নী চাহ বাগিচাত বন্য হাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু

নুমলীগড়ৰ সমীপৰ ২ নং বুঢ়াগোহাঁইখাটৰ কালিয়নী চাহ বাগিচাত বন্যহাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু৷

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ অসম-মেঘালয় সীমান্তত ৪০/৫০জনীয়া বন্যহস্তীৰ উপদ্রৱ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ নুমলীগড়ৰ সমীপৰ ২ নং বুঢ়াগোহাঁইখাটৰ কালিয়নী চাহ বাগিচাত বন্য হাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু৷ বন্যহস্তীৰ জাক এটাই দীৰ্ঘ দিনৰ পৰা কালিয়নী চাহ বাগিচাত অৱস্থান কৰি আছিল৷ হাতীৰ জাকটো বস্তিত প্ৰবেশ কৰাৰ সময়তে খুদ খাড়িয়া নামৰ লোকজনক আক্ৰমণ কৰে হাতীয়ে৷

Advertisment

গুৰুতৰ ভাবে আহত লোক জনক ইতিমধ্যে স্থানীয়লোকে বকিয়াল বন বিভাগৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও পথতে মৃত্যু হয় লোকজনৰ৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে

Also Read: যোগাভ্যাস, ব্ৰত আৰু ভিগেনঃ মুখ্য ন্যায়াধীশে ক'লে নিজৰ ফিটনেছৰ ৰহস্য...