/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/naga.jpg)
ডিজিটেল সংবাদ, বাখা: নাগালেণ্ড আৰক্ষী ক্ৰাইম ব্ৰাঞ্চে মঙগলবাৰে এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰৰ বাৰ্মা কেম্প অঞ্চলৰ ধনদাবী কৰি অতিষ্ঠ কৰা এন এছ চি এন কেৰ জি পি আৰ এনৰ গোট দুগৰাকী দুধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰে ।
গ্ৰেপ্তাৰ কৰা এন এছ চিনৰ কেডাৰ দুজন হৈছে ছাৰ্জেণ্ট মেজৰ অডেড য়েপথমি আৰু অডেড ঝিমমি । তেওঁলোকৰ হাতৰ পৰা আৰক্ষী নগদ ২১,৬৫০ টকা ধনদাবী পত্ৰ, এটা ৩২ পিষ্টল আৰু সাত জাই সজীৱ গুলী উদ্ধাৰ কৰে । পিছত ক্ৰাইম দুয়ো জনকে ইষ্ট ডিমাপুৰ থানাত চমজাই দিয়ে ।
আৰু পঢ়ক: নগা ৰাজনৈতিক সমস্যা সমাধানত প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ এছ চি জমিৰৰ ভূমিকা বিচৰা নাই NSCN(IM)য়ে