/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1965b7ef-62ba-47f8-986f-1e355e444977/hatsingimari.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত আজি ৫৩ সংখ্যক ৰাষ্ট্রীয় সেৱা যোজনা দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্রীয় সেৱা যোজনা আঁচনিৰ হাটশিঙিমাৰী গোটৰ উদ্যোগত মহাবিদ্যালয় খনৰ প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহাবিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বখতিয়াৰ খিলঞ্জী, ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলাম, এন এছ এছৰ কাৰ্যক্ৰম বিষয়া ড০ মহাম্মদ আব্দুল কৰিম শেখৰ লগতে কেইবা গৰাকী প্ৰবক্তা উপস্থিত থাকে।
ৰাষ্ট্ৰীয় সেৱা যোজনাৰ আৰম্ভ আৰু ইয়াত অংশগ্ৰহণ কৰিলে সমাজৰ বাবে কি কি কৰিব লাগে তাক লৈও বিস্তাৰিত ভাবে আলোচনা কৰা হয়। মন কৰিবলগীয়া যে হাটশিঙিমাৰী মহাবিদ্যালয়ত ২০১৭ চনৰ পৰা ৰাষ্ট্রীয় সেয়া যোজনা গোট গঠন কৰা হৈছে। তেতিয়াৰ পৰাই বাল্য বিবাহ, ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন কাৰ্য্যসূচী হাতত লোৱাৰ লগতে বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আছে। অনাগত দিনত যাতে সমাজৰ বাবে আৰু অধিক কাম কৰিব পাৰে তাৰ বাবেও সংকল্প লয় ।