অৰুণাচল প্ৰদেশত এন এছ চি এন খাপলাং গোটৰ কেপ্তেইনক গ্ৰেপ্তাৰ

বৰ্তমান ৱাংজেনক অধিক জেৰাৰ বাবে লংডিং থানাত ৰখা হৈছে
অৰুণাচল প্ৰদেশত এন এছ চি এন খাপলাং গোটৰ কেপ্তেইনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ ,বেকাজানঃ মংগলবাৰে নিশা অসম ৰাইফলছৰ লংডিং বেটেলিয়ন আৰু টিৰাপ আৰক্ষীয়ে এন এছ চি এন খাপলাং গোটৰ (কে-ৱাই )ৰ এজন স্বয়ম্ভু কেপ্তেইনক গ্ৰেপ্তাৰ কৰে। ৱাংগবেট ৱাংজেন নামৰ এন এছ চিএন কেৰ কেপ্তেইনজন কানুবাৰী অঞ্চলৰ ‘ৰাজাপিও’ও আছিল।

জানিব পৰা মতে তেওঁ খাপলাং ফৈদৰ হৈ লংডিং জিলাত অবৈধ ধন দাবীৰ অভিযানৰ দায়িত্বত আছিল। শেহতীয়াকৈ তেওঁ গাঁৱৰ মানুহ আৰু ব্যৱসায়ীক ধন দাবীৰ ভাবুকি দিয়াত জড়িত থকাৰ কথা স্বীকাৰ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ ২০২২ চনৰ মে’ মাহত কানুবাৰী অঞ্চলৰ লাউকচিম গাঁৱৰ এইচ জি বি অপহৰণত জড়িত আছিল। বৰ্তমান ৱাংজেনক অধিক জেৰাৰ বাবে লংডিং থানাত ৰখা হৈছে।

অৰুণাচল প্ৰদেশত এন এছ চি এন খাপলাং গোটৰ কেপ্তেইনক গ্ৰেপ্তাৰ
তিতাবৰত দুই প্ৰশাসনিক বিষয়াৰ মাৰপিট

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in